দিল্লীত শেহতীয়াকৈ হোৱা প্ৰতিবাদ আৰু আন্দোলনৰ বাবে বজাৰ-বাণিজ্য বন্ধ হৈ পৰাত কিমান ডাঙৰ ক্ষতি হৈছে আৰু ইয়াৰ বাবে প্ৰকৃততে কোন দায়ী, তাক লৈ এক ডাঙৰ প্ৰশ্নৰ সৃষ্টি হৈছে। এফালে সংবিধান সন্মত প্ৰতিবাদৰ অধিকাৰ আৰু আনফালে ব্যৱসায়-বাণিজ্য বন্ধ হৈ লোকচান হোৱাৰ ভয়। এই দুয়োটা দিশৰ মাজত থকা সমস্যাৰ সমাধান বিচাৰি শেহতীয়াকৈ নতুন দিল্লীৰ ব্যৱসায়ী সংস্থাসমূহে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ককৰোচ জনতা পাৰ্টি চমুকৈ চিজেপিৰ প্ৰস্তাৱিত কাৰ্যসূচী আৰু তাৰ বাবে কনট প্লেছৰ চেন্ট্ৰেল পার্ক বন্ধ ৰখাৰ সিদ্ধান্তই ব্যৱসায়ত প্ৰচণ্ড প্ৰভাৱ পেলাব পাৰে বুলি ব্যৱসায়ীসকলে আশঙ্কা প্ৰকাশ কৰিছিল। এই গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে লগে লগে কোনো বিশেষ নিৰ্দেশ দিয়া নাই যদিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে। প্ৰধান বিচাৰপতি সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে স্পষ্টভাবে জনায় যে যদি প্ৰতিবাদৰ বাবে ব্যৱসায়ত বেআইনী বাধাৰ সৃষ্টি হয়, তেন্তে আদালতে নিশ্চিতভাৱে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।
দিল্লী কিৰানা কমিটি আৰু দিল্লী আইৰন এণ্ড হাৰ্ডৱেৰ মাৰ্চেন্ট এছ’চিয়েশ্যনে এই আৱেদন দাখিল কৰিছিল। ব্যৱসায়ী সংগঠনসমূহৰ দাবী আছিল যে কনট প্লেছত এনেদৰে প্ৰতিবাদ চলি থাকিলে প্ৰতিদিনে প্ৰায় ২০০ কোটি টকাৰ ব্যৱসায় নষ্ট হ’ব পাৰে। বৰ্তমান উৎসৱ আৰু বিবাহৰ ঋতু চলি থকাৰ সময়ত এনে পৰিস্থিতিৰ সৃষ্টি হ’লে সৰু সৰু ব্যৱসায়ীসকলৰ লগতে বহু পৰিয়ালৰ জীৱিকাৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। উচ্চতম ন্যায়ালয়ে এই সমগ্ৰ বিষয়টোৰ শুনানি অক্টোবৰ মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হ’ব বুলি দিন ধাৰ্য কৰিছে। কিন্তু সৰু দোকানীসকলৰ সমস্যাক উপলব্ধি কৰি প্ৰধান বিচাৰপতিয়ে উল্লেখ কৰে যে এই বিশেষ সময়ছোৱাতে সাধাৰণ ব্যৱসায়ীসকলে অলপ উপাৰ্জন কৰে। গতিকে ব্যৱসায় ব্যাহত হ’লে তাৰ পোনপটীয়া প্ৰভাৱ বহু পৰিয়ালৰ ওপৰত পৰে। তেওঁ আশা প্ৰকাশ কৰে যে সমগ্ৰ বিষয়টো বিবেচনা কৰি সকলো পক্ষই দায়িত্বশীল আচৰণ কৰা উচিত। আন এজন বিচাৰপতি জয়মাল্য বাগচীয়েও এই সম্পৰ্কে কয় যে কাৰোবাৰ প্ৰতিবাদ কৰাৰ ইচ্ছা আছে, কাৰোবাৰ বাদাম বিক্ৰী কৰাৰ প্ৰয়োজন আছে আৰু আন কাৰোবাৰ আইন-শৃংখলা ৰক্ষা কৰাৰ দায়িত্ব আছে, এই সকলোবোৰ এটা আনটোৰ সৈতে যুক্ত হৈ আছে।
