• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2026 9:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিবলৈ গৈ আৰক্ষীৰ হাতত আটক হোৱাৰ অভিযোগ উত্থাপন কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়ে। আৰক্ষীয়ে তেওঁলোকক এখন প্ৰিজন ভেনত প্ৰায় দুঘণ্টা ধৰি ঘূৰাই ফুৰোৱাৰ অভিযোগ কৰি শনিবাৰে থানাৰ সন্মুখতে প্ৰতিবাদী অৱস্থান গ্ৰহণ কৰে মমতাই। প্ৰতিবাদৰ অংশ হিচাপে এটুপি পানীও নোখোৱাৰ সিদ্ধান্ত লৈছে তেওঁ আৰু তেওঁৰ সহযোগীসকলে।

শনিবাৰে দিনটোৰ প্ৰতিবাদৰ বিভিন্ন ঘটনাই দিল্লীত ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে। প্ৰতিবাদ আৰম্ভ হোৱাৰ পূৰ্বেই আৰক্ষীয়ে কেইবাগৰাকী লোকক ভেনত তুলি নিয়াৰ অভিযোগ উত্থাপন হৈছে। তেওঁলোকৰ মাজত কোনো প্ৰতিবাদত অংশ ল’বলৈ অহা লোক, কোনো বাতৰি সংগ্ৰহ কৰিবলৈ অহা সাংবাদিক আৰু আন কোনো লোক আত্মীয়ক চিকিৎসালয়লৈ নিয়াৰ পথত আৰক্ষীৰ হাতত আটক হোৱা বুলি দাবী কৰিছে। এই ঘটনাত মমতা বন্দ্যোপাধ্যায়ৰ লগতে অৰবিন্দ কেজৰিৱাল, পিনাৰাই বিজয়ন আৰু মানিক সৰকাৰকো আটক কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।

Apply Now

দিল্লীত সন্মুখীন হোৱা অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি মমতাই কয়, “আমাক কাৰ্যতঃ অপহৰণ কৰি এখন গাড়ীত প্ৰায় দুঘণ্টা ধৰি ঘূৰোৱা হৈছে। আমি কোনো আইন ভংগ কৰা নাছিলোঁ। যন্তৰ-মন্তৰলৈ যাব বিচাৰিছিলোঁ যদিও আমাক সোমাবলৈ দিয়া নহ’ল। বাধ্য হৈ আমাৰ দলৰ ছগৰাকী সাংসদে এখন বাছ আস্থানৰ ওচৰত পথৰ ওপৰতে বহি প্ৰতিবাদ কৰে। আৰক্ষীয়ে আমাক বেনাৰ আঁতৰাবলৈ কয় আৰু তাত কোনো লোককে থিয় হ’বলৈ দিয়া নহ’ব বুলি জনায়। পৰিস্থিতি দেখি এনে লাগিছিল যেন জৰুৰীকালীন অৱস্থা চলিছে। তথাপি আমি তেওঁলোকৰ সকলো নিৰ্দেশ মানি লৈছিলোঁ।”

সকলো চৰ্ত মানি লোৱাৰ পাছতো তেওঁলোকক আটক কৰি প্ৰিজন ভেনৰ ভিতৰত আবদ্ধ কৰি ৰখা হৈছিল বুলি অভিযোগ কৰে মমতাই। তেওঁৰ ভাষ্য অনুসৰি, জীৱনত প্ৰথমবাৰৰ বাবে তেওঁ প্ৰিজন ভেনত উঠিবলগীয়া হয়। অপৰাধত অভিযুক্ত লোকক কঢ়িয়াবলৈ ব্যৱহাৰ কৰা এনে বাহনৰ ভিতৰত বন্দী কৰি কোনো অপৰাধ নকৰা লোকক দুঘণ্টা ধৰি ঘূৰাই ফুৰোৱাটো অন্যায় বুলি মন্তব্য কৰে তেওঁ।

এই ঘটনাৰ প্ৰতিবাদতে থানাৰ সন্মুখত ধৰ্ণাত বহাৰ কথা উল্লেখ কৰি মমতাই কয়, “আমাক দুঘণ্টা ধৰি আটক কৰি ৰখাৰ বিৰুদ্ধে আমাৰ এই যুঁজ চলিব। মোৰ সহকৰ্মী দোলা, ডেৰেক, সাকেত, প্ৰতিমা আৰু শামিৰুল মোৰ সৈতে আছে। আমি সকলোৱে মিলি এই প্ৰতিবাদ আৰম্ভ কৰিছোঁ। প্ৰতিবাদৰ অংশ হিচাপে আমি এটুপি পানীও নাখাওঁ। মোৰ এনে লাগে, ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰ বৰ সুখী হ’ব!”

আৰক্ষীক সমালোচনা কৰাৰ লগতে শাসকপক্ষৰ বিৰুদ্ধেও সৰৱ হয় মমতা। তেওঁ কয়, “মূল পৰিকল্পনাকাৰীৰ নিৰ্দেশ পালন কৰাৰ বাবে মই কেৱল আৰক্ষীক দোষ দিব বিচৰা নাই। কিন্তু ক্ষমতাৰ মোহত অন্ধ হৈ শাসকপক্ষ ইমান অহংকাৰী কেনেকৈ হ’ল, সেয়া বুজি পোৱা নাই। ছাত্ৰ-ছাত্ৰী, যুৱসমাজ আৰু মহিলাৰ ওপৰত কিয় ইমান অত্যাচাৰ চলোৱা হৈছে? এনে ঘটনা কেনেকৈ ঘটিব পাৰে, সেয়া মোৰ কল্পনাৰো বাহিৰত।”

মহালয়াৰ কথা উল্লেখ কৰি মমতাই পশ্চিমবংগৰ ৰাইজক অশুভ শক্তিৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান জনায়। তেওঁ কয়, “সকলোৱে জানে, মা দুৰ্গাৰ আগমনে অশুভ শক্তিৰ বিনাশৰ বাৰ্তা কঢ়িয়াই আনে। অশুভ শক্তিৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হৈ মানৱশৃংখল গঢ়ি তুলিবলৈ মই ৰাইজক আহ্বান জনাইছোঁ।”

শনিবাৰে নিশাই পশ্চিমবংগলৈ উভতি যোৱাৰ কথা আছিল যদিও আৰক্ষীৰ এই কাৰ্যৰ প্ৰতিবাদত ধৰ্ণা অব্যাহত ৰখাৰ সিদ্ধান্ত লোৱা বুলি জনায় মমতাই। তেওঁ কয় যে ৪৮ ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যখনৰ বিভিন্ন স্থানত মানৱশৃংখল গঢ়ি তোলাৰ প্ৰস্তুতি চলিছে।

“আমি এতিয়া পথৰ কাষত আশ্ৰয়হীন লোকৰ দৰে বহি আছোঁ। আগলৈ কি হ’ব, সেয়া আমি নাজানো। কিন্তু আমি অকণো ভয় খোৱা নাই। আমাৰ ওপৰত হোৱা অন্যায়ৰ প্ৰতিবাদতে এই ধৰ্ণা অব্যাহত ৰাখিছোঁ। আমি পানীও নাখাওঁ,” বুলি স্পষ্ট কৰি দিয়ে মমতা বন্দ্যোপাধ্যায়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চচলত শতাধিক লোকৰ প্ৰতিবাদ : পথলৈ ওলাই অহাত বাধা আৰক্ষীৰ

October 10, 2026 6:30 pm
বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

বন্ধ হ’ব কহিনুৰ থিয়েটাৰ! অন্ত পৰিব নেকি পাঁচ দশৰ নাট্য ইতিহাস?

October 10, 2026 5:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

‘আমাক অপহৰণ কৰি দুঘণ্টা প্ৰিজন ভেনত ঘূৰালে’, দিল্লীত থানাৰ সন্মুখত এটুপি পানীও নোখোৱাকৈ মমতাৰ প্ৰতিবাদ

October 10, 2026 9:01 pm
মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

মুকলি দুৱাৰৰ কাষত থিয় হৈ থাকোঁতেই ৰে’লৰ পৰা পৰি মৃত্যু হিমাশ্ৰী বড়োৰ! সহযাত্ৰীয়ে দিলে বৰ্ণনা

October 10, 2026 7:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd