বলীউডৰ প্ৰয়াত অভিনেতা নানা পাটেকাৰৰ মৃত্যুত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। গোৱা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ৭৫ বছৰীয়া অভিনেতাগৰাকীৰ মৃত্যুত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৯৪ নং ধাৰাত ‘আননেচাৰেল ডেথ’ বা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে দাবী কৰা মতে, গোৱাৰ ওছান পাৰ্কৰ ডোনা পৌলাৰ ঘৰৰ পৰা বাম্বোলিমৰ মণিপাল চিকিৎসালয়লৈ মৃত অৱস্থাত তেওঁক লৈ যোৱা হৈছিল। অস্বাভাৱিক মৃত্যুৰ গোচৰ দাখিল কৰাৰ অৰ্থ এইটো নহয় যে মৃত্যুৰ আঁৰত কোনো অপৰাধ বা সন্দেহজনক ঘটনা আছে। কাৰণ, চিকিৎসকে ইতিমধ্যে দাবী কৰিছে যে নানা পাটেকাৰৰ হাৰ্ট এটেকত মৃত্যু হৈছে। একে সময়তে তেওঁলোকে কয় যে নানা হৃদৰোগত আক্ৰান্ত আছিল। অসুস্থতাৰ বাবে নিয়মীয়াকৈ ঔষধো সেৱন কৰিছিল।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ৮ অক্টোবৰৰ পুৱা চিকিৎসালয়খনে পানাজি থানাক খবৰ দিয়ে। চিকিৎসালয়খনে জনোৱা মতে, ড’না প’লাৰ অ’চেন পাৰ্কত থকা ঘৰৰ পৰা ৭৫ বছৰীয়া অভিনেতাজনক জৰুৰীকালীন বিভাগলৈ অনা হৈছিল। নথি-পত্ৰত উল্লেখ আছে যে তাত উপস্থিত হোৱাৰ আগতেই তেওঁৰ মৃত্যু হৈছিল।
ইয়াৰ পিছত আৰক্ষীয়ে বিএনএছএছৰ ১৯৪ ধাৰাত ইউডি বা অপ্ৰাকৃতিক মৃত্যুৰ গোচৰ ৰুজু কৰে। এই ধাৰাত অস্বাভাৱিক বা সন্দেহজনক পৰিস্থিতিত মৃত্যুৰ গোচৰৰ তদন্ত আৰু প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়াৰ ব্যৱস্থা কৰা হৈছে। নানা পাটেকাৰৰ মৃত্যুৰ ক্ষেত্ৰতো একেই প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে।
তদন্তৰ দায়িত্বত আছে উপ-পৰিদৰ্শক নীতিন নাইক। তদন্তকাৰীয়ে চিকিৎসালয়ৰ চিকিৎসক আৰু নানাৰ পৰিয়ালৰ লোকৰ সৈতে কথা পতাৰ লগতে ঘটনাৰ পৰিস্থিতিৰ তথ্য সংগ্ৰহ কৰি আছে।
প্ৰাথমিক তথ্য অনুসৰি যোৱা ৮ অক্টোবৰ বৃহস্পতিবাৰে পুৱতি নিশা গোৱাৰ ঘৰত নানা পাটেকাৰ অসুস্থ হৈ পৰে।চিকিৎসালয়ৰ চিকিৎসক শেখৰ ছালকাৰৰ বিবৃতি অনুসৰি অভিনেতাগৰাকীয়ে পুৱা প্ৰায় ২:৩০ বজাত বন্ধু এজনক মেছেজ কৰি তেওঁৰ অসুস্থ অনুভৱৰ কথা অৱগত কৰিছিল। লগতে তেওঁৰ শৰীৰৰ বাওঁফালে বিষ হোৱা বুলিও কৈছিল।
বন্ধুৱে সময়মতে বাৰ্তাটো দেখা নাপালে। পিছত ৰাতিপুৱা ৪ বজাত তেওঁ অভিনেতাগৰাকীৰ ঘৰত উপস্থিত হৈ তেওঁক ছটফটাই থকা আৰু ঘাম ওলোৱা দেখিলে। থবৰ লাভ কৰাৰ লগে লগে চিকিৎসক আৰু মণিপাল হাস্পতালৰ এম্বুলেন্স তেওঁৰ ঘৰলৈ যায়। ঘৰতে চিপিআৰ দিয়া হৈছিল। পিছত সেই অৱস্থাতে অভিনেতাগৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকৰ চেষ্টাৰ পিছতো তেওঁক বচাব পৰা নহ’ল।
চিকিৎসালয়খনে জনোৱা মতে পুৱা ৫:২০ বজাত তেওঁক মৃত ঘোষণা কৰা হয়। প্ৰথমে তেওঁৰ মৃত্যুৰ কাৰণ হিচাপে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা বুলি উল্লেখ কৰা হৈছিল যদিও এই পৰিস্থিতিৰ সঠিক কাৰণ সম্পৰ্কে বিতং তথ্য জানিব পৰা হোৱা নাই।
মৃত অৱস্থাত চিকিৎসালয়লৈ অনাৰ পিছত আৰম্ভ হ’ল মেডিকো-লিগেল প্ৰক্ৰিয়া। নানা পাটেকাৰৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱা চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু অন্যান্য তথ্যৰ ভিত্তিত মৃত্যুৰ কাৰণ সম্পৰ্কে অধিক স্পষ্ট ধাৰণা উপলব্ধ হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। গতিকে সেই প্ৰতিবেদন অহালৈকে মৃত্যুৰ আঁৰত কোনো অপৰাধমূলক ঘটনা সংঘটিত হৈছে বুলি ধৰি লোৱাটো সঠিক নহ’ব।





