মণিপুৰত টেলিগ্ৰামৰ একাধিক চেনেল আৰু হোৱাটছএপ গ্ৰুপৰ জৰিয়তে মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ আৰু ফটো অনুমতি অবিহনে প্ৰচাৰ কৰাৰ লগতে সেইবোৰৰ পৰা ধন উপাৰ্জন কৰাৰ অভিযোগত ১৩জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা লোকসকলৰ মাজত এগৰাকী নাবালকো আছে। আৰক্ষীৰ মতে, প্ৰচাৰ কৰা ভিডিঅ’ৰ ভিতৰত শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ দৃশ্য-সামগ্ৰীও আছিল।
‘অপাৰেচন ডিগনিটি’ৰ অধীনত আৰক্ষীয়ে এই অভিযান চলায়। মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ মৈৰাং আৰক্ষী থানাত গোচৰ ৰুজু হোৱাৰ পিছতে তদন্ত আৰম্ভ কৰা হৈছিল। আৰক্ষীৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি, একাংশ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ গ্ৰুপৰ জৰিয়তে মহিলাৰ আপত্তিজনক ফটো আৰু ভিডিঅ’ প্ৰচাৰ, আদান-প্ৰদান আৰু ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰা হৈছিল। এই সামগ্ৰীসমূহৰ প্ৰচাৰত সংশ্লিষ্ট মহিলাসকলৰ সন্মতি নাছিল বুলি অভিযোগ উঠিছে।
অভিযানৰ সময়ত আৰক্ষীয়ে অভিযুক্তসকলৰ পৰা ১৪টা ম’বাইল ফোন আৰু এটা লেপটপ জব্দ কৰে। আৰক্ষীয়ে তথ্য-প্ৰযুক্তি আইন, শিশু যৌন অপৰাধৰ পৰা সুৰক্ষা আইন (POCSO) আৰু ভাৰতীয় ন্যায় সংহিতাৰ (BNS) সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি ‘হিন্দুস্তান টাইমছ’-এ প্ৰকাশ কৰিছে।
আৰক্ষীৰ মতে, গ্ৰেপ্তাৰ হোৱা লোকসকল বিষ্ণুপুৰ, ইম্ফল পশ্চিম, কাকচিং আৰু থৌবাল জিলাৰ বাসিন্দা। তদন্তকাৰীসকলে এই চক্ৰটোৰ সৈতে আন কোনো লোক জড়িত আছে নেকি, ব্যক্তিগত ছবি আৰু ভিডিঅ’বোৰ কেনেদৰে সংগ্ৰহ কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে কিমান ধনৰ লেনদেন হৈছিল, সেই বিষয়সমূহৰ তদন্ত অব্যাহত ৰাখিছে। ঘটনাটোৰ সৈতে জড়িত আন সম্ভাব্য ভুক্তভোগীৰ সন্ধানো চলাইছে আৰক্ষীয়ে।





