• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2026 9:08 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। নিজৰ দেশৰ সামৰিক গোপন তথ্য ইউক্ৰেইনৰ চোৰাংচোৱা বিভাগক যোগান ধৰাৰ অভিযোগ উঠিছে ৰাছিয়াৰ ২৬ বছৰীয়া সেনা বিষয়া লেফটেনেণ্ট লেভ স্তূপনিকভৰ বিৰুদ্ধে। তেওঁৰ তথ্যৰ ভিত্তিত চলোৱা বিভিন্ন আক্ৰমণত ৩০০ৰো অধিক ৰুশ সেনাৰ মৃত্যু হোৱা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, স্তূপনিকভে ৰাছিয়াৰ সামৰিক বাহিনীৰ যুদ্ধকৌশল, সেনাৰ অৱস্থান, মানচিত্ৰ আৰু আগন্তুক অভিযানৰ বিষয়ে সংবেদনশীল তথ্য ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা বিভাগক যোগান ধৰিছিল। সংকেত আৰু যোগাযোগ ব্যৱস্থাৰ প্ৰশিক্ষণ লাভ কৰা স্তূপনিকভক পূব ইউক্ৰেইনৰ ডনবাস অঞ্চলৰ গুৰুত্বপূৰ্ণ স্থান ভুহলেদাৰ দখলৰ দায়িত্বত থকা এটা ৰুশ বেটেলিয়নত নিযুক্তি দিয়া হৈছিল। সেনাৰ বিভিন্ন গোটৰ মাজত যোগাযোগ ৰক্ষা কৰা আৰু নিৰীক্ষণকাৰী ড্ৰ’ন তথা কেমেৰাৰ পৰা অহা তথ্য সঠিক স্থানত পঠিওৱাই আছিল তেওঁৰ মূল দায়িত্ব। কিন্তু সেই দায়িত্বৰ সুযোগ লৈ তেওঁ ইউক্ৰেইনৰ সামৰিক বাহিনীক ৰুশ সেনাৰ অৱস্থান আৰু পৰিকল্পিত গতিবিধিৰ বিষয়ে তথ্য যোগান ধৰিবলৈ আৰম্ভ কৰা বুলি অভিযোগ উঠিছে।

Apply Now

প্ৰতিবেদনত উল্লেখ কৰা এটা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে। পূব ইউক্ৰেইনৰ এখন অতি ঠাণ্ডা পুৱা পেটৰ বিষ হোৱা বুলি ভাও ধৰি সহযোদ্ধাসকলৰ পৰা আঁতৰি গৈছিল স্তূপনিকভ। ইয়াৰ কিছু সময় পাছতে তেওঁ ইউক্ৰেইনৰ সেনাক যোগান ধৰা স্থানৰ নিৰ্দিষ্ট স্থানাংকৰ ভিত্তিত ক্ষেপণাস্ত্ৰ আক্ৰমণ সংঘটিত হয় বুলি দাবী কৰা হৈছে। আক্ৰমণটোত কৰ্নেল গুছেইন মুছায়েভসহ ৬৮জন ৰুশ সেনাৰ মৃত্যু হৈছিল আৰু প্ৰায় ৬০জন আহত হৈছিল বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

আক্ৰমণৰ পাছত ইউক্ৰেইনৰ এগৰাকী যোগাযোগকাৰীয়ে বিস্ফোৰণৰ ফলত বৃহৎ ক্ষতি হৈছিল নেকি আৰু ঘটনাস্থলীৰ কোনো ছবি আছে নেকি বুলি স্তূপনিকভক বাৰ্তা প্ৰেৰণ কৰিছিল। ইয়াৰ উত্তৰত তেওঁ “তাত কেৱল মাংসৰ দ’ম পৰি আছে” বুলি লিখা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। ঘটনাটোৱে ৰুশ সেনাৰ ভিতৰতে গোপন তথ্য সৰবৰাহৰ এক ব্যৱস্থাৰ অস্তিত্বৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে।

