• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ মে’ মাহত আকিজামৰ বিৰুদ্ধে ১১ গৰাকী ছাত্ৰীয়ে এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি মে’ মাহৰ প্ৰথম সপ্তাহত মৌখিক পৰীক্ষাৰ সময়ত ছাত্ৰীক যৌন ইংগিত আৰু আপত্তিজনক মন্তব্য কৰিছিল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 10, 2026 2:48 pm
মণিপুৰৰ কংগ্ৰেছ সাংসদ তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক অংগমচা বিমল আকিজাম। ফটোঃ সংগ্ৰহীত।

মণিপুৰৰ কংগ্ৰেছ সাংসদ তথা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ অধ্যাপক অংগমচা বিমল আকিজাম। ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন নিৰ্যাতনৰ অভিযোগত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় বা জে এন ইউয়ে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। মণিপুৰৰ কংগ্ৰেছ সাংসদ তথা বিশ্ববিদ্যালয়ৰ অধ্যাপক অংগমচা বিমল আকিজামক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ১১ গৰাকী ছাত্ৰীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ তদন্ত কৰে বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ সমিতিয়ে।

শুকুৰবাৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য শান্তিশ্ৰী ধূলিপুৰী পণ্ডিত স্বাক্ষৰিত নিৰ্দেশত তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে। কিন্তু বিশ্ববিদ্যালয়ৰ পৰা বৰ্খাস্ত হ’লেও তেওঁৰ সাংসদ পদ এতিয়াও বাতিল হোৱা নাই।

আনহাতে, আকিজামে সকলো অভিযোগ অস্বীকাৰ কৰিছে। তেওঁ দাবী কৰে যে তেওঁক লক্ষ্য কৰি পৰিকল্পিতভাৱে হাৰাশাস্তি কৰা হৈছে।

Apply Now

প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ মে’ মাহত আকিজামৰ বিৰুদ্ধে ১১ গৰাকী ছাত্ৰীয়ে এজাহাৰ দাখিল কৰিছিল। অভিযোগ অনুসৰি মে’ মাহৰ প্ৰথম সপ্তাহত মৌখিক পৰীক্ষাৰ সময়ত ছাত্ৰীক যৌন ইংগিত আৰু আপত্তিজনক মন্তব্য কৰিছিল। আনকি তেওঁলোকে তেওঁৰ যৌন প্ৰস্তাৱত সন্মতি দিলে পৰীক্ষাত অতিৰিক্ত নম্বৰ দিব বুলিও ইংগিত দিছিল।

প্ৰথমে এগৰাকী ছাত্ৰীয়ে সহপাঠীৰ হোৱাটছএপ গ্ৰুপত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰিলে। ইয়াৰ পিছত আন কেইবাগৰাকীও ছাত্ৰীয়েও একেধৰণৰ অভিজ্ঞতা লৈ আগবাঢ়ি আহিল। পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অভিযোগ দাখিল কৰা হয়। জে এন ইউয়ে মে’ মাহত এখন আভ্যন্তৰীণ তদন্ত সমিতি গঠন কৰি বিষয়টো অনুসন্ধান কৰিছিল।

বিশ্ববিদ্যালয়খনৰ নিৰ্দেশ অনুসৰি অভিযোগৰ ভিত্তিত আভ্যন্তৰীণ সমিতিখনে তদন্ত চলাইছিল। সেই তদন্তৰ ফলাফলৰ ভিত্তিত অধ্যাপকজনৰ বিৰুদ্ধে কঠোৰ শাস্তি দিয়াৰ পৰামৰ্শ দিয়া হৈছিল। ইয়াৰ পিছত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ অনুশাসন সম্পৰ্কীয় নিয়ম অনুসৰি তেওঁক তাৎক্ষণিকভাৱে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লোৱা হয়। বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কয় যে নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ কৰি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অৱশ্যে এই সিদ্ধান্ত মানি ল’বলৈ অনিচ্ছুক আকিজামে। সংবাদ সংস্থা পিটিআইক তেওঁ কয় যে এই পদক্ষেপে তেওঁৰ বিৰুদ্ধে ‘ডাইনীৰ নামত বলি’ (উইচ হান্ট) বা উদ্দেশ্য প্ৰণোদিত হাৰাশাস্তিৰ বিষয়টো পোহৰলৈ অনাৰ সুযোগ প্ৰদান কৰিব। অভিযোগ সঁচা হ’লে সংশ্লিষ্ট লোকসকলে আগবাঢ়ি আহি প্ৰমাণ দেখুৱাব লাগে বুলি তেওঁ দাবী কৰে। তেওঁ তদন্তৰ প্ৰতিবেদন বা চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ নিৰ্দেশৰ প্ৰতিলিপি পোৱা নাই বুলিও কয়। তেওঁ লগতে অভিযোগৰ প্ৰমাণ পোহৰলৈ অনাৰ দাবী উত্থাপন কৰে।

এই ঘটনাক লৈ ৰাজনৈতিক বিতৰ্কও আৰম্ভ হৈছে। মহিলাৰ সুৰক্ষাৰ কথা কোৱা কংগ্ৰেছে সাংসদসকলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে বিজেপি নেত্ৰী স্মৃতি ইৰাণীয়ে। মহিলাৰ অধিকাৰ আৰু পিতৃতন্ত্ৰৰ বিৰুদ্ধে সৰৱ হৈ থকাৰ পিছতো অভিযুক্ত সাংসদসকলৰ বিৰুদ্ধে কংগ্ৰেছে গ্ৰহণ কৰা পদক্ষেপ স্পষ্ট নহয় বুলিও কয়।

আনহাতে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ বা এবিভিপিয়ে বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্তক আদৰণি জনাইছে। সংগঠনটোৰ জেএনইউ ইউনিটৰ সভাপতি মায়ংক পাঞ্চলে দাবী কৰে যে ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে অভিযোগৰ জবাবদিহিতা প্ৰতিষ্ঠা কৰাৰ বাবে এই পদক্ষেপ গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলৰ ন্যায় সুনিশ্চিত কৰিবলৈ আইনী প্ৰক্ৰিয়া আগবঢ়াই নিবলৈও দাবী জনাইছে।

মণিপুৰৰ ইনাৰ মণিপুৰ লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ সাংসদ হিচাপে নিৰ্বাচিত হয় আকিজাম। শিক্ষকতাৰ উপৰিও তেওঁ সংসদীয় ৰাজনীতিতো সক্ৰিয়। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু বিশ্ববিদ্যালয়ৰ এই সিদ্ধান্ত এতিয়া ৰাজনৈতিক মহলত উত্তপ্ত বিষয়। অৱশ্যে অভিযোগ, তদন্তৰ ফলাফল আৰু অভিযুক্তৰ বক্তব্যৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী পদক্ষেপলৈ দৃষ্টি ৰখা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd