কৃষ্ণ সাগৰত পুনৰ দুখনকৈ বাণিজ্যিক জাহাজ আক্ৰমণৰ সন্মুখীন হোৱাৰ ঘটনাই তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। সোমবাৰে ৰাছিয়াই তুৰস্কৰ এখন মালবাহী জাহাজত ড্ৰোন আক্ৰমণ চলোৱাৰ পাছদিনাই কৃষ্ণ সাগৰৰ ছ’চি উপকূলৰ সমীপত লাইবেৰিয়াৰ এখন তেলবাহী জাহাজত ইউক্ৰেইনে ড্ৰোন আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। ৰাছিয়াৰ পৰিবহণ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে, ড্ৰোন আক্ৰমণৰ পাছতেই তেলবাহী জাহাজখনত দ্ৰুতগতিত জুই বিয়পি পৰে। অগ্নিনিৰ্বাপক বাহিনীয়ে তৎক্ষণাত জুই নিয়ন্ত্ৰণলৈ অনাৰ লগতে জাহাজখনত কৰ্মৰত আটাইকেইগৰাকী, অৰ্থাৎ ২৩ গৰাকী ভাৰতীয় নাবিকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ছ’চি চহৰৰ মেয়ৰগৰাকীয়ে ঘটনাৰ পাছতেই উপকূলৱৰ্তী অঞ্চলটোত সাধাৰণ লোকৰ যাতায়াতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে।
ইয়াৰ পূৰ্বে সোমবাৰে ৰোমানিয়াৰ জলসীমাৰ বাহিৰত কৃষ্ণ সাগৰত তুৰস্কৰ এখন সামগ্ৰী কঢ়িওৱা জাহাজত ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল। ৰাছিয়াই চলোৱা এই আক্ৰমণত কমেও দুগৰাকী নাবিকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও আহত হয়। ৰোমানিয়াত থকা ভাৰতীয় দূতাবাসে জানিবলৈ দিয়া মতে, উক্ত জাহাজখনত তিনিগৰাকী ভাৰতীয় নাবিক আছিল আৰু ইয়াৰে এগৰাকী আহত হোৱাৰ বিপৰীতে আন দুগৰাকী অক্ষত অৱস্থাত আছে। ভাৰতীয় ৰাষ্ট্ৰদূত মনোজ মহাপাত্ৰই নাবিককেইগৰাকীৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিছে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এই আক্ৰমণৰ তীব্ৰ বিৰোধিতা কৰি কয় যে কৃষ্ণ সাগৰৰ পৰা পাৰস্য উপসাগৰীয় অঞ্চললৈকে যাতায়াত কৰা অসামৰিক জাহাজৰ ওপৰত আক্ৰমণ কোনো কাৰণতেই গ্ৰহণযোগ্য নহয়। তেওঁ ৰাছিয়া-ইউক্ৰেইনৰ সংঘাত কেৱল আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে সমাধান কৰাটো সম্ভৱ বুলি দোহাৰে। অৱশ্যে লাইবেৰিয়াৰ জাহাজখনত ইউক্ৰেইনে চলোৱা শেহতীয়া আক্ৰমণক লৈ নতুন দিল্লীয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, ২০২২ চনত দুয়োখন দেশৰ মাজত সংঘাত আৰম্ভ হোৱাৰ পৰাই কৃষ্ণ সাগৰৰ মাজেৰে চলাচল কৰা বাণিজ্যিক জাহাজসমূহত সঘনাই আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে। ইউক্ৰেইনে দাবী কৰা মতে, নিশাৰ ভাগত মস্কোৱে চলোৱা গোলাবৰ্ষণ প্ৰতিহত কৰাৰ উদ্দেশ্যেই তেওঁলোকে ৰাছিয়াৰ তেল আন্তঃগাঁথনিক লক্ষ্য কৰি লৈছে। বিগত কেইবাদিনো ধৰি দুয়োখন দেশৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমণ চৰম পৰ্যায় পাইছেগৈ। ৰাছিয়াই কিয়েভৰ গুৰুত্বপূৰ্ণ দলংসমূহক লক্ষ্য কৰি ধাৰাবাহিক আক্ৰমণ চলোৱাৰ সমান্তৰালকৈ ইউক্ৰেইনেও ইয়াৰ তীব্ৰ প্ৰত্যুত্তৰ দি সমগ্ৰ অঞ্চলটোত যুদ্ধৰ পৰিৱেশ অধিক ভয়াবহ কৰি তুলিছে।





