• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2026 6:58 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও লোকসভা সমষ্টিৰ শেহতীয়া উপ-নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনৈতিক মহল বৰ্তমান উত্তপ্ত হৈ পৰিছে। সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাপক খেলিমেলি, ৰিগিং, বিৰোধীৰ ওপৰত আক্ৰমণ আৰু প্ৰশাসনৰ পক্ষপাতিত্বৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে।

নগাঁৱত অনুষ্ঠিত এখন জৰুৰী সংবাদমেলত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰা আৰু জিলা কংগ্ৰেছৰ সভানেত্ৰী ৰুণুমনি বৰাৰ উপস্থিতিত সাংসদগৰাকীয়ে নিৰ্বাচন আয়োগৰ তৎকালীন হস্তক্ষেপ দাবী কৰে। গণতন্ত্ৰ আৰু সাধাৰণ ভোটাৰৰ অধিকাৰ ৰক্ষাৰ স্বাৰ্থত কংগ্ৰেছ দল সদায় সষ্টম বুলি উল্লেখ কৰি তেওঁ কয় যে এইবাৰৰ উপ-নিৰ্বাচনত নিকা নিৰ্বাচনৰ সকলো আশা সম্পূৰ্ণৰূপে ধূলিসাৎ কৰা হ’ল।

Apply Now

 সাংসদগৰাকীয়ে নগাঁও জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা বৰ্তমানৰ শাসকীয় দলৰ প্ৰাৰ্থী দেবাশীষ শৰ্মাক লক্ষ্য কৰি তীব্ৰ সমালোচনা কৰে। তেওঁ অভিযোগ কৰে যে উপায়ুক্ত হৈ থকা সময়তেই শৰ্মাই নিৰ্বাচনৰ এক গোপন ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছিল আৰু নিজৰ সুবিধা অনুসৰি আৰক্ষী তথা নিৰ্বাচনী বিষয়াসকলক নিযুক্তি দিছিল। নিৰ্বাচন ঘোষণাৰ মাত্ৰ কেইদিনমান আগতে পদত্যাগ কৰি তেওঁ প্ৰাৰ্থিত্ব গ্ৰহণ কৰে। হুছেইনে আক্ষেপ কৰি কয় যে আগতে কেৱল ভূতৰ ভোট বা বুথ দখলৰ কথাহে শুনা গৈছিল, কিন্তু এইবাৰ যেন সমগ্ৰ নিৰ্বাচনী ব্যৱস্থাটোকেই অপহৰণ কৰা হ’ল। নিৰ্বাচন আয়োগক এই বিষয়ে আগতেই জনোৱা হৈছিল যদিও প্ৰশাসনৰ একেই প্ৰক্ৰিয়াৰ মাজেৰেই নিৰ্বাচন অনুষ্ঠিত হোৱাত তেওঁ ক্ষোভ প্ৰকাশ কৰে।

 নিৰ্বাচনী প্ৰচাৰ আৰু ভোটগ্ৰহণৰ সময়ত বিৰোধী দলৰ নেতাসকলৰ ওপৰত চলোৱা আক্ৰমণৰ কথাও সংবাদমেলত পোহৰলৈ আহে। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, সাংসদ গৌৰৱ গগৈ আৰু প্ৰাৰ্থী শিৱামণি বৰাৰ দৰে নেতাসকল নিৰ্বাচনী কামত গৈ থকা অৱস্থাত প্ৰশাসনৰ উপস্থিতিতেই আক্ৰমণৰ বলি হ’বলগীয়া হৈছিল বুলি হুছেইনে প্ৰকাশ কৰে। এই বিষয়ে আৰক্ষী অধীক্ষক আৰু ৰিটাৰ্ণিং বিষয়াক বাৰে বাৰে অৱগত কৰাৰ পাছতো কোনো সুৰক্ষা প্ৰদান কৰা নহ’ল বুলি তেওঁ জনায়। আনকি গান্ধীজীৰ প্ৰতিমূৰ্তিৰ সন্মুখত কৰিবলৈ লোৱা শান্তিপূৰ্ণ প্ৰতিবাদকো আৰক্ষী লগাই বলপূৰ্বকভাৱে আঁতৰাই দিয়া হৈছিল বুলি তেওঁ অভিযোগ কৰে।

