• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

সংবিধানৰ ২১ আৰু ১৯(১)(ক) অনুচ্ছেদৰ অধীনত বয়স নিৰ্বিশেষে শিশুসকলো বয়স্ক নাগৰিকৰ সমানেই ইণ্টাৰনেট লাভ আৰু ব্যৱহাৰৰ মৌলিক অধিকাৰৰ অধিকাৰী।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2026 3:43 pm
12
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ে শনিবাৰে এক গুৰুত্বপূৰ্ণ ৰায়দানযোগে সংবিধানৰ ২১ আৰু ১৯(১)(ক) অনুচ্ছেদৰ অধীনত শিশুসকলকে ধৰি প্ৰত্যেকজন ব্যক্তিৰ বাবেই ইণ্টাৰনেট লাভ কৰা আৰু ব্যৱহাৰৰ অধিকাৰক এক মৌলিক অধিকাৰ হিচাপে ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ মঞ্চ আৰু অন্যান্য অনলাইন সেৱাসমূহৰ পৰা শিশুৰ যৌন শোষণ আৰু নিৰ্যাতনমূলক সমল চিনাক্ত কৰা তথা আঁতৰোৱাৰ ব্যৱস্থাসমূহ শক্তিশালী কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰাৰ সময়ত ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠখনে এই পৰ্যবেক্ষণ আগবঢ়ায়। লাইভ ল’ৰ প্ৰতিবেদন অনুসৰি বিচাৰপীঠখনে স্পষ্ট কৰি দিয়ে যে শিশুসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ স্বাধীনতা ইটো সিটোৰ পৰস্পৰ বিৰোধী নহয়, বৰঞ্চ শিশুসকলক ইণ্টাৰনেট ব্যৱহাৰৰ পৰা সম্পূর্ণৰূপে বঞ্চিত কৰাৰ পৰিৱৰ্তে সামাজিক মাধ্যমৰ একাউণ্টসমূহত চাইল্ড মোডৰ দৰে ব্যৱস্থাৰ জৰিয়তে তেওঁলোকৰ অনলাইন সুৰক্ষা অধিক শক্তিশালী কৰা উচিত।

 

Apply Now

বিচাৰপীঠে কয় যে, “সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ সৈতে পঠিত ২১ অনুচ্ছেদৰ অধীনত ইণ্টাৰনেট লাভ কৰা আৰু ব্যৱহাৰৰ অধিকাৰ প্ৰতিজন ব্যক্তিৰে এক মৌলিক অধিকাৰ বুলি ক’বলৈ আমাৰ কোনো দ্বিধা নাই।  বয়স নিৰ্বিশেষে আমাৰ শিশুসকলেও একেখিনি মৌলিক অধিকাৰ উপভোগ কৰে আৰু ইয়াক সম্পূৰ্ণৰূপে নাকচ কৰাটো এটা নিৰ্দিষ্ট বয়সৰ তলৰ শিশুৰ কোনো সুৰক্ষাযোগ্য বিবেক বা প্ৰকাশযোগ্য বাক্-স্বাধীনতা নাই বুলি কোৱাৰ সমানেই অযৌক্তিকৰ হ’ব। আমাৰ শিশুসকলৰ সুৰক্ষা আৰু তেওঁলোকৰ স্বাধীনতা ইটো সিটোৰ পৰস্পৰ বিৰোধী নহয়। আমাৰ শিশুসকল এই দুয়োটাৰে প্ৰাপ্য।”

 

