উচ্চতম ন্যায়ালয়ৰ আন এগৰাকী প্ৰাক্তন ন্যায়াধীশ সঞ্জয় কিষাণ কৌলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক লৈ এক বিস্ফোৰক দাবী উত্থাপন কৰিছে। নিয়ম অনুসৰি উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ বৈঠকত ন্যায়াধীশ নিযুক্তিৰ বাবে প্ৰস্তাৱিত নাম সন্দৰ্ভত আলোচনা হয়। কিন্তু প্ৰাক্তন ন্যায়াধীশগৰাকীয়ে দাবী কৰিছে যে কলেজিয়ামে আলোচনা কৰাৰ পূৰ্বে চন্দ্ৰচুড়ে প্ৰস্তাৱিত নামসমূহৰ বিষয়ে চৰকাৰৰ সৈতে আলোচনা কৰিছিল।
তেওঁ দাবী কৰে যে এইটো একপ্ৰকাৰ চৰকাৰৰ পৰা ‘পূৰ্ব অনুমোদন’ লোৱাৰ দৰে। কৌলৰ আত্মজীৱনী ‘উইদাউট ফিয়াৰ অৰ ফেভাৰ’ এই মাহতে প্ৰকাশ পাব। সেই কিতাপখনত তেওঁ প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে ইটোৰ পিছত সিটো অভিযোগ উত্থাপন কৰিছে।
গ্ৰন্থখনৰ কিছু অংশ ৰাজহুৱা হোৱাৰ লগে লগে বিৰোধী সৰৱ হৈ পৰিছে। কংগ্ৰেছে দাবী কৰিছে যে এই গ্ৰন্থখনে মোডী চৰকাৰৰ কাৰ্যকালত ন্যায়পালিকাৰ স্বাধীনতাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।
দলৰ নেতা জয়ৰাম ৰমেশে এক্স হেণ্ডলত লিখিছে, “যদি ন্যায়াধীশ নিযুক্তিৰ ক্ষেত্ৰত চৰকাৰৰ হেঁচা থাকে বা স্পৰ্শকাতৰ গোচৰত বিচাৰপীঠ সলনি কৰা হয়, তেন্তে ন্যায়পালিকাৰ ওপৰত হেঁচা প্ৰয়োগ কৰি স্বাধীনতা কৰ্তন কৰাৰ বাহিৰে আৰু কি হ’ব পাৰে? তেওঁ লিখিছে যে সংবিধান ৰক্ষাৰ দায়িত্বত থকা প্ৰতিষ্ঠানটো শাসকীয় দলৰ হেঁচাতকৈ ওপৰত থাকিব লাগিব। গণতান্ত্ৰিক ব্যৱস্থাত ন্যায় বিভাগৰ স্বাধীনতা অপৰিহাৰ্য।”
আত্মজীৱনীত প্ৰাক্তন ন্যায়াধীশ কৌলে লিখিছে যে যিসকল ন্যায়াধীশৰ মেৰুদণ্ড ‘শক্তিশালী’, তেওঁলোকক চৰকাৰে অধিক শ্ৰদ্ধা আৰু সন্মান প্ৰদৰ্শন কৰে। কিন্তু চন্দ্ৰচুড় চৰকাৰৰ প্ৰতি অধিক ‘নমনীয়’ আছিল।
এই প্ৰসংগত কৌলে কলেজিয়ামৰ এখন বৈঠকৰ কথা উল্লেখ কৰিছে। তেওঁ কয় যে কলেজিয়ামে পাঁচটা নামৰ ওপৰত সহমতত উপনীত হৈছিল। কিন্তু তেতিয়াৰ চি জে আই চন্দ্ৰচুড়ে শেষ মুহূৰ্তত ষষ্ঠ এটা নাম অনুমোদন দিব বিচাৰিছিল। কিন্তু কৌল বা কলেজিয়ামৰ তেতিয়াৰ সদস্যসকলে মানি ল’ব বিচৰা নাছিল।
কৌলে কয় যে, “সম্ভৱ যে তেওঁ (চন্দ্ৰচুড়ে) ইতিমধ্যে ষষ্ঠ নাম আৰু অন্যান্য নিযুক্তিৰ সন্দৰ্ভত চৰকাৰৰ পৰা কিবা এটা অনুমোদন লৈছিল।’
এক সাক্ষাৎকাৰত কৌলে লগতে কয় যে বৈঠকৰ সময়ত চন্দ্ৰচুড়ে তেওঁৰ সৈতে সুকীয়াকৈ আলোচনা কৰি প্ৰস্তাৱিত নিযুক্তি সন্দৰ্ভত চৰকাৰৰ মতামত ল’বলৈ ফোন কৰিব নেকি বুলি প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত কৌলে কয় যে যেতিয়া কলেজিয়ামে নামসমূহ পুনৰীক্ষণ কৰি আছে তেতিয়া এনে পদক্ষেপ লোৱা উচিত নহয়।
অৱশ্যে কৌলে উদ্বেগ প্ৰকাশ কৰে যে চৰকাৰৰ পৰা আগতীয়া অনুমোদন লোৱাৰ “প্ৰথা” চন্দ্ৰচুড়ৰ আগতেও আছিল আৰু তেওঁৰ পিছত এতিয়াও চলি আছে। কৌলে ধন সৰবৰাহৰ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ সৈতে জড়িত এটা গোচৰত প্ৰাক্তন মুখ্য ন্যায়াধীশগৰাকীৰ “হস্তক্ষেপ”ৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।
তেওঁ দাবী কৰে যে পিএমএলএৰ মূল বিধানসমূহ পালন সন্দৰ্ভত ৰায়দান পুনৰীক্ষণৰ বাবে তেওঁৰ বিচাৰপীঠত গোচৰ চলি আছিল। চন্দ্ৰচুড়ে কৌলক সেই ক্ষেত্ৰত বেছি দূৰলৈ আগ নাবাঢ়িবলৈ বা “মধ্যম পন্থা” গ্ৰহণ কৰিবলৈ কয়। কিন্তু কৌলে সেই কথাত সন্মতি নিদিলে।
ইয়াৰ উপৰিও ন্যায়াধীশ নিযুক্তিত পলম হোৱা সন্দৰ্ভত তেওঁৰ বিচাৰপীঠত গোচৰ চলি আছিল। কলেজিয়ামৰ পৰামৰ্শ অনুযায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল। হঠাতে সেই গোচৰটো আন এখন বিচাৰপীঠলৈ স্থানান্তৰিত কৰা হয়।