 ভোটগ্ৰহণৰ দিনা সংঘটিত হোৱা ব্যাপক অনিয়মৰ বিৱৰণ দি সাংসদগৰাকীয়ে কয় যে ভোটদানৰ আগনিশা আৰু নিৰ্বাচনৰ দিনা শাসকীয় দলৰ একাংশ নেতাই বুথ দখলৰ দৰে কাৰ্যত লিপ্ত হৈছিল। চামগুৰিৰ হাতীপুখুৰী, বৰঘাট আদি বিভিন্ন ভোটকেন্দ্ৰত বাহিৰৰ পৰা অহা লোকে প্ৰৱেশ কৰি আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছিল। আনকি কংগ্ৰেছৰ পোলিং এজেণ্টজনক গাড়ীৰে অপহৰণ কৰি প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ দৰে গুৰুতৰ অভিযোগো তেওঁ উত্থাপন কৰে। আৰক্ষী থানা ওচৰতে থকাৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে আৰু কংগ্ৰেছৰ প্ৰতিনিধিক অভিযোগ দাখিল কৰিবলৈকো বাধা প্ৰদান কৰা হ’ল বুলি তেওঁ জনায়। সমগ্ৰ নিৰীক্ষণ ব্যৱস্থাটো এক প্ৰহসনত পৰিণত হোৱা বুলিও তেওঁ আক্ষেপ কৰে।

 নিৰ্বাচনত অৱতীৰ্ণ হোৱা পোন্ধৰজন প্ৰাৰ্থীৰ ভিতৰত বেছিভাগেই দামী প্ৰাৰ্থী আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ভোটগণনাৰ সময়ত প্ৰতিটো টেবুলত অধিক এজেণ্ট বহুওৱাৰ উদ্দেশ্যেই এই অপৰাধমূলক কৌশল ৰচনা কৰা হৈছিল। ইয়াৰ উপৰিও ভোটদানৰ অস্বাভাৱিক হাৰক লৈ প্ৰশ্ন তুলি তেওঁ কয় যে চামগুৰিৰ প্ৰায় বিশৰ পৰা পঁচিশ শতাংশ লোক কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে। তেনে অৱস্থাত আশী শতাংশতকৈ অধিক ভোটদান হোৱাটোৱে ব্যাপক ভুৱা ভোটৰ প্ৰমাণ দিয়ে। এই সকলোবোৰ অনিয়মৰ উচিত তদন্তৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটোত জড়িত বৰ্তমানৰ জিলা আয়ুক্তৰ অপসাৰণ আৰু ৰিগিং হোৱা কেন্দ্ৰসমূহত তৎকালীনভাৱে পুনৰ ভোটগ্ৰহণৰ বাবে কংগ্ৰেছ দলে নিৰ্বাচন আয়োগৰ ওচৰত দাবী জনাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

পাম অইল খেতি বন্ধ নকৰিলে অসমত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব : জীপাল কৃষক-শ্ৰমিক সংঘৰ হুংকাৰ

October 7, 2026 5:54 pm
শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

শাসকৰ একপক্ষীয় নীতি আৰু বিৰোধীৰ কণ্ঠৰোধ : গুৱাহাটীৰ ৰাজপথত গণতন্ত্ৰৰ সংগ্ৰাম

October 7, 2026 4:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm
সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটোকেই চুৰি কৰা হ’ল: নগাঁৱৰ উপ-নিৰ্বাচনক লৈ ৰকিবুল হুছেইনৰ বিস্ফোৰক অভিযোগ

October 7, 2026 6:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd