• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2026 1:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৃতকৰ মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে ৰাতিটো অপেক্ষা কৰিবলগীয়া হ’ল এজন লোকে। আনহাতে, চিকিৎসালয়ৰ মৰণোত্তৰ পৰীক্ষা কৰা কোঠাৰ ভিতৰত চলি থকাৰ অভিযোগ সুৰাৰ পাৰ্টী! এই ঘটনাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মহাৰাষ্ট্ৰত। ঘটনাটোক কেন্দ্ৰ কৰি নিলম্বন কৰা হৈছে এজন চিকিৎসকক। লগতে আৰম্ভ কৰা হৈছে বিভাগীয় তদন্ত।

মহাৰাষ্ট্ৰৰ পিম্পৰি-চিঞ্চৱড়ৰ যশৱন্তৰাও চৱন স্মৃতি চিকিৎসালয়ত সংঘটিত হৈছে এই ঘটনা। সংবাদ প্ৰতিবেদন অনুসৰি, চিকিৎসালয়খনৰ মৰণোত্তৰ পৰীক্ষা বিভাগৰ ভিতৰত সুৰাৰ বটল, গিলাচ, জলপান আৰু খাদ্যৰ প্লেট পৰি থকা দেখা গৈছে ভিডিঅ’টোত। কোঠাটোৰ কাষৰ এটা ছোফাত এজন লোকক শুই থকা অৱস্থাতো দেখা গৈছে।

Apply Now

জানিব পৰা মতে, মৃত্যুৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰিবলৈ যোৱা এজন লোকে নিশাটো অপেক্ষা কৰাৰ পিছতো প্ৰমাণপত্ৰ লাভ নকৰাত বিভাগটোৰ ভিতৰলৈ গৈছিল। সেই সময়তে তেওঁ ভিডিঅ’টো ৰেকৰ্ড কৰে বুলি প্ৰকাশ পাইছে। ভিডিঅ’টোত তেওঁ শুই থকা ব্যক্তিজনক জগাই প্ৰমাণপত্ৰ আৰু প্ৰয়োজনীয় নথি-পত্ৰৰ বিষয়ে সোধা দেখা যায়। ইয়াৰ পিছতে ঘটনাটো পোহৰলৈ আহে।

ঘটনাৰ সৈতে জড়িত অভিযোগৰ ভিত্তিত পিম্পৰি-চিঞ্চৱড় পৌৰ নিগমৰ আয়ুক্ত বিজয় সূৰ্যবংশীয়ে ১৬ অক্টোবৰত চিকিৎসালয়খনৰ চিকিৎসা বিষয়া ডাঃ বৈভৱ অৱিনাশ মাশ্কেক নিলম্বনৰ নিৰ্দেশ দিয়ে। তেওঁৰ বিৰুদ্ধে বিভাগীয় তদন্তৰো নিৰ্দেশ দিয়া হৈছে। তদন্তৰ অংশ হিচাপে ১৫ দিনৰ ভিতৰত অভিযোগনামা দাখিল কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে বুলি হিন্দুস্তান টাইমছ-এ প্ৰকাশ কৰিছে।

প্ৰাথমিক প্ৰতিবেদন অনুসৰি, ঘটনাটো ২ বা ৩ অক্টোবৰৰ আশে-পাশে সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে, ভিডিঅ’টো ১৬ অক্টোবৰত সামাজিক মাধ্যমত বিয়পি পৰাৰ পিছতহে বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰে। ভিডিঅ’টোত দেখা সকলো ঘটনাৰ সত্যতা আৰু অভিযোগৰ সম্পূৰ্ণ তথ্য তদন্তৰ জৰিয়তে নিৰ্ধাৰণ কৰা হ’ব।

উল্লেখ্য যে, চিকিৎসালয়ৰ মৰণোত্তৰ পৰীক্ষা বিভাগৰ দৰে সংবেদনশীল স্থানত এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগে চৰকাৰী স্বাস্থ্যসেৱাৰ দায়িত্ববোধ আৰু কৰ্মচাৰীৰ কৰ্তব্যনিষ্ঠাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm
তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

তিৰংগা যাত্ৰাৰ পূৰ্বে গ্ৰেপ্তাৰ অভিজিৎ দীপকে, নিশা আটক কৰা নেহা বৰাক মুকলি

October 17, 2026 11:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd