• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

ওড়িশাৰ কালাহাণ্ডি আৰু ৰায়গড়াত বক্সাইট খনি প্ৰকল্পৰ বিৰুদ্ধে আদিবাসীসকলৰ আন্দোলনত সমৰ্থন আগবঢ়োৱাৰ অভিযোগত ৩৯ বছৰীয়া চিকিৎসক ৰেণ্ডাল চেকুৱেৰা আৰু দলিত সমাজকৰ্মী লক্ষ্মণ নায়কক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। হত্যাৰ চেষ্টা আৰু দাংগা সৃষ্টিৰ দৰে গুৰুতৰ অভিযোগত তেওঁলোকক বৰ্তমান ন্যায়িক জিম্মাত ৰখা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 24, 2026 6:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওড়িশাৰ কালাহাণ্ডি আৰু ৰায়গড়া জিলাত বক্সাইট খনি প্ৰকল্পৰ বিৰুদ্ধে আদিবাসীসকলে চলাই থকা আন্দোলনত সমৰ্থন আগবঢ়োৱাৰ অভিযোগত এগৰাকী চিকিৎসক আৰু এজন সমাজকৰ্মীক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা ১৬ অক্টোবৰৰ নিশা প্ৰায় ১১ বজাত কালাহাণ্ডি আৰক্ষীয়ে ভৱানীপাটনাৰ বাসগৃহৰ পৰা ৩৯ বছৰীয়া চিকিৎসক ৰেণ্ডাল চেকুৱেৰা আৰু দলিত সমাজকৰ্মী লক্ষ্মণ নায়কক আটক কৰি ৰায়গড়া আৰক্ষীক চমজাই দিয়ে। হত্যাৰ চেষ্টা, দাংগা সৃষ্টি কৰা আৰু বেআইনী অস্ত্ৰ ৰখাৰ দৰে গুৰুতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা দুয়োগৰাকী ব্যক্তিকে বৰ্তমান ৰায়গড়া উপ-কাৰাগাৰত ন্যায়িক জিম্মাত ৰখা হৈছে।

 

Apply Now

মূলতঃ কৰ্ণাটকৰ মেংগালুৰুৰ বাসিন্দা যদিও চিকিৎসক চেকুৱেৰাৰ শৈশৱ আৰু স্কুলীয়া শিক্ষা মুম্বাইত সম্পন্ন হৈছিল। বেংগালুৰুৰ ছেইণ্ট জনছ মেডিকেল কলেজৰ পৰা এমবিবিএছ আৰু ৰাজস্থানৰ সোৱাই মান সিং মেডিকেল কলেজৰ পৰা ইণ্টাৰনেল মেডিচিনত এমডি ডিগ্ৰী লাভ কৰা চেকুৱেৰাই ২০১৭ চনত কালাহাণ্ডিলৈ গৈ আদিবাসী অধ্যুষিত অঞ্চলত বিভিন্ন বেচৰকাৰী সংস্থাৰ সৈতে কাম আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ স্বাধীনভাৱে প্ৰত্যন্ত গাঁৱত ঘূৰি মেলেৰিয়া আৰু যক্ষ্মাৰ দৰে ৰোগৰ চিকিৎসা কৰাৰ লগতে অপুষ্ট শিশু আৰু গৰ্ভৱতী মহিলাৰ বাবে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰিছিল। তেওঁৰ সহকৰ্মী চিকিৎসক দেৱাল চাৱৰকৰে জনোৱা মতে, চেকুৱেৰাই কেৱল ঔষধ প্ৰদান কৰিয়েই ক্ষান্ত থকা নাছিল, বৰঞ্চ আদিবাসী ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসা বিজ্ঞানৰ প্ৰৱেশিকা পৰীক্ষাৰ প্ৰস্তুতিতো সহায় কৰিছিল।

 

আৰক্ষীৰ দক্ষিণ-পশ্চিম ৰেঞ্জৰ আইজি অখিলেশ্বৰ সিঙে জানিবলৈ দিয়া মতে, অঞ্চলটোত শান্তি-শৃংখলা বজাই ৰখাৰ স্বাৰ্থতে এই গ্ৰেপ্তাৰ কৰা হৈছে। চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ভুৱা অভিযোগ তুলিবলৈ স্থানীয় লোকক উচতনি দিয়াৰ লগতে দুগৰাকী আদিবাসী মহিলাই দাখিল কৰা আন এক অভিযোগো আছে। যোৱা ৭ এপ্ৰিলত ৰায়গড়া জিলাৰ চিজিমালি বক্সাইট খনিৰ সমীপত সংযোগকাৰী পথ নিৰ্মাণক লৈ আৰক্ষী আৰু আদিবাসীসকলৰ মাজত হোৱা সংঘৰ্ষৰ সৈতেও এই গ্ৰেপ্তাৰৰ সম্পৰ্ক আছে বুলি আৰক্ষীয়ে দাবী কৰিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ছেপ্টেম্বৰত খনিবিৰোধী প্ৰচাৰপত্ৰ বিলোৱাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ লগতে ২০২৫ চনৰ জুলাইত প্ৰশাসনে তেওঁক ৰায়গড়াত প্ৰৱেশত নিষেধাজ্ঞা আৰোপ কৰি এক বহিষ্কাৰাদেশ জাৰি কৰিছিল, যিটো পাছত ওড়িশা উচ্চ ন্যায়ালয়ে বাতিল কৰে।

 

উল্লেখ্য যে পূবঘাট পৰ্বতমালাৰ চিজিমালি আৰু কুতৰুমালি নামৰ দুটা বৃহৎ বক্সাইট ব্লকৰ আবণ্টন ক্ৰমে বেদান্ত গোট আৰু আদানি গোটৰ মালিকানাধীন কলিংগ এলুমিনা লিমিটেডে ২০২৩ চনৰ ফেব্ৰুৱাৰীত লাভ কৰিছিল। পৰিৱেশ আৰু জীৱিকাৰ প্ৰতি ভাবুকি অহাৰ আশংকাত ‘মা মাটি মালি সুৰক্ষা মঞ্চ’ৰ নেতৃত্বত স্থানীয় আদিবাসীসকলে এই প্ৰকল্পৰ বিৰোধিতা কৰি আহিছে। নাৰী অধিকাৰ ৰক্ষাকাৰী গৱেষক ৰঞ্জনা পাঢ়িয়ে অভিযোগ কৰা মতে, প্ৰশাসনে আইনী প্ৰক্ৰিয়াৰ অপব্যৱহাৰ কৰি কৰ্পোৰেট সংস্থাক সুবিধা কৰি দিবলৈকে আদিবাসীসকলক ভয় খুৱাইছে। খনিবিৰোধী আন্দোলন আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে শতাধিক দলিত আৰু আদিবাসীক ৪৩টা জামিনবিহীন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। চিকিৎসকগৰাকীৰ গ্ৰেপ্তাৰক লৈ গোল্ডমেন পৰিৱেশ বঁটা বিজয়ী প্ৰফুল্ল সমন্তৰা, জ্যেষ্ঠ চিকিৎসক চিৰিয়াক এবি ফিলিপছৰ লগতে ‘ৰাইট টু ফুড’আৰু ‘হিউমেন ৰাইটছ ফ’ৰাম’ৰ দৰে অধিকাৰ ৰক্ষাকাৰী সংগঠনে তীব্ৰ নিদা প্ৰকাশ কৰিছে।

 

বৰ্তমান গ্ৰেপ্তাৰ হোৱা চিকিৎসক চেকুৱেৰা আৰু সমাজকৰ্মী লক্ষ্মণ নায়কৰ মুক্তিৰ দাবীত বিভিন্ন মহলে সৰৱ হৈ পৰিছে। আনহাতে, ২০২৩ চনত স্থানীয় গ্ৰামসভাসমূহত সৰ্বসন্মতিক্ৰমে খনি প্ৰকল্প নাকচ কৰাৰ পাছতো সশস্ত্ৰ বাহিনীৰ উপস্থিতিত বলপূৰ্বক সন্মতি আদায় কৰা বুলি আন্দোলনকাৰীসকলে যি অভিযোগ উত্থাপন কৰিছে, সেই গোচৰ বৰ্তমান ওড়িশা উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। মানৱ অধিকাৰ কৰ্মীসকলৰ প্ৰতিবাদ আৰু আইনী প্ৰক্ৰিয়াৰ মাজেৰে পৰৱৰ্তী সময়ত এই বিতৰ্কই কি মোৰ লয়, সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

October 24, 2026 6:06 pm
পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

October 24, 2026 5:24 pm
“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

October 24, 2026 6:06 pm
পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

October 24, 2026 5:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd