• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

১৯৯৭ চনত আই আই টি গুৱাহাটীত ডিজাইন বিভাগ প্ৰতিষ্ঠা কৰাৰ লগতে থলুৱা বাঁহ-বেতৰ ব্যৱহাৰেৰে বহনক্ষম ডিজাইনৰ ধাৰণা প্ৰৱৰ্তনত বিশেষ ভূমিকা লৈছিল বৰ্ষীয়ান শিক্ষাবিদগৰাকীয়ে।

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2026 2:34 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ডিজাইন শিক্ষাৰ অন্যতম বাটকটীয়া তথা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ ডিজাইন বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ সোমবাৰে মুম্বাইত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। বাস্তৱ জীৱনৰ সমস্যা সমাধানৰ এক বিশেষ মাধ্যম হিচাপে ভাৰতত ‘ডিজাইন থিংকিং’ ধাৰণাটোৰ প্ৰৱৰ্তন আৰু ইয়াক প্ৰতিষ্ঠানিক ৰূপ দিয়াৰ ক্ষেত্ৰত নাদকৰ্ণীয়ে অগ্ৰণী ভূমিকা পালন কৰিছিল।

 

Apply Now

ছটা দশকৰো অধিক কালজোৰা বৰ্ণাঢ্য কৰ্মজীৱনত তেওঁ দেশৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানত ডিজাইন শিক্ষাৰ ভেটি গঢ়ি তুলিছিল। গতানুগতিক ব্যৱহাৰিক কলাৰ পৰিৱৰ্তে সামাজিক আৰু উন্নয়নমূলক প্ৰত্যাহ্বানসমূহ সমাধানৰ এক পদ্ধতিগত মাধ্যম হিচাপে ডিজাইন শিক্ষাক ৰূপান্তৰিত কৰাত তেওঁ বিশেষ অৰিহণা যোগাইছিল। ১৯৯৭ চনত আই আই টি গুৱাহাটীত ডিজাইন বিভাগটো প্ৰতিষ্ঠা কৰাত মুখ্য ভূমিকা লোৱা অধ্যাপক নাদকৰ্ণীয়ে ইয়াৰ প্ৰথমটো স্নাতক পাঠ্যক্ৰম প্ৰস্তুত কৰিছিল। বিশেষকৈ স্থানীয় সম্পদৰ ব্যৱহাৰ আৰু বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ এই অঞ্চলৰ থলুৱা বাঁহ আৰু বেতেৰে বিদ্যালয় তথা চিকিৎসালয়ৰ বাবে আচবাব ডিজাইন কৰাত বিশেষ প্ৰাধান্য দিছিল।

 

ইয়াৰ পূৰ্বে ১৯৬৯ চনত আই আই টি বম্বেত ‘ইণ্ডাষ্ট্ৰিয়েল ডিজাইন চেণ্টাৰ’ স্থাপনৰ ক্ষেত্ৰতো তেওঁ অন্যতম মূল ব্যক্তি আছিল। তাত তেওঁ ভাৰতৰ প্ৰথমটো প্ৰডাক্ট ডিজাইন আৰু কমিউনিকেশ্যন ডিজাইনৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাত সহায় কৰিছিল আৰু পৰৱৰ্তী ১৮ বছৰ ধৰি কেন্দ্ৰটোৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি দেশত পেছাদাৰী ডিজাইন শিক্ষাৰ বিকাশত গুৰুত্বপূৰ্ণ অবদান আগবঢ়াইছিল। পাছলৈ মুম্বাইৰ ‘উইস্কুল’ত বিজনেছ ডিজাইনৰ দুবছৰীয়া এম বি এ পাঠ্যক্ৰমৰ জৰিয়তে তেওঁ ডিজাইন আৰু ব্যৱস্থাপনা শিক্ষাক একত্ৰিত কৰি কৰ্প’ৰেট কৌশলৰ সৈতে ইয়াৰ সমন্বয় ঘটায়। ইয়াৰ উপৰি ইউৰোপৰ পৰা উভতি অহাৰ পাছত ১৯৬৬ চনৰ পৰা ১৯৬৯ চনলৈকে তেওঁ আহমেদাবাদৰ নেশ্যনেল ইনষ্টিটিউট অৱ ডিজাইনত সহযোগী অধ্যাপক হিচাপেও সেৱা আগবঢ়াইছিল।

 

১৯৩৮ চনত জন্মগ্ৰহণ কৰা সুধাকৰ নাদকৰ্ণীয়ে মুম্বাইৰ ছাৰ জে জে স্কুল অৱ আৰ্টত গ্ৰাফিক ডিজাইন অধ্যয়ন কৰিছিল। ইয়াৰ পাছত ১৯৬২ চনত তেওঁ ঔদ্যোগিক প্ৰডাক্ট ডিজাইন অধ্যয়নৰ বাবে জাৰ্মানীৰ উলম চহৰৰ প্ৰখ্যাত শিক্ষানুষ্ঠান ‘হচশুলে ফুৰ গেষ্টাল্টুং’লৈ যায়। এই শিক্ষানুষ্ঠানখনে তেওঁৰ চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাইছিল আৰু ডিজাইন মানুহৰ প্ৰয়োজনীয়তা পূৰণ তথা সামাজিক আৰু ৰাষ্ট্ৰীয় বিকাশৰ বাবে হ’ব লাগে বুলি তেওঁৰ বিশ্বাস দৃঢ় কৰিছিল। দেশত কেইবাটাও প্ৰজন্মৰ ডিজাইনাৰ গঢ়ি তোলা এইগৰাকী মহান শিক্ষাবিদৰ শেষকৃত্য সোমবাৰে বিয়লি ৩.৩০ বজাত মুম্বাইৰ ছত্ৰপতি শিৱাজী মহাৰাজ পাৰ্কস্থিত বৈদ্যুতিক শ্মশানত সম্পন্ন কৰাৰ ব্যৱস্থা কৰা হয়।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

দেশত অস্থিৰতা বিচৰা অপশক্তিৰ সৈতে হাত মিলাইছে একাংশ উচ্চাকাংক্ষী নেতাই: বিজয়া দশমীত মোহন ভাগৱতৰ বিস্ফোৰক অভিযোগ

October 20, 2026 2:04 pm
২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

২৮ জন বিদেশীৰ বিৰুদ্ধে আমেৰিকাৰ ন্যায় বিভাগৰ কঠোৰ ব্যৱস্থা: নিৰ্বাচনী জালিয়াতিত নাম সাঙোৰ খালে দুই ভাৰতীয়ৰ

October 20, 2026 12:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ পোষকতা কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ : কেন্দ্ৰৰ হস্তক্ষেপ বিচাৰিলে ৰাজ্যই

October 20, 2026 2:47 pm
আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

আই আই টি গুৱাহাটীৰ ডিজাইন বিভাগৰ বাটকটীয়া অধ্যাপক সুধাকৰ নাদকৰ্ণীৰ ৮৮ বছৰ বয়সত দেহাৱসান

October 20, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd