• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

তেওঁ পৰ্যবেক্ষণ কৰে যে এই SIR কেৱল এটা বিশেষ ৰাজনৈতিক দলক নিৰ্বাচনী সুবিধা প্ৰদানৰ বাবেই নহয়, বৰঞ্চ ভাৰতত এখন বিশেষ হিন্দু ৰাষ্ট্ৰ গঠন আৰু সাধাৰণতে বঞ্চিত নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাৰ গভীৰ শিপাই থকা ষড়যন্ত্ৰৰ অংশ।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 22, 2026 5:05 pm
বিশিষ্ট অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰ। ফটোঃ সংগ্ৰহীত।

বিশিষ্ট অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰ। ফটোঃ সংগ্ৰহীত।

10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ স্বামী তথা অৰ্থনীতিবিদ পৰাকলা প্ৰভাকাৰে SIRৰ বিৰুদ্ধে দেশজুৰি গঢ়ি উঠা আন্দোলনত যোগদান কৰিব। ককৰোচ জনতা পাৰ্টিৰ সৈতে তেওঁ ৰাজপথলৈ ওলাই আহিব। অৱশ্যে প্ৰভাকৰৰ SIRৰ বিৰোধিতা হঠাৎ নহয়। আৰম্ভণিৰে পৰাই তেওঁ এই প্ৰক্ৰিয়াৰ সমালোচক।

তেওঁৰ ছ’চিয়েল মিডিয়াৰ টাইমলাইন চালে স্পষ্ট হৈ পৰে যে তেওঁ আৰম্ভণিৰে পৰাই এছ আই আৰ প্ৰক্ৰিয়াক সমালোচনা কৰি আহিছে। এয়া কেৱল ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া নহয়, ইয়াৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আছে বুলি অভিযোগ কৰি তেওঁ সমগ্ৰ প্ৰক্ৰিয়াটো বাতিল কৰাৰ দাবী জনাই আহিছে।

এইবাৰ তেওঁ এটা ভিডিঅ’ত অহা ২৪ অক্টোবৰত হায়দৰাবাদত এছআইআৰ বাতিল আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে মানৱ শৃংখলত জনসাধাৰণক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। তেওঁ ভিডিঅটোত কৈছে– ”

Apply Now

আজি সমগ্ৰ দেশে প্ৰশ্ন উত্থাপন কৰিছে। সকলোৱে ইয়াত অসন্মতি প্ৰকাশ কৰিছে। ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে। ই নিৰ্বাচন আয়োগৰ জালিয়াতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে। SIR নামৰ এই প্ৰতাৰণাৰ প্ৰতি অসন্মতি প্ৰকাশ কৰিছে। নিৰ্বাচনী জনাদেশ চুৰি কৰাৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহিছে।

প্ৰতিটো অঞ্চল, প্ৰতিটো বয়সৰ, প্ৰতিটো শ্ৰেণীৰ লোকে মাত মাতিছে। যন্তৰ মন্তৰ কেৱল দেশৰ ৰাজধানীৰ এক নিৰ্দিষ্ট স্থান নহয়। দেশৰ প্ৰতিটো ৰাস্তা, প্ৰতিটো পথ আৰু উপপথ য’ত মতানৈক্য আৰু প্ৰতিবাদ প্ৰকাশ কৰা হয় সেয়াই হৈছে যন্তৰ মন্তৰ। প্ৰতিটো প্ৰতিবাদ, প্ৰশ্ন, বিৰোধী সত্তা যন্তৰ মন্তৰ। এতিয়া চাওঁ আহক এই স্বৈৰাচাৰীতাই কিমান যন্তৰ মন্তৰক নিষিদ্ধ কৰিব পাৰে।

আহক, হায়দৰাবাদত মানৱ শৃংখল গঢ়ি তোলো। টেংক বাণ্ডত প্ৰতিবাদত যোগদান কৰক। ২৪ অক্টোবৰৰ বিয়লি ৪:০০ বজাত টেংক বাণ্ডৰ মখদুম মহিউদ্দিন মূৰ্তিৰ পৰা আৰম্ভ হ’ব মানৱ শৃংখল। মানৱ শৃংখলত যোগদান কৰক, প্ৰতিবাদ সাৱ্যস্ত কৰক।

এই ভাৰতীয় নিৰ্বাচন আয়োগ ভংগ কৰাৰ দাবী কৰক। SIR বাতিলৰ দাবী কৰক। সকলো যোগ্য ভোটাৰক ভোটাৰ তালিকালৈ ঘূৰাই অনাৰ দাবী তোলক। ২০২৩ চনৰ আইন বাতিলৰ দাবী আৰু ইচিআইক জবাবদিহি আৰু নিৰপেক্ষ সংস্থা কৰাৰ দাবী কৰক। আহক আমি একত্ৰিত হৈ গণতন্ত্ৰ পুনৰুদ্ধাৰ কৰোঁ। লগত আমাৰ জাতীয় পতাকা আৰু এখন প্লেকাৰ্ড লৈ আহিব।

