• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদৰ সময়ত এগৰাকী ছাত্ৰ নেত্ৰীৰ পিতৃক গুৰুতৰভাৱে আক্ৰমণ কৰাৰ লগতে বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হিন্দুত্ববাদী কৰ্মী স্বতন্ত্ৰ ভৰদ্বাজক পাটিয়ালা হাউচ কোৰ্টে নিয়মীয়া জামিন প্ৰদান কৰিছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 6, 2026 8:09 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদৰ সময়ত এগৰাকী ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ আৰু গুৰুতৰভাৱে আহত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা হিন্দুত্ববাদী কৰ্মী স্বতন্ত্ৰ ভৰদ্বাজক মঙলবাৰে (৬ অক্টোবৰ) নিয়মীয়া জামিন প্ৰদান কৰা হৈছে। নতুন দিল্লীৰ পাটিয়ালা হাউচ কোৰ্টৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ সৌৰভ প্ৰতাপ সিং লালেৰে এই নিৰ্দেশ প্ৰদান কৰে। ছেপ্টেম্বৰ মাহৰ আৰম্ভণিতে উত্তৰ প্ৰদেশৰ বুলন্দশহৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ভৰদ্বাজক যোৱা ১৫ ছেপ্টেম্বৰত তিনি সপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰা হৈছিল।

 

Apply Now

উল্লেখ্য যে, যন্তৰ মন্তৰত প্ৰতিবাদ চলি থকাৰ সময়ত ছাত্ৰ নেত্ৰী নিশু আজাদৰ পিতৃ সঞ্জয় আজাদক আক্ৰমণ কৰাৰ অভিযোগত ভৰদ্বাজৰ বিৰুদ্ধে সংসদ মাৰ্গ আৰক্ষী থানাত এজাহাৰ ৰুজু কৰা হৈছিল। অভিযুক্তই এটা ভাইৰেল ভিডিঅ’ত সঞ্জয় আজাদৰ মূৰ ফালি দিয়া বুলি গৌৰৱ কৰাৰ লগতে তেওঁৰ কন্যাকো ভাবুকি প্ৰদান কৰিছিল। প্ৰথম অৱস্থাত ভাৰতীয় ন্যায় সংহিতাৰ  জামিনযোগ্য ধাৰা ১১৫(২) আৰু ১২৬(২)ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল যদিও ভাইৰেল ভিডিঅ’টোত জাতিগত মন্তব্য কৰাৰ পাছত অনুসূচিত জাতি-জনজাতি নিৰ্যাতন প্ৰতিৰোধ আইন আৰু নাবালিকালৈ ভাবুকি দিয়াৰ বাবে ‘পকচো’ আইনৰ ধাৰাও সংযোজন কৰা হয়। অভিযোগ অনুসৰি, ভৰদ্বাজ আৰু তেওঁৰ সহযোগীসকলে অভিযোগকাৰীক আগুৰি ধৰি ঘোচাৰে আৰু হাতত পিন্ধা খাৰুৰ দৰে কঠিন বস্তুৰে আক্ৰমণ কৰিছিল, যাৰ ফলত তেওঁৰ মূৰত দুটাকৈ গুৰুতৰ আঘাত লাগিছিল।

 

আক্ৰমণৰ ঘটনা আৰু ছ’চিয়েল মিডিয়াত প্ৰকাশিত ভিডিঅ’ৰ পাছত ব্যাপক ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ভাইৰেল ভিডিঅ’টোত অভিযুক্তজনে দাবী কৰিছিল যে ভাৰতীয় জনতা পাৰ্টীৰ নেতা কপিল মিশ্ৰকে ধৰি প্ৰতিষ্ঠানৰ সমৰ্থন থকাৰ বাবে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। পৰৱৰ্তী সময়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তেওঁক গ্ৰেপ্তাৰৰ দাবীৰে সংসদ মাৰ্গ আৰক্ষী থানাত প্ৰতিবাদ সাব্যস্ত কৰে। লগতে আজাদ সমাজ পাৰ্টীৰ সাংসদ চন্দ্ৰশেখৰ আজাদ আৰু আশুতোষ ৰাংকাৰ নেতৃত্বত ককৰোচ জনতা পাৰ্টীৰ এটা দলেও আপত্তিজনক মন্তব্যৰ বাবে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ইয়াৰ পাছতেই আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি এদিনৰ আৰক্ষীৰ জিম্মাৰ পাছত ৭ ছেপ্টেম্বৰত ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল। পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াৰ পৰা বিতৰ্কিত ভিডিঅ’টো আঁতৰাই পেলোৱা হয় আৰু ভুক্তভোগী আজাদে টুইটযোগে কেৱল সত্য আৰু ন্যায় বিচাৰে বুলি মত প্ৰকাশ কৰে।

 

যোৱা ১৫ ছেপ্টেম্বৰৰ শুনানিত ন্যায়ালয়ে পৰ্যবেক্ষণ কৰিছিল যে অভিযুক্তগৰাকী ইতিমধ্যে প্ৰায় ১০ দিন জিম্মাত আছিল আৰু আৰক্ষীৰ জিম্মাত জেৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছিল। পূৰ্বৰ শুনানিত দিল্লী আৰক্ষীৰ তদন্তৰ আসোঁৱাহ আঙুলিয়াই দি ন্যায়ালয়ে তদন্তকাৰী বিষয়াক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। অভিযোগকাৰী আৰু তেওঁৰ কন্যাৰ নিৰাপত্তাৰ বিষয়টো উপযুক্ত চৰ্ত আৰোপ কৰি নিশ্চিত কৰিব পৰা যাব বুলিও ন্যায়ালয়ে উল্লেখ কৰিছিল। মঙলবাৰে নিয়মীয়া জামিন প্ৰদান কৰি ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে এই গোচৰটো কেৱল ৰাজহুৱা আৱেগ বা ছ’চিয়েল মিডিয়াৰ মন্তব্যৰ ভিত্তিত নহয়, বৰঞ্চ আদালতত উপযুক্ত প্ৰমাণৰ ভিত্তিতহে আইনী প্ৰক্ৰিয়াৰে নিষ্পত্তি কৰা হ’ব।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

প্ৰেমজনিত বিবাদৰ ভয়ংকৰ পৰিণতি! দুধনৈত প্ৰেয়সীক এচিড নিক্ষেপ কৰি গ্ৰেপ্তাৰ প্ৰেমিক

October 6, 2026 8:48 pm
ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

ছাত্ৰ নেত্ৰীৰ পিতৃক আক্ৰমণ কৰি গ্ৰেপ্তাৰ হোৱা স্বতন্ত্ৰ ভৰদ্বাজলৈ জামিন

October 6, 2026 8:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd