আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়া ৰাজ্যত নিৰ্বাচনী জালিয়াতিৰ গোচৰত অভিযুক্ত ২৮ জন ‘গ্ৰীণ কাৰ্ডধাৰী’ বিদেশী নাগৰিকৰ ভিতৰত দুজন ভাৰতীয় নাগৰিকো অন্তৰ্ভুক্ত হৈছে। সোমবাৰে আমেৰিকাৰ ন্যায় বিভাগে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, ২০২৪ চনৰ নৱেম্বৰত অনুষ্ঠিত আমেৰিকাৰ নিৰ্বাচনত অবৈধভাৱে ভোটাৰ হিচাপে পঞ্জীয়ন কৰা আৰু ভোটদান কৰাৰ অভিযোগত এই লোকসকলৰ বিৰুদ্ধে গুৰুতৰ ফেডাৰেল গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত ভাৰতীয় নাগৰিক দুজন হৈছে ৩০ বছৰীয়া আমনদ্বীপ কৌৰ আৰু ৬৭ বছৰীয়া কমলেশ শ্বাহ।
আমেৰিকাৰ নিৰ্বাচনৰ স্বচ্ছতা অটুট ৰখা আৰু জালিয়াতি নিৰ্মূল কৰাৰ উদ্দেশ্যে চলোৱা ‘অপাৰেচন প্ৰটেক্ট দ্য ভোট’ অভিযানৰ অংশ হিচাপে কেলিফৰ্ণিয়াৰ বিভিন্ন স্থানত পুৱতি নিশা চলোৱা অভিযানত ২৮ জন অভিযুক্তৰ ভিতৰত ১১ জনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে গ্ৰেপ্তাৰ হোৱা লোকসকলৰ মাজত উক্ত ভাৰতীয় নাগৰিক দুজন আছে নে নাই, সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই।
ন্যায় বিভাগৰ তথ্য অনুসৰি, কেলিফৰ্ণিয়াৰ চেক্ৰামেন্টোৰ বাসিন্দা কমলেশ শ্বাহে ২০২৪ চনৰ নৱেম্বৰৰ সাধাৰণ নিৰ্বাচনৰ দিনটোতে প্ৰৱঞ্চনাৰে ভোটাৰ হিচাপে পঞ্জীয়ন কৰি ভোটদান কৰিছিল। আনহাতে, ৰেঞ্চো পালোছ ভাৰ্ডেছৰ বাসিন্দা আমনদ্বীপ কৌৰে ২০২২ চনৰ ডিচেম্বৰত অবৈধভাৱে ভোটাৰ হিচাপে পঞ্জীয়ন কৰিছিল আৰু ২০২৪ চনৰ নিৰ্বাচনত ভোটদান কৰিছিল। উল্লেখ্য যে আমনদ্বীপ কৌৰে বৰ্তমান আমেৰিকাৰ নাগৰিকত্ব লাভৰ বাবে আবেদন জনাইছে।
বিবৃতিটোত স্পষ্ট কৰি দিয়া হৈছে যে অভিযুক্ত আটাইকেইজন বিদেশী নাগৰিক আমেৰিকাৰ বৈধ স্থায়ী বাসিন্দা বা ‘গ্ৰীণ কাৰ্ডধাৰী’। গ্ৰীণ কাৰ্ডধাৰীসকলৰ আমেৰিকাত আইনী প্ৰব্ৰজনৰ মৰ্যাদা থাকিলেও তেওঁলোক আমেৰিকাৰ নাগৰিক নহয় আৰু সেয়েহে তেওঁলোকৰ আমেৰিকাৰ নিৰ্বাচনত ভোটদান কৰাৰ কোনো অধিকাৰ নাই। এই লোকসকলৰ বিৰুদ্ধে নাগৰিকত্বৰ আবেদনত মিছা বিৱৰণী দিয়া আৰু ভুৱা ভোটাৰ পঞ্জীয়নৰ দৰে গুৰুতৰ অপৰাধ অভিযোগ অনা হৈছে। দোষী সাব্যস্ত হ’লে তেওঁলোকক সৰ্বাধিক পাঁচ বছৰৰ ফেডাৰেল কাৰাদণ্ড বিহা হ’ব পাৰে।
ভাৰপ্ৰাপ্ত উপ-এটৰ্নী জেনেৰেল ট্ৰেণ্ট মেককটাৰে লছ এঞ্জেলছত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে অভিযুক্ত ২৮ জন লোকৰ নাম যোৱা সপ্তাহত কেলিফৰ্ণিয়াৰ নিৰ্বাচনী বিষয়াসকলক প্ৰদান কৰা প্ৰায় ২০,০০০ সন্দেহযুক্ত অ-নাগৰিক ভোটাৰৰ তালিকাত অন্তৰ্ভুক্ত আছিল। উল্লেখযোগ্য যে যোৱা ১৯ অক্টোবৰ, সোমবাৰৰ পূৰ্বলৈকে চলিত বৰ্ষত আমেৰিকাৰ ন্যায় বিভাগে নিৰ্বাচনী অসদাচৰণৰ বাবে প্ৰায় ৯০ জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে, যাৰ ভিতৰত ৫০ জনৰ বিৰুদ্ধে অ-নাগৰিক হিচাপে ভোটদান কৰাৰ অভিযোগ আছে। ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত আমেৰিকাত ২২ কোটি ৭০ লাখৰো অধিক পঞ্জীয়নভুক্ত ভোটাৰ আছিল।





