• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

২০২০ চনৰ উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটনাত উচটনিমূলক ভাষণ দিয়াৰ অভিযোগত ৰাজনৈতিক নেতাৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন আৰু চিট তদন্তৰ দাবীৰে দাখিল হোৱা আটাইকেইখন আবেদন সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে খাৰিজ কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2026 3:56 pm
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২০ চনৰ দিল্লী হিংসাৰ গোচৰত কেইবাগৰাকীও ৰাজনৈতিক নেতাই সকাহ লাভ কৰিছে। ‘কা’ আৰু ‘এনআৰচি’ বিৰোধী আন্দোলনৰ সময়ত উচটনিমূলক ভাষণ প্ৰদানৰ অভিযোগত এই নেতাসকলৰ বিৰুদ্ধে এজাহাৰ তথা চিট তদন্তৰ দাবী জনাই দাখিল হোৱা মুঠ ১৫ খন আবেদন সোমবাৰে দিল্লী উচ্চ ন্যায়ালয়ে একেলগে খাৰিজ কৰিছে। ৫০ জনতকৈ অধিক লোকৰ প্ৰাণহানি হোৱা এই হিংসাত্মক ঘটনাৰ আঁৰত ৰাজনৈতিক নেতাৰ উচটনি থকা বুলি অভিযোগ তুলি দাখিল হোৱা আবেদনসমূহ ন্যায়াধীশ বিবেক চৌধুৰী আৰু মনোজ জৈনৰ খণ্ড বিচাৰপীঠে নাকচ কৰে।

 

Apply Now

দিল্লী হিংসাৰ পাছতেই দাখিল হোৱা এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনসমূহত উচটনিমূলক ভাষণৰ লগতে কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হৈছিল। শ্বেখ মুজতবা নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এখন আবেদনত বিজেপি নেতা কপিল মিশ্ৰ, অনুৰাগ ঠাকুৰ, প্ৰৱেশ বাৰ্মা আৰু অভয় বাৰ্মাৰ বিৰুদ্ধে এজাহাৰ ৰুজু কৰাৰ আহ্বান জনোৱা হৈছিল। অভিযোগ অনুসৰি, হিংসাৰ ঠিক পূৰ্বে এক জনসভাত তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে ‘কা’ বিৰোধীসকলক লক্ষ্য কৰি ‘দেশদ্ৰোহীক গুলী মাৰক’ বুলি শ্লোগান দি জনতাক উচটনি দিছিল। ইয়াৰ পাছদিনাই বিজেপি নেতা প্ৰৱেশ বাৰ্মাই কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে হোৱা ঘটনাৰ দিল্লীতো পুনৰাবৃত্তি হ’ব পাৰে বুলি সতৰ্ক কৰি দিয়াৰ লগতে শ্বাহিনবাগৰ প্ৰতিবাদকাৰীসকল সাধাৰণ লোকৰ ঘৰত সোমাই মহিলাৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াব পাৰে বুলি দাবী কৰিছিল।

 

আনহাতে, ‘লয়াৰ্ছ ভইচ’ নামৰ এটা সংগঠনে দাখিল কৰা আন এখন আবেদনত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ লগতে আম আদমী পাৰ্টীৰ নেতা মনীষ ছিছোদিয়া, আমানতুল্লাহ খান আৰু এআইএমআইএম নেতা আকবৰুদ্দিন ওৱেইছী তথা ৱাৰিছ পাঠানৰ নাম উল্লেখ কৰা হৈছিল। ইয়াৰ উপৰিও, চিপিআই(এম) নেত্ৰী বৃন্দা কাৰাটে দাখিল কৰা এখন সুকীয়া আবেদনত হিংসাৰ সময়ত আৰক্ষী, ৰেপিড একচন ফ’ৰ্চ আৰু অন্যান্য চৰকাৰী বিষয়াৰ বিৰুদ্ধে উত্থাপিত অসদাচৰণৰ নিৰপেক্ষ তদন্তৰ দাবী কৰা হৈছিল। লগতে, ‘কা’ বিৰোধী প্ৰতিবাদত কোনে ধনৰ যোগান ধৰিছিল, তাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দ্বাৰা তদন্ত বিচাৰিও আন এখন আবেদন দাখিল কৰা হৈছিল।

 

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদৰ মাজতেই ২০২০ চনৰ ২৪ ফেব্ৰুৱাৰীত উত্তৰ-পূব দিল্লীত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হৈছিল। অগ্নিসংযোগ আৰু ব্যাপক লুণ্ঠনৰ এই হিংসাত্মক ঘটনাত কমেও ৫৩ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৭০০ লোক গুৰুতৰভাৱে আহত হৈছিল। বৰ্তমান উচ্চ ন্যায়ালয়ৰ এই ৰায়দানৰ পাছত উক্ত নেতাসকলৰ বিৰুদ্ধে তদন্তৰ সকলো আইনী প্ৰক্ৰিয়াৰ অন্ত পৰিল।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

জ্ঞানেশ কুমাৰ গোচৰত নিৰ্বাচন আয়োগক জাননী উচ্চতম ন্যায়ালয়ৰ; কি ক’লে দেশৰ শীৰ্ষ আদালতে?

October 5, 2026 2:11 pm
‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

‘দৃশ্যম’ চাই পিতৃক হত্যা; ২০০০ কিলোমিটাৰ পলাই গৈও বিপদ মাতিলে এটা মাত্ৰ ফোন কলে!

October 5, 2026 1:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

নগাঁৱৰ ভোটাৰলৈ মুকলি পত্ৰ হীৰেন গোহাঁইৰ! মুখ্যমন্ত্ৰীৰ মন্তব্য, আদানী প্ৰসংগ আৰু উচ্ছেদক লৈ চৰকাৰক তীব্ৰ আক্ৰমণ

October 5, 2026 5:13 pm
‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

‘উচটনিমূলক ভাষণ’ দিয়া নেতাৰ বিৰুদ্ধে ৰুজু নহয় গোচৰ! দিল্লী উচ্চ ন্যায়ালয়ত খাৰিজ ১৫খনকৈ আবেদন

October 5, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd