• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

অভিযোগ অনুসৰি কেৰালাৰ পৰা কাটাৰলৈ গৈ কাৰ্যালয়ৰ টকা ৰখা লকাৰ ভাঙি ৩১ লাখ কাটাৰী ৰিয়াল লৈ পলায়ন কৰে চাৰিজন লোক। যাৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ৮ কোটি টকা।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2026 12:12 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাটাৰ ডকাইতি কাণ্ডৰ এবছৰৰ অন্তত চৰ্চালৈ আহিছে কেৰালাৰ এজন বিজেপি নেতা। অভিযোগ অনুসৰি যোৱা বছৰ কেৰালাৰ পৰা কাটাৰলৈ গৈ চাৰিজন লোকে এটা কোম্পানীৰ কাৰ্যালয়ৰ পৰা বিপুল পৰিমাণৰ ধন লুট কৰিছিল। এইবাৰ সেই ঘটনাত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে কোঝিকোডৰ বিজেপি নেতা পৰাপ্পিল বালকৃষ্ণনে।

অৱশ্যে এই ঘটনাত কিমান টকা লুট কৰা হৈছিল সেই সন্দৰ্ভতো এক নতুন ৰহস্যৰ সৃষ্টি হৈছে। যদিও আৰক্ষীয়ে দাখিল কৰা এফআইআৰত লুণ্ঠনৰ পৰিমাণ প্ৰায় ৮ কোটি টকা বুলি কোৱা হৈছে, তথাপিও ছ’চিয়েল মিডিয়াত প্ৰচাৰিত এটা অডিঅ’ত এই সংখ্যা ২৫ কোটি টকা বুলি দাবী কৰা হৈছে।

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক প্ৰতিবেদন অনুসৰি ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত কাটাৰৰ ডোহাত থকা কেৰেলা মুছলিম কালচাৰেল চেণ্টাৰৰ আল টুমামা কাৰ্যালয়ত এই ডকাইতি সংঘটিত হৈছিল।

Apply Now

অভিযোগ অনুসৰি কেৰালাৰ পৰা কাটাৰলৈ গৈ কাৰ্যালয়ৰ টকা ৰখা লকাৰ ভাঙি ৩১ লাখ কাটাৰী ৰিয়াল লৈ পলায়ন কৰে চাৰিজন লোক। যাৰ মূল্য ভাৰতীয় মুদ্ৰাত প্ৰায় ৮ কোটি টকা। পিছত অভিযুক্তই কেৰালালৈ উভতি আহে।

প্ৰায় এবছৰ ধৰি এই ঘটনাৰ তদন্তৰ কোনো অগ্ৰগতি নহ’ল যদিও বুধবাৰে বালকৃষ্ণনে কোঝিকোডৰ কৈলান্দি আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। পেছাত তেওঁ এজন ওৱেল্ডাৰ। যোৱা বছৰ তেওঁ কৈলান্দি পৌৰসভাৰ এটা ৱাৰ্ডৰ পৰা বিজেপি প্ৰাৰ্থী হিচাপে স্থানীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল।

আৰক্ষীৰ সূত্ৰ অনুসৰি ১৫ ছেপ্টেম্বৰত এই ঘটনাত এজাহাৰ দাখিল কৰা হৈছিল।তাৰ ভিত্তিত কেইবাজনো লোকৰ বিৰুদ্ধে ডকাইতি আৰু অন্যান্য অভিযোগত এফআইআৰ ৰুজু কৰা হৈছিল।

বালকৃষ্ণনৰ উপৰিও অভিযুক্তৰ তালিকাত ৰাছি, ছালিহ, বম্বে শ্বাজী, কামৰুদ্দিন, হাছান নামৰ লোকৰ নাম আছে। আত্মসমৰ্পণ কৰাৰ পিছত বালকৃষ্ণনক জিম্মালৈ প্ৰেৰণ কৰা হয়। আৰক্ষীয়ে জনোৱা মতে, বাকী অভিযুক্তসকল এতিয়াও পলাতক হৈ আছে।

আত্মসমৰ্পণৰ পূৰ্বে ৰেকৰ্ড কৰা এটা ভিডিঅ’ত বালকৃষ্ণনে দাবী কৰে যে তেওঁ প্ৰথমে ডকাইতিৰ পৰিকল্পনাৰ বিষয়ে একো জনা নাছিল। শ্বাজী বম্বে ওৰফে শ্বাহজাহানে তেওঁক কাটাৰত চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। সেই সূত্ৰেই তেওঁ তালৈ গৈছিল। কিন্তু দোহা পোৱাৰ পিছত তেওঁক এটা আৱাসগৃহত ৰখা হৈছিল আৰু বাহিৰলৈ যাবলৈ দিয়া হোৱা নাছিল।

বালকৃষ্ণনে দাবী কৰা মতে, এদিন তেওঁক কে এম চি চিৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছিল, ভাবুকি দিয়া হৈছিল আৰু লকাৰ ভাঙিবলৈ বাধ্য কৰা হৈছিল। লকাৰটো খুলি চাজীয়ে টকাখিনি লৈ গ’ল। তেওঁ লগতে অভিযোগ কৰে যে কামৰু নামৰ এজন ব্যক্তিয়ে সমগ্ৰ ঘটনাটো পৰিচালনা কৰিছিল। পিছত বালকৃষ্ণন শ্বাজীৰ ব্যৱস্থা কৰা বিমানেৰে কেৰালালৈ উভতি আহে। বালকৃষ্ণনে নিজৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰে। ভিডিঅ’টোত তেওঁ দাবী কৰিছে যে তেওঁৰ জীৱনৰ ভয় আছে আৰু তেওঁক জামিনত মুকলি কৰি দিয়াটো সঠিক নহ’ব।

ইপিনে, ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা আন এক অডিঅ’ক লৈ তদন্তত নতুন প্ৰশ্ন উত্থাপন হৈছে। দাবী কৰা হৈছে যে অডিঅ’টোত সেয়া শ্বাজী আৰু কামৰুৰ মাজত হোৱা কথা-বতৰা। অভিযোগ অনুসৰি শ্বাজীয়ে লুটপাতৰ অংশ দাবী কৰা শুনা যায়। কথোপকথনত ২৫ কোটি টকা কেৰালালৈ প্ৰেৰণ কৰা বুলি দাবী কৰা হৈছে। কিন্তু এফআইআৰত উল্লেখ আছে যে লুট কৰা ধনৰাশি ৮ কোটি টকা। কিন্তু আৰক্ষীয়ে অডিঅ’টোৰ সত্যতা আৰু তাত উল্লেখ কৰা ধনৰ পৰিমাণ পৰীক্ষা কৰা নাই।

কেএমচিচি হৈছে কাটাৰত বাস কৰা কেৰালাবাসীৰ সৈতে কাম কৰা এটা সংস্থা। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে লুট কৰা ধন সংস্থাটোৰ ‘স্নেহ সুৰক্ষা’ প্ৰকল্পৰ বাবে ৰখা হৈছিল। ঘটনাৰ পিছতে সংগঠনটোৰ ভিতৰতে ধনৰ পৰিমাণ, নিৰাপত্তাৰ ব্যৱস্থা আৰু নেতৃত্বৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হয়।

আৰক্ষীৰ মতে, এই ডকাইতিটো বিদেশত সংঘটিত হ’লেও ৰাজ্যখনত গোচৰ ৰুজু কৰাটো সম্ভৱ কাৰণ এই অপৰাধৰ অন্তত অভিযুক্ত কেৰালালৈ উভতি আহিছিল। বাকী অভিযুক্তক জেৰা নকৰালৈকে সমগ্ৰ ঘটনাটো স্পষ্ট নহ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm
কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

কাটাৰত ৮ কোটি টকা ডকাইতি, এবছৰৰ মূৰত আত্মসমৰ্পণ বিজেপি নেতাৰ! অডিঅ’ক কেন্দ্ৰ কৰি ঘণীভূত ৰহস্য

October 24, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd