ৰাজধানী দিল্লীৰ যন্তৰ-মন্তৰত অনধিকাৰ প্ৰৱেশ আৰু শান্তি বজাই ৰখাৰ চৰ্ত ভংগ কৰাৰ অভিযোগত ককৰোচ জনতা পাৰ্টীৰ দুই শীৰ্ষ নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকাক বুধবাৰে পাঁচ দিনৰ ন্যায়িক জিম্মাত তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। বুধবাৰে পুৱা কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱাৰ পাছত নেতাদ্বয়ক কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়া হয়, আনহাতে তেওঁলোকৰ সহযোগী অজিংক্য সিন্ধেৰ জামিনৰ আনুষ্ঠানিকতা চূড়ান্ত কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিছে। ইপিনে, চিজেপি নেতাদ্বয়ক কাৰাগাৰলৈ প্ৰেৰণ কৰা কাৰ্যক লৈ লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধী আৰু আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালে তীব্ৰ গৰিহণা দিছে।
সামাজিক মাধ্যম এক্সযোগে (X) নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে শান্তিপূৰ্ণ প্ৰতিবাদত জাতীয় পতাকা উৰুওৱাটো কোনো অপৰাধ নহয় আৰু ইয়াৰ বাবে যুৱকসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰাটো এক কাপুৰুষালি। ছাত্ৰ, যুৱক, সাংবাদিক আৰু ইণ্ডিয়া মিত্ৰজোঁটৰ বেনাৰ ভিন্ন হ’লেও সংগ্ৰামৰ উদ্দেশ্য এটাই বুলি উল্লেখ কৰি তেওঁ কয় যে নাগৰিকে নিজৰ সাংবিধানিক অধিকাৰ বিচাৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে। যন্তৰ-মন্তৰ ভাৰতৰ জনসাধাৰণৰ সম্পত্তি আৰু ইয়াক পুনৰুদ্ধাৰ কৰা হ’ব বুলি গান্ধীয়ে দৃঢ়তাৰে উল্লেখ কৰে। আনহাতে, অৰবিন্দ কেজৰিৱালেও এই গ্ৰেপ্তাৰক লৈ প্ৰশ্ন উত্থাপন কৰে। নিজৰ দেশত জাতীয় পতাকা উৰুওৱাটো অপৰাধ নেকি বুলি প্ৰশ্ন কৰি আপৰ মুৰব্বীগৰাকীয়ে চৰকাৰৰ এই কাৰ্যক অত্যন্ত হাস্যকৰ আখ্যা দিয়ে।
Waving the Tricolour at Jantar Mantar in a peaceful protest is not a crime. Jailing youth for it is an act of cowardice.
Students. Youth. Journalists. The INDIA bloc. Different banners, one cause. All protests are one: citizens demanding their constitutional rights.
Jantar Mantar belongs to the people of India. We will reclaim it.
— Rahul Gandhi (@RahulGandhi) October 14, 2026
Is waving our own flag in our own country a crime? This is absolutely ridiculous
— Arvind Kejriwal (@ArvindKejriwal) October 14, 2026
এই ঘটনা সন্দৰ্ভত চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে বিৰোধী কণ্ঠ দমন কৰাৰ অভিযোগ উত্থাপন কৰে। যন্তৰ-মন্তৰত ত্ৰিৰংগা উৰুওৱাৰ বাবেই আশুতোষ আৰু সৌৰভক পাঁচ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ’ল বুলি উল্লেখ কৰি ডিপকে এক্সত লিখে যে যদি চৰকাৰে প্ৰতিবাদ বন্ধ কৰিবলৈ ইমানেই দৃঢ়প্ৰতিজ্ঞ, তেন্তে এনে কাপুৰুষালি কৌশলৰ আঁৰত লুকাই নাথাকি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাহস দেখুৱাই আনুষ্ঠানিকভাৱে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা উচিত। উল্লেখ্য যে মঙলবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শ্লোগান দি যন্তৰ-মন্তৰৰ বেৰিকেড ভাঙি ভিতৰত প্ৰৱেশ কৰাৰ পাছত এই তিনিওগৰাকী নেতাক আটক কৰা হৈছিল।
আৰক্ষীৰ সূত্ৰই জনোৱা অনুসৰি, যোৱা শনিবাৰে এক প্ৰতিবাদৰ সময়ত আটক হোৱাৰ পাছত সৌৰভ দাস আৰু আশুতোষ ৰাংকাই এবছৰৰ বাবে শান্তি বজাই ৰখাৰ চৰ্তত স্বাক্ষৰ কৰিছিল। কিন্তু মঙলবাৰৰ ঘটনাৰ পাছত আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে অনধিকাৰ প্ৰৱেশ, নিষেধাজ্ঞা উলংঘা কৰা, শান্তিৰ চৰ্ত ভংগ কৰা আৰু চৰকাৰী কৰ্মচাৰীক কৰ্তব্য পালনত বাধা দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰে। এছআইআৰ প্ৰক্ৰিয়াত হোৱা অনিয়মৰ অভিযোগ তুলি মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ ৰাজধানীত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ মাজতে আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে।
উল্লেখ্য যে নাগৰিকসকলে প্ৰতিবাদ সাব্যস্ত কৰিব পৰাকৈ বিকল্প স্থান চিনাক্ত কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া এখন সমিতিৰ পৰামৰ্শৰ ভিত্তিত যোৱা সোমবাৰে যন্তৰ-মন্তৰক আনুষ্ঠানিক প্ৰতিবাদস্থলীৰ তালিকাৰ পৰা বাদ দিয়া হৈছিল। ইয়াৰ পৰিৱৰ্তে চৰকাৰে পূব দিল্লীৰ ৰামলীলা ময়দান, বুৰাৰী ময়দান আৰু চিবিডি খেলপথাৰক প্ৰতিবাদ আৰু সমদলৰ বাবে বিকল্প স্থান হিচাপে নিৰ্ধাৰণ কৰি দিছে। কিন্তু চৰকাৰৰ এই সিদ্ধান্ত আৰু পৰৱৰ্তী সময়ত প্ৰতিবাদকাৰী নেতাসকলক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ ঘটনাই এতিয়া দেশৰ ৰাজনীতিত এক নতুন বিতৰ্কৰ সূত্ৰপাত ঘটাইছে।





