• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 12, 2026 9:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে। প্ৰতিবাদৰ বাবে নিৰ্ধাৰিত স্থানত অধিবক্তাসকলে নিজৰ মত প্ৰকাশ কৰিব পাৰে। সোমবাৰে এই মন্তব্য কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে । মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ কাম-কাজক লৈ হোৱা প্ৰতিবাদৰ সময়ত অধিবক্তাক আটক কৰা আৰু আৰক্ষীৰ অত্যাচাৰৰ অভিযোগ সম্পৰ্কীয় এক আবেদনৰ শুনানিৰ সময়ত এই মন্তব্য কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে।

জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰনাৰায়ণে মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত বিষয়টো উত্থাপন কৰি অভিযোগ কৰে যে প্ৰতিবাদৰ সময়ত অধিবক্তাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছিল। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩নং ধাৰাৰ অধীনত কোনো নিৰ্দেশ জাৰি কৰা হৈছিল নেকি, সেই সম্পৰ্কীয় নিৰ্দেশৰ প্ৰতিলিপিও ৰাজহুৱা স্থানত উপলব্ধ নহয় বুলি তেওঁ উল্লেখ কৰে।

Apply Now

প্ৰতিবাদৰ সময়ত অধিবক্তাসকলৰ ওপৰত বল প্ৰয়োগ কৰা বুলি অভিযোগ কৰি আৰক্ষীক সংযম বজাই ৰাখিবলৈ নিৰ্দেশ দিয়াৰ বাবে আদালতক অনুৰোধ জনায় শংকৰনাৰায়ণে। তেওঁ দাবী কৰে যে জ্যেষ্ঠ অধিবক্তা ফাৰাছাতক ৰাজপথেৰে চোঁচৰাই নিয়া হৈছিল। এনে ব্যৱহাৰ অনুচিত বুলি উল্লেখ কৰি তেওঁ আৰক্ষীৰ অতিৰিক্ত বল প্ৰয়োগ আৰু যুৱ প্ৰতিবাদকাৰীৰ ওপৰত একাংশ ব্যক্তিয়ে আক্ৰমণ চলোৱাৰ অভিযোগো উত্থাপন কৰে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সৈতে জড়িত আন এখন গোচৰৰ সৈতে এই বিষয়টো মঙলবাৰে একেলগে শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ শংকৰনাৰায়ণে আদালতক অনুৰোধ জনায়।

ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে কয় যে এই পৰ্যায়ত তেওঁ আৰু কোনো মন্তব্য কৰিব নিবিচাৰে। অৱশ্যে অধিবক্তাসকলৰ অধিকাৰৰ কথা স্পষ্ট কৰি তেওঁ কয়, “প্ৰতিজন অধিবক্তা আৰু বাৰ এছ’চিয়েচনৰ প্ৰতিজন সদস্যৰ নিৰ্ধাৰিত স্থানত শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ আছে।”

শংকৰনাৰায়ণে আৰু অভিযোগ কৰে যে একাংশ ব্যক্তিয়ে প্ৰতিবাদকাৰীৰ ওপৰত আক্ৰমণ চলোৱাৰ সময়ত আৰক্ষীয়ে হস্তক্ষেপ কৰা নাছিল। আনকি, শিশুৰ মূৰত লাঠীৰে আঘাত কৰা বুলিও তেওঁ দাবী কৰে। এই ঘটনাসমূহৰ ভিডিঅ’ পৰৱৰ্তী শুনানিত আদালতৰ সন্মুখত দাখিল কৰা হ’ব বুলি তেওঁ জনায়।

জ্যেষ্ঠ অধিবক্তা দীনেশ দ্বিবেদী আৰু উত্তৰা বাব্বৰক বাছত আৱদ্ধ কৰি ৰখাৰ অভিযোগো উত্থাপন কৰে শংকৰনাৰায়ণে। অধিবক্তাসকলৰ সৈতে এনে ব্যৱহাৰ উদ্বেগজনক বুলি মন্তব্য কৰি তেওঁ অধিবক্তা আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে আৰক্ষীৰ অত্যধিক বল প্ৰয়োগৰ বিৰুদ্ধে কঠোৰ বাৰ্তা দিয়াৰ বাবে আদালতক আহ্বান জনায়।

মুখ্য ন্যায়াধীশে বিষয়টো মঙলবাৰে শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ সন্মতি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে দেওবাৰেও উচ্চতম ন্যায়ালয়ে বিশেষ শুনানি গ্ৰহণ কৰিছিল। সেই শুনানিত নিৰস্ত্ৰ নাগৰিকক অবৈধভাৱে আটক কৰিব নোৱাৰিব বুলি নিৰ্দেশ দিয়াৰ লগতে অধিবক্তা, সাংবাদিক আৰু আন পেছাৰ সৈতে জড়িত লোকসকলক নিজৰ কৰ্তব্য পালন কৰাত বাধা দিব নোৱাৰিব বুলি স্পষ্ট কৰিছিল আদালতে।

ভাৰতীয় নিৰ্বাচন আয়োগৰ কাম-কাজ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক লৈ সৃষ্টি হোৱা উদ্বেগৰ মাজতে দিল্লীত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ব্যৱহাৰ আৰু অধিবক্তাসকলক আটক কৰাৰ অভিযোগক লৈ এতিয়া বিষয়টোৱে উচ্চতম ন্যায়ালয়ৰ মজিয়াত গুৰুত্ব লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd