দীৰ্ঘদিন ধৰি তেওঁ সাহিত্য চৰ্চা কৰি আহিছে। ৩০ বছৰ ধৰি শিক্ষকতাৰ সৈতে জড়িত। তাৰ মাজে মাজে সৃষ্টি কৰিছে অনবদ্য সাহিত্যৰ। এতিয়া সেই সাধনাৰ ফল লাভ কৰিছে কানাডাৰ কবি এন কাৰ্ছনে। তেওঁ এইবাৰৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
এন কাৰ্ছন কেৱল এগৰাকী কবি নহয়, তেওঁ প্ৰবন্ধও লিখে। দীৰ্ঘদিন ধৰি প্ৰাচীন গ্ৰীক সাহিত্যৰ ওপৰত কাম কৰি আহিছে। অনুবাদক হিচাপেও বিখ্যাত এইবাৰৰ নোবেল বঁটা বিজয়ীগৰাকী।
বৃহস্পতিবাৰে নোবেল কমিটীয়ে সাহিত্যত নোবেল বঁটা বিজয়ীৰ নাম ঘোষণা কৰে। তেওঁলোকে কয় যে এনৰ অগতানুগতিক আৰু উদ্ভাৱনীমূলক সাহিত্যক সন্মান জনাই এই বঁটা প্ৰদান কৰা হৈছে। পৰম্পৰাগত প্ৰথাৰ পৰিসীমাত নিজৰ লেখা আৱদ্ধ কৰি নাৰাখি তেওঁ সাহিত্যৰ নতুন ৰূপ উদ্ভাৱন কৰিছে। নিজৰ সাহিত্যিক ধাৰণাক পৰম্পৰাৰ সৈতে সংযুক্ত কৰিছে।
এই পুৰস্কাৰৰ আৰ্থিক মূল্য ১ কোটি ২০ লাখ ছুইডিছ ক্ৰ’ন’ৰ (প্ৰায় ১২ লাখ মাৰ্কিন ডলাৰ)। ভাৰতীয় মুদ্ৰাত প্ৰায় ১১ কোটি ৬২ লাখ টকা। ইয়াৰ পূৰ্বে ২০২৫ চনত এই বঁটা বিজয়ী আছিল হাংগেৰীৰ ঔপন্যাসিক লাছলো ক্ৰাছনাহৰ্কা।
কবিতা, গদ্য, সংলাপ, সাহিত্য সমালোচনা আৰু অনুবাদৰ মাজৰ সীমাৰেখা মচি পেলাই সাহিত্যৰ এক নতুন ধাৰা সৃষ্টি কৰিছে ৭৬ বছৰীয়া এন কাৰ্ছনে। ১৯৯৮ চনত তেওঁৰ কালজয়ী কাব্য-উপন্যাস ‘আটোবায়’গ্ৰাফী অৱ ৰেড’-এ বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে।
ইউৰিপিডিছৰ গ্ৰীক নাটক ‘হেলেন’ৰ সৈতে হলিউডৰ অভিনেত্ৰী মেৰিলিন মনৰোৰ জীৱনৰ সংমিশ্ৰণেৰে ২০১৯ চনত লিখা ‘নৰ্মা জিন বেকাৰ অৱ ট্ৰয়’ৰ বাবেও প্ৰশংসা লাভ কৰিছে গ্ৰীক সাহিত্যৰ প্ৰসিদ্ধ গৱেষক কাৰ্ছনে।
ছুইডিছ একাডেমীয়ে লিঅ’ টলষ্টয়, ভাৰ্জিনিয়া উলফ, জৰ্জ লুইছ বৰ্জেছ বা ভ্লাদিমিৰ নাবোকভৰ দৰে সাহিত্যৰ তাৰকাসকলক আওকাণ কৰাৰ বাবে বিগত সময়ত সমালোচিত হৈছিল যদিও বব ডিলান (২০১৬), গেব্ৰিয়েল গাৰ্চিয়া মাৰ্কেজ (১৯৮২) বা ড’ৰিছ লেছিং (২০০৭)ৰ দৰে জনপ্ৰিয় লেখকক বাছনি কৰি চমক দিছে।
১৯০১ চনত প্ৰতিষ্ঠা হোৱা আলফ্ৰেড নোবেলৰ উইলৰ পৰম্পৰা অব্যাহত ৰাখি এন কাৰ্ছনৰ নিৰ্বাচন সমসাময়িক সাহিত্যপ্ৰেমীসকলৰ বাবে এক বৃহৎ উপহাৰ।





