উৎসৱৰ বতৰত ভাৰতীয় অটোমোবাইল খণ্ডলৈ আহিল ডাঙৰ চমক। জনপ্ৰিয় দুচকীয়া বাহন নিৰ্মাতা কোম্পানী কাৱাছাকিয়ে (Kawasaki) ভাৰতীয় বজাৰত আনুষ্ঠানিকভাৱে মুকলি কৰিছে নতুন ২০২৭ কাৱাছাকি Z1100 ছুপাৰ নেকেড মটৰ চাইকেলখন।
এই বাইকখনৰ দাম মাত্ৰ ১২.৭৯ লাখ টকা ৰখা হৈছে। মুকলি কৰাৰ পিছতেই সমগ্ৰ দেশতে ইয়াৰ বুকিং আৰু ডেলিভাৰী আৰম্ভ হৈছে। এই গাড়ীখনৰ কি কি ফিচাৰ আছে?
এই নতুন মডেলৰ ডিজাইনত কোনো পৰিৱৰ্তন হোৱা নাই যদিও ইয়াৰ পাৰ্ফমেন্স অধিক শক্তিশালী। বাইকখনক ১০৯৯ চিচি ইনলাইন লিকুইড কুল্ড ইঞ্জিন দিয়া হৈছে, যিয়ে ১৩৬এচপি শক্তি আৰু ২২৩এনএম টৰ্ক উৎপাদন কৰিব পাৰে। আনকি দীঘলীয়া দূৰত্ব সহজে অতিক্ৰম কৰিবলৈ ইয়াত ১৭ লিটাৰৰ ইন্ধনৰ টেংক দিয়া হৈছে। এই বাইকখনৰ ওজন মাত্ৰ ২২০ কিলোগ্ৰামত ৰখা হৈছে।
ইপিনে, এই বাইকখনত ৰাইডাৰসকলৰ সুৰক্ষা আৰু সুবিধাৰ কথা মনত ৰাখি বহুতো ফিচাৰ দিয়া হৈছে। উল্লেখযোগ্য কিছুমান হ’ল ৫ ইঞ্চিৰ টিএফটি ডিছপ্লে, স্মাৰ্টফোন সংযোগ, ক্ৰুজ কণ্ট্ৰ’ল, কৰ্ণাৰ চেন্সিটিভ ট্ৰেকচন কণ্ট্ৰ’ল, ডুৱেল চেনেল এবিএছ আৰু বায়’ডাইৰেকচনেল কুইক শ্বিফ্টাৰ।
অৱশ্যে কোৱা বাহুল্য যে এই ছুপাৰ নেকেড বাইকখনে ভাৰতীয় বজাৰত হোণ্ডাৰ CB1000 Hornet SP মডেলৰ সৈতে পোনপটীয়াকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব। আনকি ইয়াৰ বাহিৰেও এইখন ব্ৰেণ্ডটোৰ আন জনপ্ৰিয় মডেল যেনে কাৱাছাকি Kawasaki Z900 তকৈ উচ্চ ৰেঞ্জৰ প্ৰিমিয়াম বাইক হিচাপে বজাৰলৈ আহিছে।
কিন্তু মডেল হিচাপে দাম অলপ ব্যয়বহুল হ’লেও কোম্পানীটোৱে নিজৰ ফিচাৰৰ সৈতে আপোচ কৰা নাই। বিশেষকৈ স্প’ৰ্টছ বাইক ভাল পোৱা আৰু চলোৱাত অভ্যস্তসকলৰ বাবে ই প্ৰথম পছন্দ হ’ব বুলি কোৱাটো বৰ বেছি বাহুল্য নহ’ব।





