এখন ছবিয়ে যদি চৰকাৰক ভয় খুৱাব পাৰে, তেন্তে গণতন্ত্ৰৰ অৱস্থা কি? নিশা আৰক্ষীয়ে আটক কৰি চাৰি ঘণ্টা জিম্মাত ৰখাৰ পিছত মুকলি হৈ এই প্ৰশ্নৰে সৰৱ হ’ল অসমৰ চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা। শনিবাৰে নিশা গুৱাহাটীৰ মঠঘৰীয়াৰ পৰা নুনমাটি আৰক্ষীয়ে তেওঁক আটক কৰিছিল। অৱশ্যে কি কাৰণত তেওঁক আটক কৰা হৈছিল, সেই বিষয়ে স্পষ্টকৈ জানিব পৰা হোৱা নাই। দেওবাৰে পুৱতি নিশা প্ৰায় ১ বজাত তেওঁক মুকলি কৰি দিয়া হয়।
নিজৰ অভিজ্ঞতাৰ কথা সাংবাদিকৰ আগত বৰ্ণনা কৰি মাৰ্শ্বেল বৰুৱাই কয় যে শনিবাৰে নিশা প্ৰায় ৯ বজাত তেওঁ পথত বন্ধুৰ সৈতে কথা পাতি ঘূৰি আছিল। তাৰ পিছত ফোনত কথা পাতি আন এঠাইলৈ যাবলৈ লওঁতেই আৰক্ষীয়ে আহি অলপ কথা পাতিব বিচৰা বুলি কয়। তাৰ পিছতে তেওঁক আৰক্ষীৰ বাহনত বহুৱাই লৈ যোৱা হয়।
এইদৰে হঠাতে আৰক্ষীয়ে তেওঁক লৈ যোৱা কাৰ্যক সম্পূৰ্ণ বেআইনী আখ্যা দিয়ে মাৰ্শ্বেল বৰুৱাই। তেওঁ কয়, “মই ঘৰৰ পৰা মাত্ৰ ওলাই আহিছিলোঁ। তেনেতে মোক হঠাতে উঠাই লৈ গ’ল। এয়া সম্পূৰ্ণ বেআইনী। চৰকাৰখনক হিটলাৰৰ শাসনৰ দৰে অনুভৱ হয়। বহুদিনৰ পৰাই আমি এনেধৰণৰ ঘটনা দেখি আহিছোঁ।”
গণতন্ত্ৰৰ ভৱিষ্যতক লৈও উদ্বেগ প্ৰকাশ কৰে শিল্পীগৰাকীয়ে। তেওঁৰ মতে, গণতন্ত্ৰৰ অৱসান ঘটিবলৈ ধৰিছে আৰু এনে পৰিস্থিতিত প্ৰতিগৰাকী নাগৰিক সজাগ হোৱাটো জৰুৰী। তেওঁ কয়, “আজি মোক উঠাই লৈ গৈছে, কাইলৈ আন কাৰোবাক লৈ যাব। গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আমি সকলোৱে সজাগ হ’ব লাগিব।”
ৰাজ্যত ন্যায় প্ৰদানৰ ক্ষেত্ৰত দেখা দিয়া ঘটনাসমূহৰ প্ৰসংগ টানি মাৰ্শ্বেল বৰুৱাই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগতো প্ৰশ্ন উত্থাপন কৰে। তেওঁ কয় যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত গাফিলতি হোৱা বুলি বহুতে অনুভৱ কৰিছে। শেহতীয়াকৈ অমৃতপ্ৰভা মহন্তৰ জামিন লাভৰ প্ৰসংগ উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে, “এফালে এনেধৰণৰ ঘটনা দেখিছোঁ, আনফালে সাধাৰণতে ছবি আঁকি জীৱন নিৰ্বাহ কৰা এজন যুৱকক এনেদৰে আটক কৰা হৈছে। এইবোৰ কি চলিছে?”
মাৰ্শ্বেল বৰুৱাৰ ভাষ্য অনুসৰি, আৰক্ষীয়ে তেওঁক জিম্মাত ৰখাৰ সময়ছোৱাত প্ৰতিবাদ কৰিব নেকি, নে কিবা ছবি আঁকিব, সেই বিষয়ে বাৰে বাৰে সোধা হৈছিল। ইয়াৰ উত্তৰত তেওঁ কোনো প্ৰতিবাদ বা ছবি অঁকাৰ পৰিকল্পনা নাই বুলি জনাইছিল। ব্যক্তিগত কামত ব্যস্ত থকাৰ কথাও আৰক্ষীক জনোৱা বুলি তেওঁ কয়।
“আৰক্ষীয়ে মোক সুধিছিল—তুমি কি কৰিবা, প্ৰতিবাদ কৰিবা নে ছবি আঁকিবা? মই কৈছিলোঁ যে মোৰ তেনে কোনো পৰিকল্পনা নাই। মই নিজৰ কামত ব্যস্ত,” সাংবাদিকৰ আগত এইদৰে কয় শিল্পীগৰাকীয়ে।
আৰক্ষীৰ এনে আচৰণত হতাশা প্ৰকাশ কৰি মাৰ্শ্বেল বৰুৱাই কয় যে প্ৰতিবাদক লৈ চৰকাৰৰ ভয় আছে যেন লাগে। কেৱল এখন ছবি অঁকাৰ বাবেই যদি কোনো ব্যক্তিক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হয়, তেন্তে সেয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে।
শনিবাৰে এখন বিয়াত অংশ ল’বলৈ ৰঙিয়ালৈ যোৱাৰ পৰিকল্পনা আছিল মাৰ্শ্বেল বৰুৱাৰ। কিন্তু আৰক্ষীয়ে লৈ যোৱাৰ ফলত পলম হোৱাত সেইদিনা তেওঁ যাব নোৱাৰিলে। দেওবাৰে ৰঙিয়ালৈ যোৱাৰ কথা সাংবাদিকক জনায় তেওঁ।
কেৱল ছবি আঁকি থকা এজন শিল্পীক লৈ আৰক্ষীয়ে বাৰে বাৰে প্ৰশ্ন কৰাক লৈ সাংবাদিকে চৰকাৰ এখন ছবিক লৈ কিয় ইমান শংকিত বুলি সোধাত মাৰ্শ্বেল বৰুৱাই কয়, “এতিয়া যেন ছবি আঁকিলেও চৰকাৰে ভয় খাবলৈ লৈছে।”
গণতান্ত্ৰিক ব্যৱস্থাত মত প্ৰকাশৰ স্বাধীনতা আৰু প্ৰতিবাদৰ অধিকাৰক লৈ পুনৰ প্ৰশ্নৰ সৃষ্টি কৰিছে শিল্পীগৰাকীৰ এই অভিযোগে। অৱশ্যে, তেওঁক আটক কৰাৰ প্ৰকৃত কাৰণ সন্দৰ্ভত আৰক্ষীৰ স্থিতি এতিয়াও স্পষ্ট হোৱা নাই।


