গুজৰাটৰ সুৰেন্দ্ৰনগৰ জিলাত এক অত্যন্ত অমানুষিক আৰু শিহৰণকাৰী ঘটনা পোহৰলৈ আহিছে। প্ৰেমিকৰ সৈতে পলাই যোৱাৰ অপৰাধত এগৰাকী মহিলাক স্বামী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে গছত বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ লগতে দলবদ্ধ ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই সমগ্ৰ জঘন্য কাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে আৰক্ষীয়ে স্বামীসহ মুঠ ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, কেইবছৰমান পূৰ্বে বাপি নামৰ এজন যুৱকৰ সৈতে ভুক্তভোগী মহিলাগৰাকী বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ পিছৰে পৰা পাৰিবাৰিক অশান্তি চলি থকাৰ মাজতে মহিলাগৰাকী পৰকীয়া প্ৰেমত আৱদ্ধ হয় আৰু এদিন সংসাৰ এৰি প্ৰেমিকৰ সৈতে পলাই যায়। প্ৰথমবাৰ স্বামীৰ পৰিয়ালে তেওঁক বিচাৰি আনি ঘৰত বন্দী কৰি শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায়।
ইয়াৰ পিছতো মহিলাগৰাকীয়ে পুনৰ ঘৰৰ পৰা ওলাই প্ৰেমিকৰ কাষলৈ গুচি যায়। এইবাৰ ক্ষুব্ধ স্বামী আৰু শহুৰেকৰ ঘৰৰ পৰিয়ালে এক ভয়ংকৰ প্ৰতিশোধৰ পৰিকল্পনা কৰে। সুৰেন্দ্ৰনগৰৰ এটা ঘৰৰ পৰা দুয়োকে আৱিষ্কাৰ কৰি তেওঁলোকক বলপূৰ্বকভাৱে উভতাই লৈ আহে।
অভিযোগ অনুসৰি, তথাকথিত ‘শুদ্ধিকৰণ’ নামৰ স্থানীয় ৰীতি-নীতিৰ দোহাই দি মহিলাগৰাকীৰ ওপৰত চলোৱা হয় অমানৱীয় নিৰ্যাতন। স্বামী আৰু তেওঁৰ আত্মীয়সকলে মহিলাগৰাকীক গছত জোৰকৈ বান্ধি নিৰ্দয়ভাৱে মাৰধৰ কৰে। ইয়াতেই ক্ষান্ত নাথাকি অপৰাধীৰ দলটোৱে মহিলাগৰাকীক দলবদ্ধ ধৰ্ষণো কৰে বুলি অভিযোগ উত্থাপন হৈছে।
অভিযুক্তসকলে নিজৰ এই জঘন্য কাণ্ড মোবাইল কেমেৰাত বন্দি কৰি ছ’চিয়েল মিডিয়াত সম্প্ৰচাৰ কৰে। ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি আৰক্ষীয়ে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰে আৰু মূল অভিযুক্ত স্বামীসহ ৯ জন লোকক গ্ৰেপ্তাৰ কৰে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।


