• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

পাকিস্তানৰ চোৰাংচোৱাক দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় গোপন তথ্য সৰবৰাহ কৰাৰ অভিযোগত ১৩ গৰাকী নৌসেনা কৰ্মীসহ মুঠ ১৮ জন লোক অন্ধ্ৰপ্ৰদেশৰ কাউণ্টাৰ ইণ্টেলিজেন্স চেলৰ সন্দেহৰ আৱৰ্তত সোমাই পৰিছে। এই সন্দৰ্ভত দেশৰ ১০ খন ৰাজ্যত 'অপাৰেচন ফায়াৰৱাল ২০২৬'ৰ অধীনত ব্যাপক অভিযান চলোৱা হৈছে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2026 11:52 am
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানলৈ ভাৰতীয় নৌসেনা আৰু নিৰাপত্তা সম্পৰ্কীয় গোপন তথ্য সৰবৰাহ কৰাৰ গুৰুতৰ অভিযোগত অন্ধ্ৰপ্ৰদেশৰ কাউণ্টাৰ ইণ্টেলিজেন্স চেলে সমগ্ৰ দেশজুৰি এক ব্যাপক অভিযান আৰম্ভ কৰিছে। ‘অপাৰেচন ফায়াৰৱাল ২০২৬’ নামৰ এই অভিযানৰ অধীনত ১৩ গৰাকী নৌসেনা কৰ্মীসহ মুঠ ১৮ জন সন্দেহযুক্ত লোকৰ বিৰুদ্ধে দেশৰ ১০ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত তল্লাচী চলোৱা হৈছে। শেহতীয়াকৈ তামিলনাডুৰ কইম্বাটুৰৰ পৰা প্ৰদীপ মুখাৰ্জী নামৰ পশ্চিমবংগৰ বাসিন্দা এগৰাকী নৌসেনা কৰ্মীক আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা আন্নাম ছাই ভাৰা প্ৰসাদ নামৰ আন এজনক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই সমগ্ৰ গুপ্তচৰ চক্ৰটো পোহৰলৈ আহে।

 

Apply Now

সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ১২ টা সুকীয়া দলত বিভক্ত হৈ কাউণ্টাৰ ইণ্টেলিজেন্সৰ বিষয়াসকলে অন্ধ্ৰপ্ৰদেশ, কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, গোৱা, দিল্লী, গুজৰাট, তামিলনাডু, বিহাৰ আৰু ছত্তীশগড়ত এই অভিযান চলাই আছে। প্ৰধানকৈ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনম নৌসেনা ঘাটিৰ পৰা গুপ্তচৰাগিৰিৰ অভিযোগত প্ৰথমজন নৌসেনা কৰ্মী গ্ৰেপ্তাৰ হোৱাৰ পাছতেই এই তল্লাচী অভিযান তীব্ৰতৰ কৰি তোলা হৈছিল। তদন্তকাৰী বিষয়াসকলে দাবী কৰিছে যে অভিযুক্তসকলে মূলতঃ ‘এনক্ৰিপ্টেড’ প্লেটফৰ্মৰ জৰিয়তে পাকিস্তানৰ হেণ্ডলাৰ বা গোৱেন্দাসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল আৰু বিশাখাপট্টনম নৌসেনা ঘাটিসহ দেশৰ আন কেইবাটাও প্ৰান্তৰ সামৰিক তথা নিৰাপত্তাজনিত গোপন খবৰ ফাদিল কৰিছিল। নৌসেনাৰ বিষয়া, সন্ত্ৰাসবাদ বিৰোধী শাখা আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ সহযোগত এই ১৮ জন সন্দেহযুক্ত লোকৰ ঠিকনাত চলোৱা তল্লাচীত ইতিমধ্যে কেইবাখনো গুৰুত্বপূৰ্ণ নথিপত্ৰ, ইলেক্ট্ৰনিক সামগ্ৰী আৰু মোবাইল ফোন জব্দ কৰা হৈছে।

 

ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা প্ৰদীপ মুখাৰ্জী আৰু নৌসেনা বিষয়াৰ বাহনৰ চালক হিচাপে কৰ্মৰত আন্নাম ছাই ভাৰা প্ৰসাদে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত পাকিস্তানলৈ এই তথ্যসমূহ সৰবৰাহ কৰা বুলি অভিযোগ উত্থাপন হৈছে। আদালতত হাজিৰ কৰোৱাৰ পাছত প্ৰদীপ মুখাৰ্জীক অহা ১৪ অক্টোবৰলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমান কাউণ্টাৰ ইণ্টেলিজেন্স চেলে বাকী ১৬ জন সন্দেহযুক্ত লোকৰ বিৰুদ্ধে জেৰা আৰু অনুসন্ধান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে, যাৰ জৰিয়তে এই সমগ্ৰ চক্ৰটোৰ লগত জড়িত আন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

বিধায়িনী সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত প্ৰতীক আৱণ্টন কিমান নিৰাপদ? শিৱসেনা গোচৰত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন

October 7, 2026 10:07 am
“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

“প্ৰাধিকৃত প্ৰতিনিধি অবিহনে সাক্ষাৎ অসম্ভৱ”: ৰাহুল গান্ধীক কিয় লগ নকৰিলে নিৰ্বাচন আয়োগে?

October 7, 2026 8:38 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

ড্ৰোন আক্ৰমণত দাউদাউকৈ জ্বলি উঠিল লাইবেৰিয়াৰ জাহাজ! কথমপি প্ৰাণ ৰক্ষা ২৩ গৰাকী ভাৰতীয়ৰ

October 7, 2026 1:15 pm
প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

প্ৰতিৰক্ষাৰ গোপন তথ্য পাকিস্তানৰ হাতত! দেশজুৰি ‘অপাৰেচন ফায়াৰৱাল ২০২৬’

October 7, 2026 11:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd