ৰাজ্য কঁপাই যোৱা লুই বাৰ্জাৰ ঘোচ কেলেংকাৰীৰ তদন্তৰ সামৰণি মাৰিব বিচৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চিবিআইৰ সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৃহস্পতিবাৰে গুৱাহাটীৰ বিশেষ চিবিআই আদালতত এই গোচৰৰ মূল অভিযোগকাৰী আব্দুল ৱাহেদ আৰু জয়ন্ত গগৈয়ে এখন আনুষ্ঠানিক আপত্তি আৰু প্ৰতিবাদী আৱেদন দাখিল কৰে। ২০২৬ চনৰ ১২ মে‘ তাৰিখে নতুন দিল্লীৰ চিবিআইৰ দুৰ্নীতি নিবাৰক শাখাই পৰ্যাপ্ত প্ৰমাণৰ অভাৱ দেখুৱাই এই গোচৰটোৰ অপৰাধমূলক কাৰ্যবাহী প্ৰক্ৰিয়া বাতিল কৰাৰ পৰামৰ্শ দি এখন সামৰণি প্ৰতিবেদন দাখিল কৰিছিল। অভিযোগকাৰী দুগৰাকীয়ে এতিয়া চিবিআইৰ এই সামৰণি প্ৰতিবেদনখনক পোনপটীয়াকৈ প্ৰত্যাহ্বান জনাইছে।
প্ৰতিবাদী আৱেদনখনত অভিযোগকাৰীসকলে দাবী কৰিছে যে চিবিআইয়ে গোচৰটো বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তটো সম্পূৰ্ণৰূপে অকালপক্ক, আইনগতভাৱে ত্ৰুটিপূৰ্ণ আৰু ই তদন্তৰ বহুতো গুৰুত্বপূৰ্ণ দিশ সামৰি লোৱাত ব্যৰ্থ হৈছে। আৱেদনখনত উল্লেখ কৰা অনুসৰি, ২০১৬ চনৰ ২৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰেৰণ কৰা লেটাৰ ৰোগেটৰী বা ন্যায়িক অনুৰোধ পত্ৰখন আজিলৈকে কাৰ্যকৰী নহ‘ল বুলি চিবিআইয়ে নিজেই স্বীকাৰ কৰিছে। এই ন্যায়িক অনুৰোধ পত্ৰৰ জৰিয়তে আমেৰিকাৰ আদালতৰ ৰায়দানৰ প্ৰতিলিপি বিচৰাৰ লগতে লুই বাৰ্জাৰৰ প্ৰাক্তন বিষয়া জেমছ মেকক্লুং আৰু আমেৰিকাৰ ফেডাৰেল ব্যুৰো অৱ ইনভেস্টিগেচন চমুকৈ এফবিআইৰ বিষয়াসহ ছগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তিক সোধা-পোচা কৰাৰ কথা আছিল। বিদেশৰ পৰা গুৰুত্বপূৰ্ণ নথিপত্ৰ আৰু সাক্ষীৰ ভাষ্য সংগ্ৰহৰ বাবে আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াটো সম্পূৰ্ণ নকৰাকৈ চিবিআইয়ে প্ৰমাণৰ অভাৱ বুলি অজুহাত দেখুৱাব নোৱাৰে বুলি আৱেদনকাৰীয়ে যুক্তি দৰ্শাইছে।
ইয়াৰ উপৰিও অবৈধ ধনৰ লেনদেনৰ প্ৰকৃত পথটো বিচাৰি উলিওৱাৰ পৰিৱৰ্তে চিবিআইয়ে কেৱল নিবিদা প্ৰক্ৰিয়াৰ নীতি-নিয়মৰ ওপৰতহে নিজৰ তদন্ত আৱদ্ধ ৰাখিলে বুলি অভিযোগ উত্থাপন হৈছে। জাপানী সংস্থা জাইকাৰ পুঁজিৰে নিৰ্মাণ হ‘বলগীয়া দক্ষিণ চেণ্ট্ৰেল আৰু উত্তৰ গুৱাহাটী খোৱাপানী যোগান প্ৰকল্পৰ পৰামৰ্শদাতা নিৰ্বাচনৰ প্ৰক্ৰিয়াটো চৰকাৰী নীতি অনুসৰিয়েই হৈছিল বুলি চিবিআইয়ে প্ৰতিবেদনত উল্লেখ কৰিছে। নিৰ্বাচনী কমিটীত থকা চৰকাৰী বিষয়ালৈ উপ ঠিকাদাৰৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কোনো ধন যোৱা নাই বুলি চিবিআইয়ে কোৱা কথাটোকো অভিযোগকাৰীয়ে ত্ৰুটিপূৰ্ণ বুলি অভিহিত কৰিছে। তেওঁলোকৰ মতে, এনে বৃহৎ পৰিমাণৰ ঘোচ সাধাৰণতে বেংকৰ সলনি মধ্যভোগী বা বিদেশী সংস্থাৰ জৰিয়তেহে আদান-প্ৰদান কৰা হয়। ইয়াৰ লগতে আমেৰিকাৰ আইনী প্ৰতিষ্ঠান বেকাৰ এণ্ড মেকেনজিৰ এক আভ্যন্তৰীণ তদন্তৰ কথাও আৱেদনখনত সোঁৱৰাই দিয়া হৈছে, য‘ত ২০০৯ চনৰ পৰা ২০১৩ চনৰ ভিতৰত অসম চৰকাৰৰ বিষয়াসকলক ধন আদায় দিয়াৰ পৰোক্ষ প্ৰমাণ পোৱা গৈছিল। ২০১০ চনৰ ১৭ আগষ্টত প্ৰসন্ন শ্বাহ আৰু জেমছ মেকক্লুঙৰ মাজত হোৱা এক ইমেইল বাৰ্তালাপৰ কথাও উল্লেখ কৰি কোৱা হৈছে যে এনেবোৰ দিশ আওকাণ কৰাৰ সলনি গভীৰ ফৰেনছিক তদন্তৰহে প্ৰয়োজন আছিল।
উল্লেখযোগ্য যে, গুৱাহাটীৰ খোৱাপানী প্ৰকল্পৰ ঠিকা লাভ কৰিবলৈ নিউ জাৰ্চিৰ লুই বাৰ্জাৰ নামৰ কোম্পানীটোৱে অসমৰ মন্ত্ৰী আৰু চৰকাৰী বিষয়াক প্ৰায় ছয় কোটি টকা ঘোচ দিয়াৰ কথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফাদিল হোৱাৰ পিছতে ২০১৫ চনৰ জুলাই মাহত দিছপুৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী সময়ত ২০১৭ চনৰ ১ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অসম আৰক্ষীৰ চিআইডিৰ পৰা এই গোচৰৰ তদন্তৰ ভাৰ চিবিআইলৈ হস্তান্তৰ কৰা হয়। চিবিআইয়ে ভাৰতীয় দণ্ডবিধি আৰু দুৰ্নীতি নিবাৰক আইনৰ অধীনত পুনৰ গোচৰ ৰুজু কৰিছিল যদিও এই বছৰৰ ১২ মে‘ত প্ৰমাণৰ অভাৱ বুলি সামৰণি প্ৰতিবেদন দাখিল কৰে। এতিয়া আৱেদনকাৰীসকলে চিবিআইৰ এই প্ৰতিবেদনখন নাকচ কৰি অপূৰ্ণ হৈ ৰোৱা আমেৰিকাৰ সাক্ষীৰ জেৰা আৰু প্ৰকৃত হিতাধিকাৰীৰ সন্ধান উলিয়াবলৈ এক বিস্তৃত তদন্তৰ নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনাইছে। বিকল্প হিচাপে তেওঁলোকে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২১০ নম্বৰ ধাৰাৰ অধীনত আদালতক পোনে পোনে এই অপৰাধৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈয়ো আহ্বান জনাইছে।





