গুৱাহাটীৰ আজাৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত এগৰাকী মহিলা অধিবক্তাক লাঞ্ছনা কৰাৰ গুৰুতৰ অভিযোগত শনিবাৰে আজাৰা আৰক্ষীয়ে ভাৰ্গৱ ৰমেন বৰ্মন নামৰ এজন অধিবক্তাক গ্ৰেপ্তাৰ কৰিছে। প্ৰকাশিত তথ্য অনুসৰি, অধিবক্তা অনিন্দিতা দাসে দাখিল কৰা এক আনুষ্ঠানিক অভিযোগৰ প্রেক্ষিতে আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা বিশেষ নিৰ্দেশনাৰ ফলশ্ৰুতিত অভিযুক্ত অধিবক্তাকগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।
ঘটনাক্ৰম অনুসৰি, আজাৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত সংঘটিত উক্ত ঘটনাটোত মহিলা অধিবক্তাগৰাকীক উৎপীড়ন আৰু দুৰ্ব্যৱহাৰৰ সন্মুখীন কৰা হৈছিল বুলি অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী সময়ত ভুক্তভোগী অধিবক্তাগৰাকীয়ে ন্যায়ৰ দাবীৰে কর্তৃপক্ষৰ কাষ চাপি এক লিখিত এজাহাৰ দাখিল কৰে।
ন্যায় লাভৰ বাবে ক্ষুব্ধ অধিবক্তাগৰাকীয়ে আদালতৰ দ্বাৰস্থ হৈ অভিযুক্তৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ তথা গ্ৰেপ্তাৰৰ নিৰ্দেশনা বিচাৰি আবেদন জনাইছিল। এই আবেদনৰ ভিত্তিতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সংশ্লিষ্ট কর্তৃপক্ষক যথাযথ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা প্রদান কৰিছে, যাৰ পৰিপ্ৰেক্ষিতেই আজাৰা থানা পুলিচে অভিযুক্ত অধিবক্তা ভাৰ্গৱ ৰামেন বৰ্মনক গ্ৰেপ্তাৰ কৰিছে।





