জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ৰাজপথত নামিছে ‘ইণ্ডিয়া’। জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মঙলবাৰৰ পৰা সংসদ ভৱনৰ মকৰ দ্বাৰৰ পৰা আৰম্ভ হৈছে ‘গণতন্ত্ৰ বচাওক’ পদযাত্ৰা।
কংগ্ৰেছকে ধৰি বিৰোধী ইণ্ডিয়া মিত্ৰজোঁটৰ ১৯টা দলৰ ১৫০জনৰো অধিক সাংসদ তাত উপস্থিত আছে। ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, মল্লিকাৰ্জুন খৰ্গে, অখিলেশ যাদৱকে ধৰি বিৰোধী সাংসদসকল আছে।
শোভাযাত্ৰা আকাশবাণী ভৱন পোৱাৰ লগে লগে বেৰিকেডত আবদ্ধ হৈ পৰে। ইয়াৰ পিছতে ইণ্ডিয়া ব্লকৰ সাংসদসকল ৰাস্তাত বহি পৰে।
সূত্ৰ অনুসৰি দিল্লী আৰক্ষীয়ে এই সমাৱেশৰ অনুমতি দিয়া নাই। ফলত পুৱাৰে পৰা সংসদ চৌহদত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। তাত প্ৰায় ৩ হাজাৰ আৰক্ষী নিয়োগ কৰা হৈছে। আৰ এ এফ আছে। লগতে আছে সংঘৰ্ষ নিয়ন্ত্ৰক আৰক্ষী।
ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) প্ৰক্ৰিয়াত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিতৰ্কিত ভূমিকাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰিছে ঐক্যবদ্ধ বিৰোধী শিবিৰে।
জ্ঞানেশ বিষয়ক লৈ আয়োগক ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছে ভাৰতীয় মিত্ৰজোঁটৰ সাংসদসকলে। অৱশ্যে আপ, ডি এম কে এই শোভাযাত্ৰাত নাই।
বিভিন্ন সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি পুৰুষ আৰক্ষী জোৱানৰ ২৭টা কোম্পানী আৰু মহিলা আৰক্ষীৰ ৪টা কোম্পানী মোতায়েন হৈ আছে। অৰ্থাৎ প্ৰতিটো কোম্পানীত ১০০ৰ পৰা ১১৫ জন কৰ্মী আছে।
পুৱাৰে পৰা কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত নিৰাপত্তা কটকটীয়া কৰা হৈছে। নির্বাচন আয়োগৰ কার্যালয় চৌহদো কটকটীয়া নিৰাপত্তাৰ মাজত আবদ্ধ হৈ পৰিছে৷ পুৱাৰে পৰা কেইবাটাও মেট্ৰ’ ষ্টেচনত অতিৰিক্ত আৰক্ষী জোৱান মোতায়েন কৰা হৈছে।