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠখনে স্বীকাৰ কৰে যে বৰ্তমানৰ ৰূপত ইণ্টাৰনেটে শিশুসকলৰ সুৰক্ষাৰ প্ৰতি কিছু বিপদ কঢ়িয়াই আনিছে। অৱশ্যে আদালতে কয় যে অনলাইন মঞ্চসমূহে ক্ষতিকাৰক সমল চিনাক্ত কৰা আৰু আঁতৰোৱাত ব্যৰ্থ হোৱাৰ বাবেই শিশুসকলৰ ইণ্টাৰনেট ব্যৱহাৰ সীমিত কৰাটো ভুক্তভোগীকেই সমস্যা হিচাপে ভুল কৰাৰ শামিল হ’ব। শিশুসকলৰ সুৰক্ষাৰ স্বাৰ্থত তেওঁলোকক ইণ্টাৰনেট আৰু সামাজিক মাধ্যমৰ পৰা সম্পূর্ণৰূপে আঁতৰাই ৰখা উচিত নেকি সেই বিষয়টো পৰীক্ষা কৰি আদালতে উল্লেখ কৰে যে সংবিধানৰ ১৯(১)(ক) অনুচ্ছেদৰ অধীনত থকা বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতাৰ ভিতৰত তথ্য তথা ধাৰণা জনা, গ্ৰহণ কৰা আৰু আদান-প্ৰদান কৰাৰ অধিকাৰো অন্তৰ্ভুক্ত হৈ আছে।

 

ইণ্টাৰনেটক চিন্তা-ধাৰণা, সৃষ্টিশীল অভিব্যক্তি আৰু তথ্যৰ এক মুকলি ক্ষেত্ৰ হিচাপে অভিহিত কৰি আদালতে কয় যে ইয়াৰ মূল্য কেৱল অনলাইনত উপলব্ধ সমলসমূহতে সীমাবদ্ধ নহয়, বৰঞ্চ ই শিক্ষা গ্ৰহণ, যোগাযোগ আৰু তথ্য লাভৰ বাবে প্ৰদান কৰা সুযোগসমূহলৈও বিস্তৃত হৈ আছে। আদালতে পৰ্যবেক্ষণ আগবঢ়াই কয়, “বহু শিশুৰ বাবে, বিশেষকৈ দুৰ্গম অঞ্চলৰ শিশুসকলৰ বাবে ই প্ৰায়ে শিক্ষা আৰু তথ্য লাভৰ একমাত্ৰ উৎস।” ইয়াৰ লগতে আদালতে উল্লেখ কৰে যে বিশেষভাৱে সক্ষম শিশুসকলৰ বাবেও ইণ্টাৰনেট অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব পাৰে, কিয়নো একেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হোৱা আন লোকসকলৰ সান্নিধ্য বিচাৰি পোৱাৰ বাবে অনলাইন মঞ্চসমূহেই তেওঁলোকৰ একমাত্ৰ স্থান হ’ব পাৰে।

 

এই ৰায়দানৰ সময়ত বিচাৰপীঠখনে ২০২০ চনত অনুৰাধা ভাসিন বনাম ভাৰত চৰকাৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়টোৰ কথাও উল্লেখ কৰে, য’ত কোৱা হৈছিল যে “ইণ্টাৰনেট মাধ্যমৰ জৰিয়তে বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতা তথা যিকোনো ব্যৱসায় বা বাণিজ্য চলাই নিয়াৰ স্বাধীনতা সংবিধানৰ ১৯(১)(ক) আৰু ১৯(১)(ছ) অনুচ্ছেদৰ অধীনত মৌলিক অধিকাৰ হিচাপে সাংবিধানিকভাৱে সুৰক্ষিত।” অৱশ্যে ২০২০ চনৰ উক্ত ৰায়দানত ইণ্টাৰনেট লাভ কৰাৰ অধিকাৰটো নিজেই এক মৌলিক অধিকাৰ হয় নে নহয় সেই সন্দৰ্ভত মতামত প্ৰকাশ কৰাৰ পৰা আদালত বিৰত আছিল। ইয়াৰ উপৰি বিচাৰপীঠখনে ২০২৫ চনৰ প্ৰজ্ঞা প্ৰসূন আৰু অন্যান্য বনাম ভাৰত চৰকাৰৰ গোচৰৰ ৰায়টোও উদ্ধৃত কৰে, য’ত সংবিধানৰ ২১ অনুচ্ছেদৰ অধীনত ডিজিটেল সুবিধা লাভৰ অধিকাৰক এক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিয়া হৈছিল আৰু শেহতীয়া ৰায়দানৰ জৰিয়তে উচ্চতম ন্যায়ালয়ে অনলাইন মঞ্চত শিশুৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সংশ্লিষ্ট ব্যৱস্থাসমূহ অধিক ফলপ্ৰসূ কৰাৰ নিৰ্দেশ দিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm
শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd