মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত চলি থকা প্ৰতিবাদক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে ৰাজধানী নতুন দিল্লী। শুকুৰবাৰে কনট প্লেছত ‘লেহৰা দো তিৰংগা’ শীৰ্ষক প্ৰতিবাদী সমদলত অংশ ল’বলৈ যোৱাৰ সময়তে আটক হোৱা ককৰোচ জনতা পাৰ্টি (CJP)-ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে শনিবাৰে চৰ্তসাপেক্ষে মুক্তি লাভ কৰে। দিল্লীৰ এখন বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ আদালতে শান্তি-শৃংখলা ভংগ নকৰাৰ প্ৰতিশ্ৰুতি আৰু ৫০ হাজাৰ টকাৰ বণ্ডৰ বিনিময়ত তেওঁৰ মুক্তিৰ নিৰ্দেশ দিয়ে। শান্তি-শৃংখলা বজাই ৰখাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতে তেওঁক মন্দিৰ মাৰ্গ আৰক্ষী থানাৰ পৰা মুকলি কৰি দিয়া হয়।
অভিজিৎ দীপকেৰ লগতে অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েশ্যন (AISA)-ৰ সভানেত্ৰী নেহা বৰাকো শুকুৰবাৰে আৰক্ষীয়ে আটক কৰিছিল। শনিবাৰে পুৱতি নিশা প্ৰায় ৫ বজাত নেহাক মুকলি কৰি দিয়া হয়। আনহাতে, অভিজিৎক প্ৰথমে আটক কৰাৰ পিছত শনিবাৰে শান্তি-শৃংখলা বজাই ৰখাৰ প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগত পুনৰ গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে আদালতৰ নিৰ্দেশত তেওঁক পুনৰ মুকলি কৰি দিয়া হয়। এই ঘটনাই দিল্লীত প্ৰতিবাদৰ অধিকাৰ আৰু আৰক্ষীৰ পদক্ষেপক লৈ নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।
আৰক্ষীৰ মতে, শুকুৰবাৰে সন্ধিয়া কনট প্লেছৰ চেণ্ট্ৰেল পাৰ্কত ৰাষ্ট্ৰীয় পতাকা হাতত লৈ ‘লেহৰা দো তিৰংগা’ প্ৰতিবাদী সমদল উলিওৱাৰ পৰিকল্পনা কৰা হৈছিল। সম্ভাব্য বিশৃংখল পৰিস্থিতি ৰোধ কৰা আৰু যান-বাহনৰ চলাচল স্বাভাৱিক ৰখাৰ যুক্তি দি আৰক্ষীয়ে সমদল আৰম্ভ হোৱাৰ আগতেই প্ৰতিবাদকাৰী নেতাসকলক আটক কৰে। দিল্লী আৰক্ষীয়ে নিষেধাজ্ঞামূলক নিৰ্দেশৰ কথাও উল্লেখ কৰিছিল। অৱশ্যে কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতো শিক্ষাৰ্থী আৰু আন প্ৰতিবাদকাৰীসকলে ঠায়ে ঠায়ে সৰু সৰু সমদল উলিয়ায়। প্ৰতিবাদৰ সময়ত কনট প্লেছত অতিৰিক্ত আৰক্ষী আৰু দ্ৰুত সঁহাৰি বাহিনী (RAF) মোতায়েন কৰা হৈছিল।
ইয়াৰ পূৰ্বে ১০ অক্টোবৰত দিল্লী বিমানবন্দৰত বিমানৰ পৰা নমাৰ পিছতে অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক আৰক্ষীয়ে আটক কৰিছিল। সেইবাৰো তেওঁলোকক এবছৰলৈ শান্তি-শৃংখলা ভংগ নকৰাৰ চৰ্তত মুকলি কৰি দিয়া হৈছিল। কিন্তু যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি নথকাৰ পিছতো তাত প্ৰৱেশ কৰাৰ অভিযোগত সৌৰভ দাস আৰু আশুতোষ ৰাংকাক পুনৰ আটক কৰা হয়। বৰ্তমান দুয়োগৰাকী নেতা তিহাৰ কাৰাগাৰত ন্যায়িক জিম্মাত আছে। তেওঁলোকৰ জামিনৰ আবেদন দাখিল কৰা হৈছে যদিও শনিবাৰলৈকে তেওঁলোকৰ মুক্তি হোৱা নাছিল।
ইফালে, তিহাৰ কাৰাগাৰৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত বাতৰি অনুসৰি, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক পৃথক উচ্চ-নিৰাপত্তাযুক্ত কক্ষত ৰখা হৈছে। তেওঁলোকৰ নিৰাপত্তাৰ বাবে অতিৰিক্ত কাৰাগাৰ কৰ্মী নিয়োগ কৰা হৈছে। আন বন্দীৰ সৈতে মিলা-মিছা কৰা আৰু কাৰাগাৰৰ বাহিৰত চলাচলৰ ক্ষেত্ৰতো তেওঁলোকৰ ওপৰত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি বাতৰিত প্ৰকাশ পাইছে।
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ককৰোচ জনতা পাৰ্টি, শিক্ষাৰ্থী সংগঠন আৰু বিৰোধী দলসমূহে চলাই থকা প্ৰতিবাদৰ মাজতে এই আটক আৰু মুক্তিৰ ঘটনাই ৰাজনৈতিক উত্তেজনা বৃদ্ধি কৰিছে। প্ৰতিবাদকাৰীসকলে ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনক লৈ আপত্তি প্ৰকাশ কৰি আহিছে। তেওঁলোকৰ অভিযোগ, এই প্ৰক্ৰিয়াৰ ফলত বৃহৎ সংখ্যক ভোটাৰৰ নাম তালিকাৰ পৰা বাদ পৰিছে। অৱশ্যে নিৰ্বাচন আয়োগে কোনো ৰাজনৈতিক দলৰ পক্ষ লোৱাৰ অভিযোগ অস্বীকাৰ কৰিছে।





