শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। পূজাৰ প্ৰস্তুতিত ব্যস্ত মহানগৰবাসী। কিন্তু এই আনন্দৰ বতৰতে প্ৰতিমা লাভ নকৰাক লৈ গভীৰ সমস্যাৰ সন্মুখীন হৈছে গুৱাহাটীৰ কেইবাখনো দুৰ্গা পূজা কমিটী। অভিযোগ অনুসৰি, বিশ্বজিৎ ভৌমিক নামৰ এগৰাকী মৃৎশিল্পীয়ে আগধন লোৱাৰ পাছতো সময়মতে প্ৰতিমা নিৰ্মাণ সম্পূৰ্ণ কৰি নিদিয়াত প্ৰায় ১০খন পূজা কমিটী অনিশ্চয়তাৰ মাজত পৰিছে।
পূজা কমিটীসমূহৰ অভিযোগ অনুসৰি, প্ৰতিমা নিৰ্মাণৰ বাবে শিল্পীগৰাকীয়ে মহানগৰীৰ প্ৰায় ২০খন কমিটীৰ পৰা আগধন সংগ্ৰহ কৰিছিল। কিন্তু পূজাৰ দিন ওচৰ চাপি অহাৰ পাছতো কেইবাখনো কমিটীয়ে প্ৰতিমা লাভ কৰা নাই। ফলত নিৰ্ধাৰিত সময়ত পূজাৰ আনুষ্ঠানিকতা সম্পন্ন কৰিব পৰা যাবনে, তাক লৈ চিন্তিত হৈ পৰিছে আয়োজকসকল।
এই সমস্যাই বিশেষভাৱে জটিল পৰিস্থিতিৰ সৃষ্টি কৰিছে বৃহত্তৰ গণেশপাৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটীৰ বাবে। কমিটীখনৰ ২৭সংখ্যক বাৰ্ষিক দুৰ্গাপূজাৰ বাবে প্ৰতিমা নিৰ্মাণৰ ক্ষেত্ৰত বিশ্বজিৎ ভৌমিকৰ সৈতে ১ লাখ ৬৫ হাজাৰ টকাৰ চুক্তি সম্পন্ন হৈছিল বুলি জানিব পৰা গৈছে। ইয়াৰে ৬৫ হাজাৰ টকা আগধন হিচাপে প্ৰদান কৰা হৈছিল। অৱশ্যে, নিৰ্ধাৰিত সময় পাৰ হৈ যোৱাৰ পাছতো সম্পূৰ্ণ প্ৰতিমা লাভ নকৰাত সমস্যাত পৰিছে কমিটীখন।
গণেশপাৰাৰ উপৰি পাণ্ডু আৰু ধীৰেণপাৰা অঞ্চলৰো কেইবাখনো পূজা কমিটীয়ে একেধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ উত্থাপন হৈছে। পূজাৰ মূল পৰ্বৰ পূৰ্বে প্ৰতিমা সাজু নোহোৱাত শেষ মুহূৰ্তত বিকল্প ব্যৱস্থা কৰাৰ প্ৰয়োজন হ’ব পাৰে বুলি আশংকা কৰিছে আয়োজকসকলে।
ইয়াৰ মাজতে মৃৎশিল্পী বিশ্বজিৎ ভৌমিকৰ সৈতে যোগাযোগ স্থাপন কৰিব পৰা নাই বুলিও অভিযোগ কৰিছে ভুক্তভোগীসকলে। তেওঁলোকৰ দাবী, শিল্পীগৰাকীৰ ম’বাইল ফোন বন্ধ হৈ থকাত প্ৰতিমাৰ বৰ্তমানৰ অৱস্থা সম্পৰ্কে কোনো তথ্য লাভ কৰা হোৱা নাই। এনে পৰিস্থিতিত নিৰ্ধাৰিত সময়ত প্ৰতিমা লাভ কৰাৰ লগতে প্ৰদান কৰা আগধন ঘূৰাই পোৱাক লৈও অনিশ্চয়তাত ভুগিছে সংশ্লিষ্ট পূজা কমিটীসমূহ।


