মহিলাৰ মুখ চেপি ধৰি তেওঁৰ গাৰ ওপৰত উঠি পৰাটো আপত্তিজনক আৰু অপৰাধমূলক আচৰণ হ’ব পাৰে। কিন্তু কেৱল এনে আচৰণৰ ভিত্তিত ধৰ্ষণৰ চেষ্টা কৰা বুলি প্ৰমাণিত বুলি ক’ব নোৱাৰি। ইয়াৰ বাবে অভিযুক্তই ধৰ্ষণ সংঘটিত কৰাৰ প্ৰস্তুতিৰ পৰ্যায় অতিক্ৰম কৰি অপৰাধটো সংঘটিত কৰাৰ দিশত প্ৰত্যক্ষ পদক্ষেপ গ্ৰহণ কৰিছিল বুলি প্ৰমাণ থকাটো প্ৰয়োজন। ২০১০ চনৰ এটা ঘটনাৰ সৈতে জড়িত গোচৰৰ ৰায়দানৰ সময়ত এই গুৰুত্বপূৰ্ণ পৰ্যবেক্ষণ আগবঢ়াইছে পাটনা উচ্চ ন্যায়ালয়ে। আদালতে ধৰ্ষণৰ চেষ্টাৰ অপৰাধত এজন ব্যক্তিক দোষী সাব্যস্ত কৰা নিম্ন আদালতৰ সিদ্ধান্ত বাতিল কৰি তেওঁক মহিলাৰ শ্লীলতাহানিৰ উদ্দেশ্যে আক্ৰমণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে। লগতে ঘৰত অবৈধভাৱে প্ৰৱেশৰ অপৰাধত দোষী সাব্যস্ত কৰাৰ সিদ্ধান্তও বাহাল ৰাখে।
জানিব পৰা মতে, ঘটনাটো ২০১০ চনৰ ৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ১০ বজাত বিহাৰৰ বেগুছৰাই জিলাৰ বালিয়া অঞ্চলত সংঘটিত হৈছিল। এগৰাকী বিধৱা মহিলাই নিজৰ সন্তানসকলৰ সৈতে এটা খেৰৰ চালৰ ঘৰত বাস কৰিছিল। অভিযোগ অনুসৰি, মহিলাগৰাকী শুই থকা অৱস্থাত অভিযুক্ত লোকজনে দুৱাৰত লগোৱা আড়া আঁতৰাই ঘৰত প্ৰৱেশ কৰে আৰু ভিতৰত জ্বলি থকা চাকিটো নুমুৱাই দিয়ে। তাৰ পাছতে তেওঁ মহিলাগৰাকীৰ গাৰ ওপৰত উঠি পৰি তেওঁৰ মুখ চেপি ধৰে।
মহিলাগৰাকীৰ চিঞৰ শুনি গাঁওবাসী ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযুক্ত লোকজনক ধৰি পেলায়। ইয়াৰ পাছতে ঘটনাটোক কেন্দ্ৰ কৰি তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হয়।
২০১৩ চনৰ ২৯ জুলাইত নিম্ন আদালতে অভিযুক্ত লোকজনক ধৰ্ষণৰ চেষ্টা আৰু ঘৰত অবৈধভাৱে প্ৰৱেশৰ অপৰাধত দোষী সাব্যস্ত কৰে। ধৰ্ষণৰ চেষ্টাৰ অপৰাধত তেওঁক চাৰি বছৰৰ কঠোৰ কাৰাদণ্ড আৰু ঘৰত অবৈধভাৱে প্ৰৱেশৰ অপৰাধত ছমাহৰ কাৰাদণ্ড বিহা হৈছিল। দুয়োটা কাৰাদণ্ড একে সময়তে কাৰ্যকৰী হ’ব বুলিও আদালতে নিৰ্দেশ দিছিল।
নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় অভিযুক্ত লোকজন। তেওঁৰ অধিবক্তাই যুক্তি আগবঢ়ায় যে অভিযোগকাৰী মহিলাগৰাকীৰ বক্তব্যত অসংগতি আছে আৰু অভিযোগৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণো নাই। তদুপৰি, অভিযুক্তক ঘটনাস্থলীত ধৰি পেলোৱা বুলি কোৱা গাঁওবাসীসকলকো সাক্ষ্য দিবলৈ আদালতলৈ অনা হোৱা নাছিল বুলি তেওঁ যুক্তি দিয়ে।
