এটা ভৰ্তি শ্ৰেণীকোঠা। পঢ়া-শুনা চাঙত তুলি জমি উঠা গানৰ আড়্াত মজি উঠিছে শিক্ষক-শিক্ষাৰ্থীসকল। কেৱল সেয়াই নহয়, শিক্ষকজনে নিজেই এজন ছাত্ৰৰ তকলা মূৰত তবলা বজাই আড্ডাটো সপ্তমত তুলিছিল। সেই মুহূৰ্তৰ ভিডিঅ’টো ছচিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে। ইয়াক কেন্দ্ৰ কৰিয়েই এতিয়া তুংগত আছে চৰ্চা।
সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি উত্তৰ প্ৰদেশৰ ইটাৱাত সংঘটিত হৈছে এই ঘটনা। এখন প্ৰাথমিক বিদ্যালয়ত শিক্ষকগৰাকীৰ এই আচৰণ দেখি অভিভাৱকসকল স্তম্ভিত হৈ পৰে।
শিক্ষকজনৰ নাম দীনেশ কুমাৰ মাথুৰ। সেই শ্ৰেণীৰ এজন ছাত্ৰক তেওঁ নিজৰ ফোনটোৰে গান-বাজনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰিবলৈ দিছিল। তাৰ পিছত তেওঁ নিজেই সেইটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।
ছ’চিয়েল মিডিয়াত ভিডিঅ’টোক কেন্দ্ৰ কৰি চৰ্চা আৰম্ভ হোৱাৰ লগে লগে প্ৰাথমিক শিক্ষা বিভাগৰো দৃষ্টিগোচৰ হয়। ইয়াৰ পিছতে শিক্ষা বিভাগে শিক্ষকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে।
ভিডিঅ’টোত দীনেশ কুমাৰক শ্ৰেণীকোঠাৰ চকী এখনত বহি থকা দেখা গৈছে। তেওঁৰ চাৰিওফালে মাটিত বহি আছে কেইবাগৰাকীও শিক্ষাৰ্থী। এজন ছাত্ৰক ভৰিৰ ওচৰত বহিবলৈ দিলে। কৌতুক স্বৰূপে ছাৰে ছাত্ৰজনৰ তকলা মূৰত তবলা বজাই মজা কৰিছিল। বাকী শিক্ষাৰ্থীসকলে সেয়া দেখি হাঁহি হাঁহি লুটি খাই পৰিছিল।
#VIRAL: Teacher seen playing tabla on a student’s head, laughing and dancing.
Teacher suspended!
📍Etawah, Uttar Pradesh https://t.co/goTIqIl0K5
— Karan Singh / करन सिंह (@Journo_Karan) October 9, 2026
এই ঘটনা পোহৰলৈ অহাৰ লগে লগে শিক্ষা বিভাগে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকজনক নিলম্বন কৰে। লগতে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু ভৱিষ্যতে এনে আচৰণ সহ্য কৰা নহ’ব বুলিও জনোৱা হয়। আনকি ছ’চিয়েল মিডিয়াত নেটিজেনসকলেও এই ভিডিঅ’টো চাই শিক্ষকজনৰ সমালোচনাত সৰৱ হৈ পৰিছে।





