অসমৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ কুচনিমৰা অঞ্চলৰ পৰা আৰক্ষীয়ে ১৩ জন বাংলাদেশী নাগৰিক আৰু এজন ভাৰতীয় নাগৰিকসহ মুঠ ১৪ জনক আটক কৰিছে। ১৯ অক্টোবৰৰ নিশা মানকাচৰ আৰক্ষীয়ে এই অভিযান চলায়। আটক কৰা বাংলাদেশী নাগৰিকসকলৰ ভিতৰত ৫ গৰাকী মহিলা, ২ গৰাকী শিশু আৰু ৬ গৰাকী পুৰুষ আছে। প্ৰাপ্ত তথ্য অনুসৰি, এই দলটোৱে কুচনিমৰা সীমান্তৰ কাষেৰে অবৈধভাৱে বাংলাদেশলৈ উভতি যোৱাৰ চেষ্টা চলাইছিল, ঠিক সেই সময়তে মানকাচৰ আৰক্ষীয়ে তেওঁলোকক বাধা দি আটক কৰে।
প্ৰাথমিক তথ্যত প্ৰকাশ পাইছে যে এই বাংলাদেশী নাগৰিকসকলে দীৰ্ঘদিন ধৰি ভাৰতৰ বিভিন্ন প্ৰান্তত শ্ৰমিক হিচাপে বসবাস কৰি কাম কৰি আছিল। নিজৰ গৃহভূমিলৈ উভতি যোৱাৰ উদ্দেশ্যে তেওঁলোক সীমান্তৰ কাষ চাপিছিল বুলি জানিব পৰা গৈছে। ইফালে, বাংলাদেশী নাগৰিকসকলৰ দলটোৰ লগত আটক হোৱা ভাৰতীয় নাগৰিকগৰাকীক মোক্তাদূৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। তেওঁ কি উদ্দেশ্যৰে এই দলটোৰ লগত আছিল আৰু সীমান্তৰ দিশে যাত্ৰা কৰাত তেওঁৰ কোনো ভূমিকা আছিল নেকি, সেই সন্দৰ্ভত বৰ্তমানলৈকে কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই। বৰ্তমান ১৪ জন লোককেই মানকাচৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে। এই সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই।