পাটনা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ কুমাৰৰ একক বিচাৰপীঠৰ সন্মুখত মূল প্ৰশ্ন আছিল—ঘটনাটোৰ সৈতে জড়িত প্ৰমাণসমূহে ধৰ্ষণৰ চেষ্টা কৰাৰ অপৰাধ প্ৰতিষ্ঠা কৰেনে, নে অভিযুক্তৰ কাৰ্য মহিলাৰ শ্লীলতাহানিৰ উদ্দেশ্যে কৰা আক্ৰমণ বা অপৰাধমূলক বলপ্ৰয়োগৰ অপৰাধৰ ভিতৰত পৰে।
এই সন্দৰ্ভত আদালতে উল্লেখ কৰে যে অভিযুক্তই নিজৰ বা মহিলাগৰাকীৰ কাপোৰ খুলিবলৈ চেষ্টা কৰিছিল, অথবা যৌন সম্পৰ্ক স্থাপনৰ উদ্দেশ্যে কোনো পদক্ষেপ গ্ৰহণ কৰিছিল বুলি প্ৰমাণ পোৱা হোৱা নাই। সেয়েহে, মহিলাগৰাকীৰ গাৰ ওপৰত উঠি মুখ চেপি ধৰাৰ ঘটনাটোৱেই ধৰ্ষণৰ চেষ্টাৰ অপৰাধ প্ৰমাণ কৰিবলৈ যথেষ্ট নহয় বুলি আদালতে মত প্ৰকাশ কৰে।
উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ৰায়ৰ উল্লেখ কৰি পাটনা উচ্চ ন্যায়ালয়ে কয় যে কোনো কাৰ্য ধৰ্ষণৰ চেষ্টা বুলি প্ৰমাণ কৰিবলৈ অভিযুক্তৰ উদ্দেশ্যৰ লগতে অপৰাধটো সংঘটিত কৰাৰ দিশত তেওঁ প্ৰস্তুতিৰ পৰ্যায় অতিক্ৰম কৰি কোনো প্ৰত্যক্ষ পদক্ষেপ গ্ৰহণ কৰিছিল বুলি দেখুওৱা প্ৰমাণ থকাটো প্ৰয়োজন। আদালতৰ মতে, এই গোচৰত ধৰ্ষণৰ চেষ্টা প্ৰমাণ কৰিবলৈ প্ৰয়োজনীয় এনে প্ৰমাণৰ অভাৱ আছিল।
অৱশ্যে, আদালতে অভিযুক্তৰ কাৰ্যক অপৰাধমুক্ত বুলি গণ্য কৰা নাছিল। তেওঁৰ আচৰণ মহিলাৰ শ্লীলতাহানিৰ উদ্দেশ্যে কৰা আক্ৰমণৰ অপৰাধৰ ভিতৰত পৰে বুলি আদালতে সিদ্ধান্ত গ্ৰহণ কৰে। সেই অনুসৰি, ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ ধাৰাৰ অধীনত তেওঁক দোষী সাব্যস্ত কৰা হয়। আনহাতে, ঘৰত অবৈধভাৱে প্ৰৱেশৰ অপৰাধত ভাৰতীয় দণ্ডবিধিৰ ৪৪৮ ধাৰাৰ অধীনত দিয়া দোষী সাব্যস্তকৰণ বাহাল ৰখা হয়।
শাস্তিৰ ক্ষেত্ৰত আদালতে ঘটনাটোৰ পাছত ১৬ বছৰতকৈও অধিক সময় পাৰ হোৱা, অভিযুক্তৰ পূৰ্বে আন কোনো অপৰাধৰ অভিলেখ নথকা আৰু জামিনত থকা ১৩ বছৰতকৈও অধিক সময়ছোৱাত তেওঁ জামিনৰ স্বাধীনতাৰ অপব্যৱহাৰ কৰা বুলি কোনো অভিযোগ নুঠা আদি দিশ বিবেচনা কৰে। তেওঁ ইতিমধ্যে প্ৰায় আঢ়ৈ মাহ কাৰাগাৰত কটাইছিল।
সকলো দিশ পৰ্যালোচনা কৰি পাটনা উচ্চ ন্যায়ালয়ে দুয়োটা অপৰাধৰ বাবে দিয়া কাৰাদণ্ডৰ ম্যাদ অভিযুক্তই ইতিমধ্যে কাৰাগাৰত কটোৱা সময়খিনিতে সীমাবদ্ধ ৰাখে। ইয়াৰ উপৰি, মহিলাগৰাকীক ক্ষতিপূৰণ হিচাপে ২৫,০০০ টকা দিবলৈ আদালতে নিৰ্দেশ দিয়ে। এই ধন আঠ সপ্তাহৰ ভিতৰত জমা দিব লাগিব। অন্যথা তেওঁ ছমাহৰ সৰল কাৰাদণ্ড ভোগ কৰিব লাগিব।





