• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চকলেট খাবলৈ ভাল পালেও ওজন বৃদ্ধি, মধুমেহ আৰু কলেষ্টেৰলৰ ভয়ত বহুতেই ইয়াৰ পৰা দূৰত থাকে। পিছে চেনি বা ময়দা ব্যৱহাৰ নকৰাকৈ কেতবোৰ স্বাস্থ্যসন্মত উপাদানেৰে পূজাৰ বতৰত ঘৰতে অতি সহজে চকলেটৰ সুস্বাদু মিঠাই প্ৰস্তুত কৰি ল'ব পাৰি।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2026 7:38 am
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চকলেট বা মিঠাই দেখিলেই বহুতো লোকৰ খাবলৈ মন যায় যদিও শৰীৰৰ ওজন বৃদ্ধি পোৱাৰ আশংকাত ইয়াৰ পৰা বিৰত থাকিবলগীয়া হয়। ইয়াৰ উপৰিও বৰ্তমান সময়ত মধুমেহ আৰু কলেষ্টেৰলৰ সমস্যাও এক ডাঙৰ উদ্বেগৰ কাৰণ হৈ পৰিছে। এনে পৰিস্থিতিত স্বাস্থ্য সচেতন লোকসকলে নিজৰ খাদ্য তালিকাৰ পৰা ইতিমধ্যে ময়দা আৰু চেনি বাদ দিছে, আনকি চকলেটৰ পৰাও আঁতৰি থাকিবলৈ লৈছে। বজাৰত উপলব্ধ চেনি বা অতিরিক্ত কৃত্ৰিম মিঠাযুক্ত চকলেট গ্ৰহণ কৰিলে শৰীৰত কেলৰি বৃদ্ধি পোৱাটো নিশ্চিত। কিন্তু উৎসৱ বা পূজাৰ বতৰত ওজন বৃদ্ধিৰ ভয় নকৰাকৈ ঘৰতে চকলেটৰ সহায়ত বিভিন্ন পুষ্টিকৰ তথা সুস্বাদু মিঠাই প্ৰস্তুত কৰি মুখ মিঠা কৰিব পাৰি।

 

Apply Now

এনে এক অন্যতম স্বাস্থ্যসন্মত মিঠাই হৈছে দৈ-চকলেট বাৰ্ক। এই মিঠাইবিধ প্ৰস্তুত কৰিবলৈ পানী নিগৰাই লোৱা দুকাপ টেঙা দৈ, এচামুচ মৌ, সামান্য ভেনিলা এছেন্স আৰু গলাই লোৱা ডাৰ্ক চকলেটৰ প্ৰয়োজন হয়। প্ৰথমে দৈখিনিৰ সৈতে মৌ আৰু ভেনিলা এছেন্স মিহলাই এখন ট্ৰেৰ ওপৰত সমানকৈ মেলি দিব লাগে। ইয়াৰ পাছত সেই মিশ্ৰণটোৰ ওপৰত গলাই লোৱা ডাৰ্ক চকলেটেৰে পছন্দ অনুসৰি নক্সা আঁকি দিব পাৰি। এই ট্ৰেখন চাৰিৰ পৰা পাঁচ ঘণ্টা সময় ফ্ৰীজত থৈ গোট মাৰিবলৈ দিব লাগে আৰু শেষত সৰু সৰু টুকুৰাকৈ ভাঙি পৰিৱেশন কৰিব পাৰি।

 

মিঠাই প্ৰিয় লোকসকলে ঘৰতে স্বাস্থ্যসন্মত চকলেট ব্ৰাউনিও তৈয়াৰ কৰি ল’ব পাৰে। ইয়াৰ বাবে প্ৰথমে কুহুমীয়া গৰম গাখীৰত অ’টছখিনি দহ মিনিট সময় তিয়াই ৰাখিব লাগে। তাৰ পাছত তাত এক টেবুল চামুচ কোকো পাউদাৰ, আধা চাহ চামুচ বেকিং পাউদাৰ, কল, স্বাদ অনুসৰি সামান্য নিমখ, মৌ আৰু খেজুৰ যোগ কৰিব লাগে। এই সমগ্ৰ উপাদানসমূহ এটা হেণ্ড হুইস্কাৰৰ সহায়ত এনেদৰে মিহলাই ল’ব লাগে যাতে কোনো ধৰণৰ গোট মাৰি নাথাকে। মিশ্ৰণটো ভালদৰে তৈয়াৰ হোৱাৰ পাছত এটা বেকিং পাত্ৰত ঢালি তাৰ ওপৰত চকলেটৰ সৰু টুকুৰা আৰু বাদাম ছটিয়াই বেক কৰি ল’লেই সুস্বাদু তথা স্বাস্থ্যসন্মত ব্ৰাউনি প্ৰস্তুত হৈ উঠে।

 

ইয়াৰ উপৰিও অতি কম সময়ৰ ভিতৰতে চকলেট ৰোল মিঠাই প্ৰস্তুত কৰিব পাৰি। এই ব্যঞ্জনবিধৰ বাবে এটা পকা কল, এচামুচ কোকো পাউদাৰ, একাপ সাধাৰণ গাখীৰ বা কাঠবাদামৰ গাখীৰ আৰু কিছু পৰিমাণৰ চিয়া বীজৰ প্ৰয়োজন হয়। প্ৰথমে পকা কল, গাখীৰ আৰু কোকো পাউদাৰখিনি একেলগে ব্লেণ্ডাৰত ভালদৰে মিহলাই এটা বাটিত ঢালি ল’ব লাগে। শেষত ইয়াৰ ওপৰত চিয়া বীজ, তিল, কিছু কটা ফলৰ টুকুৰা আৰু বাদাম ছটিয়াই দিলেই স্বাস্থ্যসন্মত মিঠাইবিধ পৰিৱেশনৰ বাবে সাজু হৈ উঠে। এই ঘৰুৱা পদ্ধতিসমূহ অৱলম্বন কৰি স্বাস্থ্য সচেতন লোকসকলেও পূজাৰ বতৰত নিৰ্ভয়ে চকলেটৰ মিঠাইৰ জুতি ল’ব পাৰে।

 

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm
টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

টেলিগ্ৰামত মহিলাৰ ব্যক্তিগত যৌন ভিডিঅ’ প্ৰচাৰ কৰি ধন উপাৰ্জনৰ চেষ্টা ! মণিপুৰত নাবালকসহ ১৩জন গ্ৰেপ্তাৰ

October 14, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd