ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে। বিশ্বকাপ বিজয়ী অধিনায়কগৰাকীয়ে মঙলবাৰে (৬ অক্টোবৰ) ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত ঘোষণা কৰে।
তেওঁৰ নেতৃত্বতে ২০২৬-ৰ এছিয়ান গেমছতো ভাৰতীয় দলটোৱে সোণৰ পদক লাভ কৰে। সেই জয়ৰ সোৱাদ লোৱাৰ পিছতে হৰমনপ্ৰীতে এই সিদ্ধান্ত লৈছে। ইয়াৰ ফলত ভাৰতীয় মহিলা ক্ৰিকেটৰ অন্যতম সফল অধিনায়ক হিচাপে তেওঁৰ যাত্ৰাৰ অন্ত পৰিল।
ইনষ্টাগ্ৰামত এটা দীঘলীয়া পোষ্টৰ জৰিয়তে হৰমনপ্ৰীতে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। অধিনায়ক পদৰ পৰা পদত্যাগ কৰাৰ পিছতো তেওঁ দলৰ হৈ খেলি যাব বুলি স্পষ্ট কৰি দিয়ে। দলটোক ভালদৰে আগুৱাই নিয়াৰ স্বাৰ্থত তেওঁ এই সিদ্ধান্ত লোৱা বুলিও কয়।
হৰমনপ্ৰীতক প্ৰথমে ২০১২ চনত অন্তৱৰ্তীকালীন ভিত্তিত ভাৰতীয় দলৰ অধিনায়কত্বৰ দায়িত্ব দিয়া হৈছিল। সেই সময়ত ভাৰতে তেওঁৰ নেতৃত্বত মহিলা টি-২০ এছিয়া কাপত জয়লাভ কৰিছিল। তাৰ পিছত ২০১৬ চনত পূৰ্ণকালীন অধিনায়ক হয়।
তেওঁৰ নেতৃত্বত ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে সফলতাৰ এক নতুন অধ্যায়ত প্ৰৱেশ কৰিছে। হৰমনপ্ৰীতৰ নেতৃত্বত ভাৰতে ৫ খন টেষ্ট, ৫১ খন এদিনীয়া আৰু ১৫৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচ খেলিছে।
বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই গুৱাহাটীত হৰমনপ্ৰীত, উপ-অধিনায়ক স্মৃতি মান্ধনা আৰু মুখ্য প্ৰশিক্ষক অমল মজুমদাৰক সাক্ষাৎ কৰে। বৈঠকত দলটোৰ ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত আলোচনা কৰা হয়।
যদিও মঙলবাৰৰ প্ৰতিবেদনত দাবী কৰা হৈছিল যে বিচিচিআইয়ে এতিয়াৰ বাবে হৰমনপ্ৰীতৰ ওপৰতে আস্থা ৰাখিব পাৰে। পিছত এই বিষয়ত সিদ্ধান্ত লোৱা হ’ব। কিন্তু হৰমনপ্ৰীতে ইতিমধ্যে কৈছে যে তেওঁ নিজৰ দায়িত্ব ত্যাগ কৰিছে।
সূত্ৰসমূহৰ মতে হৰমনপ্ৰীতৰ ঠাইত তিনিওটা ফৰ্মেটতে নতুন অধিনায়ক হিচাপে স্মৃতি মান্ধনাৰ নাম আগত আছে। অৱশ্যে এই সন্দৰ্ভত একো নিশ্চিতভাৱে জানিব পৰা হোৱা নাই।
নিজৰ বক্তব্যত হৰমনপ্ৰীতে কয় যে তেওঁৰ বাবে এই সিদ্ধান্ত লোৱাটো সহজ নাছিল। অৱশ্যে তেওঁ অনুভৱ কৰে যে দলৰ স্বাৰ্থত পৰিৱৰ্তনৰ সময় আহি পৰিছে।
তেওঁ কয়, ‘’আজি মই তিনিওটা ফৰ্মেটতে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিছো।
এইটো কোনো সহজ সিদ্ধান্ত নহয়। ইয়াৰ লগত জড়িত হৈ আছে বহু বছৰৰ স্মৃতি, আৱেগ, ত্যাগ আৰু বহু মুহূৰ্ত যিবোৰ মোৰ লগত গোটেই জীৱন থাকিব।
এই দল আৰু ভাৰতীয় মহিলা ক্ৰিকেটৰ বাবে মই মোৰ সকলোখিনি দিছো – মোৰ তেজ, ঘাম, সময় আৰু কেতিয়াবা আনকি নিজৰ খেল আৰু ব্যক্তিগত লক্ষ্যও পিছুৱাই ৰাখিছো। বহু মুহূৰ্ত আহিছে যেতিয়া মই নিজৰ প্ৰদৰ্শন, নিজৰ উন্নতি আৰু নিজৰ ইচ্ছাক একাষৰীয়া কৰি ৰাখিবলগীয়া হৈছে। কাৰণ মই বিশ্বাস কৰিছিলো যে দলৰ স্বাৰ্থই প্ৰথম…”
হৰমনপ্ৰীতে ১০ বছৰ ধৰি ভাৰতীয় দলৰ অধিনায়ক হিচাপে দায়িত্ব বহন কৰি আহিছে। তেওঁৰ কেইবাটাও উল্লেখযোগ্য কৃতিত্ব আছে। মহিলা টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অধিনায়ক হিচাপে সৰ্বাধিক মেচ জয়ৰ অভিলেখ তেওঁৰ হাতত আছে। ১৫৫খন মেচত দলটোক নেতৃত্ব দি ৯২খন মেচত জয়লাভ কৰিছে।
এদিনীয়াৰ অধিনায়ক হিচাপে ৫১খন খেলৰ ভিতৰত ৩০খনত জয়লাভ কৰিছে হৰমনপ্ৰীতে। হৰমনপ্ৰীতে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ২০২৫ চনৰ মহিলা বিশ্বকাপত ঘৰুৱা মাটিত দলটোক বিজয়ী কৰে।
তেওঁ ৫ খন টেষ্ট মেচত ভাৰতক নেতৃত্ব দিছে। শেষৰখন খেলত লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে এক ঐতিহাসিক জয় লাভ কৰে।
হৰমনপ্ৰীতৰ অধিনায়কত্বত ভাৰতে তিনিটা এছিয়া কাপ, ২০২৫ চনৰ বিশ্বকাপ, দুটা এছিয়ান গেমছত স্বৰ্ণ পদক আৰু এটা কমনৱেলথ গেমছত ৰূপৰ পদক লাভ কৰে।