ব্যৱসায়ী সংগঠনসমূহৰ মতে যোৱা ১০ অক্টোবৰৰ পৰা দিল্লীৰ বিভিন্ন ঠাইত হোৱা বিক্ষোভৰ বাবে তেওঁলোকৰ মুঠ লোকচানৰ পৰিমাণ প্ৰায় ২ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে। নিউ দিল্লী ট্ৰেডাৰ্ছ এছ’চিয়েশ্যনৰ দাবী অনুসৰি কেৱল ১০ অক্টোবৰৰ এদিনৰ প্ৰতিবাদতে কনট প্লেছৰ ব্যৱসায়ীসকলৰ প্ৰায় ১৫০ ৰ পৰা ২০০ কোটি টকাৰ লোকচান হৈছে। এই সংকটজনক পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আবেদনকাৰীসকলে ন্যায়ালয়ৰ ওচৰত মূলতঃ তিনিটা ডাঙৰ দাবী উত্থাপন কৰিছে। প্ৰথমতে, ২০২৬ চনৰ অক্টোবৰৰ পৰা ২০২৭ চনৰ জানুৱাৰীলৈকে দিল্লীৰ মুখ্য বজাৰসমূহ আৰু সংযোগী পথসমূহত যাতায়াত তথা ব্যৱসায় যাতে বন্ধ নহয় সেয়া নিশ্চিত কৰিব লাগে। দ্বিতীয়তে, বাণিজ্যিক এলেকাৰ পৰা আঁতৰত প্ৰতিবাদৰ বাবে এটা নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰি দিব লাগে। তৃতীয়তে, প্ৰতিবাদৰ অধিকাৰ বজাই ৰখাৰ সমান্তৰালকৈ ব্যৱসায়, সাধাৰণ মানুহৰ জীৱিকা আৰু ৰাজহুৱা পৰিবহণ ব্যৱস্থা যাতে সূচাৰুৰূপে চলে তাৰ বাবে এটা সুনির্দিষ্ট নীতি বা নিয়মাৱলী প্ৰস্তুত কৰিব লাগে।
ব্যৱসায়ীসকলৰ এই গুৰুতৰ অভিযোগৰ বিপৰীতে চিজেপিৰ প্ৰতিষ্ঠাপক অভিজিত দিপকে নিজৰ মতামত ডাঙি ধৰিছে। সামাজিক মাধ্যমত তেওঁ দাবী কৰে যে কেৱল শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে ব্যৱসায়ৰ ক্ষতি নহয়। বৰঞ্চ চৰকাৰৰ তৰফৰ পৰা সমগ্ৰ চহৰখন বন্ধ কৰি দিয়া, ইণ্টাৰনেট সেৱা কৰ্তন কৰা আৰু মানুহৰ যাতায়াতত বাধা আৰোপ কৰাৰ বাবেহে পৰিস্থিতি অধিক অৱনতি ঘটে বুলি তেওঁ ওলোটাই অভিযোগ কৰে। সামগ্ৰিকভাৱে চাবলৈ গ’লে, দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ গণতান্ত্ৰিক অধিকাৰ আৰু ব্যৱসায়ীসকলৰ স্বাৰ্থ ৰক্ষাৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰা হ’ব, সেয়া এতিয়া উচ্চতম ন্যায়ালয়ৰ বিচৰাধীন হৈ পৰিছে। অক্টোবৰৰ শেষৰ সপ্তাহত হ’বলগীয়া শুনানিত আদালতে কি চূড়ান্ত স্থিতি গ্ৰহণ কৰে, তাৰ ওপৰতে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে।