কেৱল স্তূপনিকভেই নহয়, ইউক্ৰেইনৰ সামৰিক অভিযানত সহায় কৰিবলৈ ইচ্ছুক একাংশ ৰুশ নাগৰিক আৰু সেনা সদস্যৰ সৈতে জড়িত এটা গোপন নেটৱৰ্কৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। সাধাৰণ গৃহিণীৰ পৰা আৰম্ভ কৰি সেনা সদস্যলৈকে বিভিন্ন লোকে এনক্ৰিপ্ট কৰা যোগাযোগ মাধ্যম ব্যৱহাৰ কৰি ইউক্ৰেইনৰ প্ৰতিনিধিৰ সৈতে তথ্য আদান-প্ৰদান কৰা বুলি দাবী কৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ ফেব্ৰুৱাৰীত ৰাছিয়াই ইউক্ৰেইনৰ বিৰুদ্ধে পূৰ্ণ পৰিসৰৰ সামৰিক আক্ৰমণ আৰম্ভ কৰাৰ পাছতে স্তূপনিকভৰ মনোভাৱ সলনি হ’বলৈ ধৰে। ৰুশ হেলিকপ্টাৰ আৰু বোমাৰ আক্ৰমণৰ দৃশ্য দেখি তেওঁ মানসিকভাৱে বিচলিত হৈছিল বুলি কোৱা হৈছে। পাছত মাতৃৰ সৈতে ৰুশ চৰকাৰৰ বিৰোধীসকলৰ ভিডিঅ’ আৰু যুদ্ধবন্দীৰ সাক্ষাৎকাৰ চোৱাৰ পাছত পুটিন চৰকাৰৰ প্ৰতি তেওঁৰ বিৰাগ বৃদ্ধি পায় বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

এই গোপন যোগাযোগ স্থাপনত স্তূপনিকভক সহায় কৰিছিল তেওঁৰ মাতৃ তাতিয়ানা ইয়াণ্টছেনে। ৪৯ বছৰীয়া তাতিয়ানাই পূৰ্বেও পুটিন চৰকাৰৰ বিৰুদ্ধে কেইবাটাও ৰাজনৈতিক প্ৰতিবাদত অংশ লৈছিল বুলি প্ৰতিবেদনত কোৱা হৈছে। ২০২৪ চনৰ ফেব্ৰুৱাৰীত মাতৃৰ জৰিয়তে স্তূপনিকভৰ যোগাযোগ হয় ইউক্ৰেইনৰ সামৰিক চোৰাংচোৱা বিভাগৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা কম্পিউটাৰ প্ৰগ্ৰেমাৰ তথা গোপন নেটৱৰ্কৰ পৰিচালক দিমিট্ৰি কাৰপেংকোৰ সৈতে। ইউক্ৰেইনৰ সামৰিক প্ৰচেষ্টাত সহায় কৰা ৰুশ সেনাক আৰ্থিক পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰাৰ পাছত এই যোগাযোগ অধিক শক্তিশালী হোৱা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।

অৱশেষত ২০২৪ চনৰ জুলাই মাহৰ এদিন নিশা নিজৰ ৰুশ সেনা শিবিৰৰ পৰা পলায়ন কৰি উত্তৰ দিশে ইউক্ৰেইনৰ নিয়ন্ত্ৰণাধীন ভূখণ্ডলৈ আগবাঢ়ে স্তূপনিকভ। সীমান্তৰ ওচৰত ইউক্ৰেইনৰ ৭২সংখ্যক ব্ৰিগেডৰ সেনাই তেওঁক বন্দুক টোঁৱাই গোপন সংকেত সুধিছিল। পূৰ্বনিৰ্ধাৰিত সংকেত অনুসৰি তেওঁ “চিনাবাদামৰ দোকান” বুলি উত্তৰ দিয়াৰ পাছত ইউক্ৰেইনৰ সেনাই তেওঁক নিৰাপদ জিম্মাত লয় বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

পাছত স্তূপনিকভে ৰুশ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়া জাতিগত ৰুশসকলক লৈ গঠিত ইউক্ৰেইনৰ সামৰিক গোট ‘ৰাছিয়ান ভলণ্টিয়াৰ কৰ্পছ’ (RVC)-ত যোগদান কৰে বুলি জানিব পৰা গৈছে। বৰ্তমান তেওঁ সেই গোটত যোগাযোগ বিশেষজ্ঞ হিচাপে কাম কৰি থকা বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজত এগৰাকী সেনা বিষয়াৰ এনে ভূমিকা আৰু ইয়াৰ ফলত হোৱা বুলি দাবী কৰা ব্যাপক ক্ষয়ক্ষতিৰ ঘটনাই যুদ্ধক্ষেত্ৰত চোৰাং তথ্যৰ গুৰুত্ব পুনৰ এবাৰ উন্মোচন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

“আমাৰ কোলাত এটা সৰু ছলমান লাগে!” ষাঠি উদ্ধৰ ভাইজানক বিয়া কৰাই সন্তান জন্ম দিয়াৰ পৰামৰ্শ সঞ্জয় দত্তৰ

October 17, 2026 6:45 am
তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

এজন ৰুছ সেনা বিষয়াৰ বাবেই মৃত্যুমুখত পৰিল ৩০০ সেনা

October 17, 2026 9:08 am
দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

দুৰ্গাপূজাৰ প্ৰাকক্ষণত বিপাঙত গুৱাহাটীৰ ১০খন পূজা কমিটী, আগধন লৈ প্ৰতিমা নিদিলে মৃৎশিল্পীয়ে

October 17, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd