জনতা ভৱনৰ সন্মুখত কক্ৰোচ জনতা পাৰ্টীৰ এখন স্বেচ্ছাসেৱকৰ সভা অনুষ্ঠিত কৰিবলৈ অহা চিজেপিৰ সদস্য সকলক আৰক্ষীয়ে আটক কৰা সম্পৰ্কত বিতৰ্কত চলি থকাৰ মাজতে এই সন্দৰ্ভত মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত স্থানত অনুমতি দিয়া হৈছিল যদিও জনতা ভৱনৰ সন্মুখত কাৰ্যসূচী অনুষ্ঠিত কৰিবলৈ আয়োজকসকলে অনুমতি লোৱা নাছিল বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য অনুসৰি, চিজেপিক প্ৰথমে চচলত চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া স্থানত প্ৰতিবাদ কৰিবলৈ অনুমতি দিয়া হৈছিল। ইয়াৰ পিছত দলটোৱে দ্বিতীয় এটা স্থানত প্ৰতিবাদ কৰাৰ অনুমতি বিচৰাত সেই অনুমতিও প্ৰদান কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত জনতা ভৱনৰ বিপৰীতে থকা দুদুল চৌধুৰীৰ বাসগৃহত চিজেপিৰ কৰ্মীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মুখ্যমন্ত্ৰীৰ মতে, এই স্থানত প্ৰতিবাদ কৰিবলৈ চৰকাৰৰ অনুমতি লোৱা হোৱা নাছিল।
জনতা ভৱনৰ সন্মুখত অশান্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ চেষ্টা চলোৱা হৈছিল বুলি অভিযোগ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে এনে কাৰ্যকলাপ বন্ধ কৰা হৈছে। তেওঁৰ ভাষ্য অনুসৰি, “এজন ব্যক্তিয়ে জনতা ভৱনৰ সন্মুখত হুলস্থূল সৃষ্টি কৰিব বিচাৰিছিল। আমি সেয়া বন্ধ কৰিলোঁ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অনুমতি নোলোৱা স্থানত চিজেপিৰ কৰ্মীসকল গোট খোৱাৰ পিছতে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।
ইফালে চিজেপিৰ কৰ্মী সকলৰ মতে, প্ৰতিবাদেৰে জনতা ভৱনৰ সন্মুখভাগত হূলস্থূল কৰিব খোজা হৈছিল বুলি হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ক’লেও জনতা ভৱনৰ সন্মুখত কোনো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বিচৰা নাছিল দলটোৱে। দলটোৰ কৰ্মীসকলৰ মতে, তেওঁলোকে মাত্ৰ ৫০ গৰাকীমান ব্যক্তি মিলি দুদুল চৌধুৰীৰ বাসগৃহত এখন স্বেচ্ছাসেৱকৰ সভাহে অনুষ্ঠিত কৰিব খুজিছিল। কাৰোবাৰ ব্যক্তিগত ঘৰত সৰুকৈ সভা অনুষ্ঠিত কৰিলে কোনো অনুমতিৰ প্ৰয়োজন নাই।
চিজেপিৰ কৰ্মীসকলৰ মতে, চৰকাৰে অসমত চিজেপিক দুৰ্বল কৰিবলৈয়ে এখন সাধাৰণ সভাক প্ৰতিবাদৰ ৰূপ দি আটক কৰি লৈ যায় যাতে তেওঁলোকে স্বেচ্ছাসেৱক সকলৰ লগত সভা অনুষ্ঠিত কৰি পৰৱৰ্তী কাৰ্যসূচী সম্পৰ্কে আলোচনা কৰিব নোৱাৰে।





