মধ্যপ্ৰদেশৰ বুধনী বিধান সভা সমষ্টিৰ কোছমি গাঁৱত বন বিভাগে ১২টা জনজাতীয় লোকৰ গৃহ ভাঙি পেলোৱাৰ পিছতে এক বৃহৎ বিতৰ্কৰ সৃষ্টি হৈছে। এই অঞ্চল কেন্দ্ৰীয় কৃষি মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ বিদিশা সমষ্টিৰ অন্তৰ্গত।
দেওবাৰে ঘটনাৰ খবৰ পোৱাৰ লগে লগে চৌহানে ব্যক্তিগতভাৱে ঘটনাস্থলীত উপস্থিত হৈ কান্দোনত ভাগি পৰা পৰিয়ালকেইটাৰ সৈতে ধৰ্ণাত বহে।
বিষয়াসকলৰ নিৰ্দয়তাক লৈ প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, “এই বৰ্বৰতাৰ আঁৰৰ লোকসকল একেবাৰে হৃদয়হীন আৰু মানৱতাহীন। এইটো দেখদেখকৈ কৰা এক গুৰুতৰ অন্যায়। আনকি ঈশ্বৰেও এনে অত্যাচাৰীক কেতিয়াও ক্ষমা নকৰে।”
ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে সাক্ষাৎ কৰাৰ পিছত শিৱৰাজ সিং চৌহানে অতি কঠোৰ স্থিতি গ্ৰহণ কৰে। ঘটনাস্থলীৰ ভয়াবহ পৰিস্থিতিৰ বৰ্ণনা কৰি তেওঁ কয়, “আজি মোৰ সংসদীয় সমষ্টিত অত্যাচাৰ আৰু অন্যায়ৰ সকলো সীমা অতিক্ৰম কৰা হ’ল। আজি পুৱালৈকে সুখ আৰু শিশুৰ হাঁহিৰে ভৰি থকা ঘৰবোৰ এতিয়া দুখ-কান্দোনেৰে ভৰি পৰিছে। মহিলাসকলে কান্দি কান্দি বুকুত চপৰিয়াইছে। মানুহৰ বছৰ বছৰ ধৰি বাস কৰি অহা ঘৰবোৰ ভাঙি ধ্বংস কৰি দিয়া হৈছে।”
তেওঁ লগতে কয় যে কেৱল ঘৰ ভাঙি দিয়াই নহয়, কৃষকৰ কষ্টোপাৰ্জিত শস্যও ধ্বংসাৱশেষৰ তলত পুতি পেলোৱা হৈছে। পথাৰত থকা কুঁৱাবোৰ মাটিৰে ভৰি পৰিল, মানুহৰ কষ্টোপাৰ্জিত ধন আৰু ঘৰ-বাৰী এক মুহূৰ্ততে ধ্বংস হৈ গ’ল। বছৰ বছৰ ধৰি তাত বাস কৰা এই পৰিয়ালবোৰক গৃহহীন কৰি ৰাজপথত পেলাই দিয়া হৈছে।
ভুক্তভোগীক ন্যায়ৰ আশ্বাস দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ন্যায় সুনিশ্চিত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিব বুলি কয়। তেওঁ কয়, “এই সমগ্ৰ বিষয়টোৰ প্ৰকৃত সত্য মই মুখ্যমন্ত্ৰীৰ আগত তুলি ধৰিম। এই ধ্বংসলীলাৰ সৃষ্টি কৰা বন বিভাগৰ বিষয়াসকলে ইমান কঠোৰ আৰু দৃষ্টান্তমূলক ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব, যাতে মানুহৰ বেশত কোনো পশুৱে কোনো নিৰীহ ব্যক্তিৰ বিৰুদ্ধে এনে অত্যাচাৰ কৰিবলৈ কেতিয়াও সাহস নকৰে।”
বাৰেলা জনজাতি সম্প্ৰদায়ৰ লোকসকলে কয় যে তেওঁলোকে ইয়াত বহু বছৰ ধৰি বাস কৰি আহিছে। এই কাৰ্য্যৰ সময়ত কেৱল তেওঁলোকৰ ঘৰ ভাঙি পেলোৱাই নহয়, ঠন ধৰি উঠা শস্যও ধ্বংস হৈছে, আৰু এটা কুঁৱাও মাটিৰে ভৰি পৰিছিল।
শিৱৰাজ সিং চৌহানে সেই স্থানৰ পৰাই মুখ্য সচিব অশোক বৰ্ণৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি হেমন্ত খাণ্ডেলৱালৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰশ্ন কৰে যে তেওঁৰ পূৰ্বৰ নিৰ্দেশৰ পিছতো এই উচ্ছেদ কেনেকৈ হ’ল। তেওঁ ঘোষণা কৰে যে ভুক্তভোগীৰ ঘৰ পুনৰ নিৰ্মাণ কৰা হ’ব আৰু স্থায়ী ব্যৱস্থা নোহোৱালৈকে তেওঁলোকৰ আৱাস আৰু খাদ্যৰ পৰ্যাপ্ত ব্যৱস্থা কৰা হ’ব। লগতে মুখ্যমন্ত্রী মোহন যাদৱৰ আগত এই বিষয়টো উত্থাপন কৰাৰো প্রতিশ্রুতি দিয়ে৷
আনহাতে, বন বিভাগে কয় যে ২০২১ চনত চৰকাৰী উদ্যান ধ্বংস কৰি তাত অবৈধ খেতি আৰু জুপুৰি নিৰ্মাণ কৰা হৈছিল, যিবোৰ উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছত আঁতৰাই পেলোৱা হৈছে।
এই বিষয়টোক লৈ ৰাজনীতিও উত্তপ্ত হৈ পৰিছে। বিধানসভাত বিৰোধী দলৰ নেতা উমাং সিংহাৰে অভিযোগ কৰে যে বিজেপি চৰকাৰৰ আভ্যন্তৰীণ কন্দল আৰু অৰিয়াঅৰিৰ ফল দৰিদ্ৰ আদিবাসীসকলে ভোগ কৰিবলগীয়া হৈছে। তেওঁলোক গৃহহীন হোৱাৰ আশংকাৰ সন্মুখীন হৈছে ।





