মণিপুৰত কুকি আৰু নগা জনগোষ্ঠীৰ মাজত চলি থকা সংঘাতৰ মাজতে পুনৰ অগ্নিসংযোগৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে (২১ অক্টোবৰ) পুৱা ৰাজ্যখনৰ কামজং জিলাৰ পৰিত্যক্ত খোইখাই গাঁৱৰ কেইবাটাও ঘৰত জুই লগোৱা হয়। ঘটনাটোৱে অঞ্চলটোত পুনৰ উত্তেজনা বৃদ্ধিৰ আশংকা সৃষ্টি কৰিছে।
আৰক্ষীৰ তথ্য অনুসৰি, পুৱা প্ৰায় ৫.৩০ বজাত চাছাদ গাঁৱৰ সমীপত অৱস্থিত খোইখাই নামৰ কুকি গাঁওখনত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয়। এই ঘটনাৰ আঁৰত সন্দেহযুক্ত উগ্ৰপন্থী জড়িত থকা বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, কুকি আৰু নগা জনগোষ্ঠীৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ বাসিন্দাসকলে ইতিমধ্যে ঘৰ-বাৰী এৰি নিৰাপদ স্থানলৈ গুচি গৈছিল। ফলত অগ্নিসংযোগৰ সময়ত গাঁওখন জনশূন্য হৈ আছিল।
আনহাতে, অগ্নিসংযোগৰ ফলত কিমানটা ঘৰ ক্ষতিগ্ৰস্ত হৈছে, সেই সন্দৰ্ভত এতিয়ালৈকে নিশ্চিত তথ্য প্ৰকাশ পোৱা নাই। ঘটনাটোৰ সৈতে কোন জড়িত, সেয়াও আৰক্ষীয়ে নিশ্চিত কৰিব পৰা নাই।
উল্লেখ্য যে, ২০২৬ চনৰ আৰম্ভণিৰে পৰা মণিপুৰৰ বিভিন্ন অঞ্চলত কুকি আৰু নগা জনগোষ্ঠীৰ মাজত সংঘটিত সংঘাতত ৫০ৰো অধিক লোকৰ মৃত্যু হোৱা বুলি সংবাদ প্ৰতিবেদনত প্ৰকাশ পাইছে। এই সংঘাতৰ ফলত কেইবা ডজন ঘৰো জ্বলাই দিয়া হৈছে। টামেংলং, ননী, কাংপ’কপি, উখৰুল আৰু কামজং জিলাত সংঘাতৰ প্ৰভাৱ পৰিছে।
খোইখাই গাঁৱৰ শেহতীয়া ঘটনাই ৰাজ্যখনৰ পাৰ্বত্য অঞ্চলসমূহত অব্যাহত থকা জাতিগত উত্তেজনাৰ মাজত পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা বৃদ্ধি পাইছে।