মনত ৰাখিব: ২৪ অক্টোবৰ, হায়দৰাবাদ, টেংক বাণ্ড, মাখডুম মহিউদ্দিনৰ মূৰ্তি, ৪:০০ বজাত।”

যোৱা ২ ছেপ্টেম্বৰতো তেওঁ নিজৰ উদ্বেগ প্ৰকাশ কৰি লিখিছিল, “এই বিভ্ৰান্তিকৰ আৰু বাচি বাচি নাম বাদ দিয়াৰ চক্ৰান্তই আচলতে আমাৰ ৰাজনৈতিক সমাজৰ মূল চৰিত্ৰটোকে সলনি কৰি আছে। এটা বিশেষ সংখ্যাগৰিষ্ঠতাবাদী এজেণ্ডাৰ লগত খাপ খুৱাই ভোটাৰৰ তালিকাসমূহ গঢ় দিয়া হৈছে।”

ইয়াৰ পূৰ্বে ৩১ আগষ্টত তেলেংগানাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ পাছত প্ৰভাকৰে হায়দৰাবাদ চহৰত ব্যাপক নাম বাদ পৰাৰ কথা আঙুলিয়াই দি কৈছিল- “প্ৰথমে বিহাৰত ট্ৰায়েলত কোনো প্ৰতিৰোধ নোপোৱাটোৱে আয়োগক উৎসাহিত কৰিছিল। তাৰ পিছত পশ্চিমবংগত অলপ প্ৰতিৰোধ থাকিলেও ইয়াক অতিক্ৰম কৰা হ’ল। আৰু সেয়ে এতিয়া কোনো বাধা অবিহনে এই বিপজ্জনক খেলখন হায়দৰাবাদত খেলা হৈছে।”

কিন্তু নিৰ্বাচন আয়োগৰ ভূমিকা সম্পৰ্কে ইটোৰ পিছত সিটো খবৰ পোহৰলৈ অহাৰ পিছত তেওঁ আক্ৰমণৰ তীব্ৰতা বহু বৃদ্ধি কৰিছে। তেওঁ পৰ্যবেক্ষণ কৰে যে এই SIR কেৱল এটা বিশেষ ৰাজনৈতিক দলক নিৰ্বাচনী সুবিধা প্ৰদানৰ বাবেই নহয়, বৰঞ্চ ভাৰতত এখন বিশেষ হিন্দু ৰাষ্ট্ৰ গঠন আৰু সাধাৰণতে বঞ্চিত নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাৰ গভীৰ শিপাই থকা ষড়যন্ত্ৰৰ অংশ।

শুকুৰবাৰে দিল্লীত চিজেপিৰ মুৰব্বী অভিজিৎ দীপকে আহ্বান জনোৱা দেশজোৰা ‘পিপুলছ মাৰ্চ’ বা জন পদযাত্ৰাত যোগদান কৰিবলৈ সাজু হৈছে পৰাকলা প্ৰভাকৰ। আন্দোলনৰ গভীৰতা বৃদ্ধি কৰি তেওঁ ছ’চিয়েল মিডিয়াত এটা বাৰ্তা প্ৰকাশ কৰে, “হৰ গলী মেই যন্তৰ মন্তৰ! এই জন পদযাত্ৰাৰ লক্ষ্য হৈছে আমাৰ হেৰুৱা গণতন্ত্ৰ পুনৰুদ্ধাৰ। আহক আমি সকলোৱে মিলি এই ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ।”

Har gali me Jantar Mantar !

Friday, 23 October, 2026

People’s March to Restore Democracy

Let’s Rise to the Challenge https://t.co/JFq3tzujsS

— Parakala Prabhakar (@parakala) October 21, 2026

বিশেষজ্ঞসকলৰ মতে, ৰাজধানীৰ বুথ আৰু ৰাজপথত এনে বিশিষ্ট ব্যক্তিৰ উপস্থিতিত এছ আই আৰ বিৰোধী আন্দোলনে এক নতুন ৰাজনৈতিক মাত্ৰা লাভ কৰিবলৈ গৈ আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

October 22, 2026 6:30 pm
আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

October 22, 2026 5:05 pm
বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

বতাহত কিবা ৰাজনৈতিক পৰিৱৰ্তনৰ উমান পোৱা গৈছেনে?

October 22, 2026 4:13 pm
ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

ইটোৰ পিছত সিটোকৈ আকাশৰ পৰা সৰি পৰিল ইউক্ৰেইনৰ ড্ৰোন! আমেৰিকাৰ ভূমিকাক লৈ বাঢ়িছে বিতৰ্ক

October 22, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

বঙাইগাঁওৰ হোটেলৰ পৰা উদ্ধাৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ডি এছ পি খৰ্গেশ্বৰ ৰাভাৰ মৃতদেহ

October 22, 2026 6:30 pm
আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

আৰম্ভণিৰে পৰা SIRৰ সমালোচক, এইবাৰ আয়োগৰ বিৰুদ্ধে প্ৰতিবাদত যোগ দিব অৰ্থনীতিবিদ পৰাকলা প্ৰভাকৰে

October 22, 2026 5:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd