• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 13, 2026 6:52 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পঞ্জাৱত মাদক দ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ হেৰুৱালে এগৰাকী সমাজকৰ্মীয়ে। ৰাজ্যখনৰ মানছাত সোমবাৰে পুৱা এগৰাকী ঔষধৰ দোকানীৰ গুলীত নিহত হয় মাদকবিৰোধী আন্দোলনৰ পৰিচিত কৰ্মী পৰবিন্দৰ ঝোটা। এই হত্যাকাণ্ডৰ দৃশ্য ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে। ঘটনাক কেন্দ্ৰ কৰি পঞ্জাৱৰ ৰাজনীতিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি আৰু মাদক দ্ৰব্যৰ বিৰুদ্ধে চৰকাৰৰ অভিযানক লৈ আম আদমী পাৰ্টিৰ চৰকাৰক কঠোৰ সমালোচনা কৰিছে বিৰোধী দলসমূহে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, পৰবিন্দৰ ঝোটাই দীৰ্ঘদিন ধৰি পঞ্জাৱত চলি থকা মাদক দ্ৰব্যৰ অবৈধ বেহাৰ বিৰুদ্ধে মাত মাতি আহিছিল। সোমবাৰে পুৱা তেওঁ মানছাৰ এখন ঔষধৰ দোকানত উপস্থিত হয়। উক্ত দোকানখনৰ পৰা অবৈধভাৱে মাদক দ্ৰব্য বিক্ৰী কৰা বুলি অভিযোগ উত্থাপন হৈছিল। এই বিষয়টো লৈ দোকানীজনৰ সৈতে মুখামুখি হয় ঝোটা আৰু অবৈধ বেহাৰ বিৰুদ্ধে প্ৰতিবাদ কৰে।

Apply Now

ইয়াৰ পাছতে দোকানখনৰ ভিতৰতে দুয়োপক্ষৰ মাজত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হয়। ভাইৰেল হোৱা দৃশ্য অনুসৰি, বাক-বিতণ্ডাৰ মাজতে দোকানীজনে হঠাৎ বন্দুক উলিয়াই পৰবিন্দৰ ঝোটাক নিচেই ওচৰৰ পৰা লক্ষ্য কৰি ধাৰাবাহিকভাৱে গুলীচালনা কৰে। কেইবাটাও গুলী তেওঁৰ দেহত লাগে। এই আক্ৰমণত ঝোটাৰ এজন সহযোগীও গুৰুতৰভাৱে আহত হয়। ঘটনাৰ পাছতে দোকানখন বন্ধ কৰি অভিযুক্তই পলায়ন কৰে। খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদক দ্ৰব্যৰ সমস্যা ইতিমধ্যে এক স্পৰ্শকাতৰ ৰাজনৈতিক বিষয় হৈ পৰিছে। এনে সময়তে মাদকবিৰোধী আন্দোলনৰ এজন কৰ্মী গুলীয়াই নিহত হোৱাৰ ঘটনাই ভগৱন্ত মান নেতৃত্বাধীন আপ চৰকাৰক অস্বস্তিত পেলাইছে। কংগ্ৰেছ আৰু শিৰোমণি আকালি দলে এই ঘটনাক লৈ চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনা আৰম্ভ কৰিছে।

কংগ্ৰেছ নেতা অমৰিন্দৰ সিং ৰাজা ৱাৰিঙে পৰবিন্দৰ ঝোটাৰ মৃত্যুৰ বাবে চৰকাৰৰ ব্যৰ্থতাক জগৰীয়া কৰিছে। সামাজিক মাধ্যমৰ ‘এক্স’ত তেওঁ অভিযোগ কৰে যে পঞ্জাৱত মাদক দ্ৰব্যৰ অভিশাপৰ বিৰুদ্ধে যুঁজ দিয়া ঝোটাক চৰকাৰে কোনো সুৰক্ষা দিব নোৱাৰিলে। দিনৰ পোহৰতে সংঘটিত এই হত্যাকাণ্ডই ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতিৰ ভয়াবহ ছবিখন উদঙাই দিয়া বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, শিৰোমণি আকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলে পঞ্জাৱৰ পৰিস্থিতিক ‘জংঘলৰাজ’ বুলি অভিহিত কৰি আপ চৰকাৰক আক্ৰমণ কৰে। তেওঁৰ অভিযোগ, মাদক দ্ৰব্যৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ নামত চৰকাৰে কেৱল প্ৰচাৰ চলাইছে। প্ৰকৃততে মাদক সমস্যাৰ সমাধান কৰাৰ পৰিৱৰ্তে ৰাজ্যখনৰ সম্পদ লুণ্ঠন কৰাতহে চৰকাৰ ব্যস্ত। দলটোৰ আন এজন নেতা বিক্ৰম সিং মাজিঠিয়াই অভিযোগ কৰে যে হেৰ’ইন বা ‘চিট্টা’ৰ অবৈধ বেহা পোহৰলৈ অনাৰ চেষ্টা কৰোঁতেই প্ৰাণ হেৰুৱাবলগীয়া হ’ল পৰবিন্দৰ ঝোটাই।

ৰাজ্যখনত অপৰাধৰ ঘটনা বৃদ্ধি পোৱা আৰু আৰক্ষীৰ ওপৰত আক্ৰমণৰ প্ৰসংগ উত্থাপন কৰিও আপ চৰকাৰক জবাবদিহি কৰিছে বিৰোধী নেতাসকলে। তেওঁলোকৰ মতে, মাদক দ্ৰব্যৰ অবৈধ বেহা বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতে এই বেহাৰ বিৰুদ্ধে যুঁজ দিয়া কৰ্মীৰ নিৰাপত্তা নিশ্চিত নোহোৱাটো এক গুৰুতৰ প্ৰশ্ন।

আগন্তুক নিৰ্বাচনৰ পূৰ্বে এই হত্যাকাণ্ডই পঞ্জাৱৰ ৰাজনৈতিক পৰিৱেশ অধিক উত্তপ্ত কৰি তুলিছে। আনহাতে, হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাই থকা বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা এল মুৰুগনৰ পদত্যাগ, ২০২৯ৰ লক্ষ্যৰে তামিলনাডুত বিজেপি শক্তিশালী কৰাত মন

October 13, 2026 7:58 pm
নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

নিৰ্বাচনৰ পূৰ্বে পঞ্জাৱত মাদকবিৰোধী কৰ্মীক গুলীয়াই হত্যা! আপ চৰকাৰৰ বিৰুদ্ধে সৰৱ বিৰোধী

October 13, 2026 6:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd