• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 2, 2026 9:30 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চেন্নাইৰ এখন চৰকাৰী বাছত শুকুৰবাৰে পুৱা সদায় দেখা পোৱা কণ্ডাক্টৰজনৰ সলনি স্বয়ং মুখ্যমন্ত্ৰীক টিকট বিতৰণ কৰি থকা দেখি আচৰিত হৈ পৰে যাত্ৰীসকল। তামিলনাড়ুৰ মুখ্যমন্ত্ৰী চি. জোছেফ বিজয়ে চহৰৰ বাছখনত উঠি মহিলাসকলৰ হাতত বিনামূলীয়া যাত্ৰাৰ টিকট তুলি দিয়ে। ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ ‘ভেট্ৰি পয়নম’ (বিজয়ৰ যাত্ৰা) প্ৰকল্পৰ পৰিসৰ বৃদ্ধিৰ শুভাৰম্ভ কৰিবলৈ গৈয়েই তেওঁ এই ব্যতিক্ৰমী ৰূপত অৱতীৰ্ণ হয়। বাছখনৰ ভিতৰত সাধাৰণ যাত্ৰীসকলৰ সৈতে হাঁহিমুখে মত-বিনিময় কৰাৰ লগতে তেওঁ নিজে টিকট বিতৰণ কৰে। বাছত থকা কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে আনন্দ মনেৰে মুখ্যমন্ত্ৰীৰ সৈতে চকলেট ভাগ-বাটোৱাৰা কৰি খায়, যিয়ে মুহূৰ্ততে বাছখনৰ পৰিৱেশ অধিক উমাল কৰি তোলে।

মহিলা, পিছপৰা শ্ৰেণী আৰু তৃতীয় লিংগৰ লোকসকলৰ বাবে প্ৰযোজ্য এই ‘ভেট্ৰি পয়নম’ প্ৰকল্পৰ পৰিসৰ এইবাৰ তামিলনাড়ু চৰকাৰে যথেষ্ট সম্প্ৰসাৰণ কৰিছে। এতিয়াৰ পৰা ৰাজ্যখনৰ সাতটা পৰিবহণ নিগমৰ অধীনৰ মুঠ ১২,৬৯৫ খন বাছত হিতাধিকাৰীসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। পূৰ্বতে কেৱল নিৰ্বাচিত সাধাৰণ বাছতহে এই সুবিধা আছিল যদিও বৰ্তমান এক্সপ্ৰেছ, ডিলাক্স, মফচলীয় আৰু পাহাৰীয়া অঞ্চলৰ নিৰ্দিষ্ট বাছতো এই ৰেহাই লাভ কৰা যাব। এই সুবিধা লাভ কৰাৰ বাবে কোনো আয়ৰ সীমা বান্ধি দিয়া হোৱা নাই আৰু দিনটোত যিমানবাৰ ইচ্ছা সিমানবাৰ বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। চৰকাৰী হিচাপ মতে, এই প্ৰকল্প সম্প্ৰসাৰণৰ ফলত প্ৰতিদিনে ৰাজ্যখনৰ প্ৰায় ৮৪ লাখ ৩২ হাজাৰ মহিলা উপকৃত হ’ব।

Apply Now

সাধাৰণ মানুহৰ সৈতে সহজে মিলি যোৱাৰ বাবে পৰিচিত বিজয়ে এইদৰে জনসাধাৰণৰ কাষ চপা কাৰ্য এইটোৱেই প্ৰথমবাৰ নহয়। ইয়াৰ পূৰ্বেও সচিবালয়ৰ পৰা পেৰাম্বুৰলৈ বাছৰ সাধাৰণ আসনত বহি নিজে পইচা দি টিকট কাটি যাতায়াত কৰি তেওঁ নিজৰ সৰলতাৰ পৰিচয় দিছিল। ইয়াৰ উপৰি মেত্তুৰ ভ্ৰমণৰ সময়ত বাটৰ কাষৰ ফাৰ্ম হাউছত হঠাৎ গাড়ী ৰখাই বয়োজ্যেষ্ঠ লোকসকলৰ সৈতে কথা পতা অথবা হাঁহিমুখে নিজৰ বহুমূলীয়া চশমাযোৰ এগৰাকী বৃদ্ধা মহিলাক পিন্ধাই দিয়াৰ দৃশ্য ছচিয়েল মিডিয়াত বহুলভাৱে চৰ্চিত হৈছিল। শুকুৰবাৰে বাছৰ কণ্ডাক্টৰৰ ভূমিকাত অৱতীৰ্ণ হৈ টিকট বিতৰণ কৰা এই দৃশ্যই আকৌ এবাৰ তেওঁৰ সাধাৰণ আৰু সৰল স্বভাৱটোকে সকলোৰে মাজত তুলি ধৰিলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

শিৱাজী পাৰ্কত ‘ককৰোচ জনতা পাৰ্টি’ৰ তীব্ৰ প্ৰতিবাদ, সমৰ্থন জনাবলৈ আহিল নাচিৰুদ্দিন শ্বাহ আৰু জাভেদ আখতাৰ

October 2, 2026 7:30 pm
তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

তাৰিখ পে তাৰিখ! প্ৰণৱ দলেৰ গোচৰত পুনৰ তাৰিখ পিছুৱালে আদালতে

October 2, 2026 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm
সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

সমসাময়িক প্ৰত‍্যাহ্বানৰ সন্মুখীন হোৱাত গান্ধীজীৰ দৰ্শন আমাৰ পাঠেয় হ’ব পাৰে

October 2, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd