ছাত্ৰ আন্দোলনৰ পিছত ঐতিহাসিক নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰিছে ছাৰ্বিয়াৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ডুচিচে। ছাৰ্বিয়াৰ ৰাজনীতিত তেওঁৰ দশকজোৰা আধিপত্যৰ অন্ত পৰিল।
দুৰ্নীতি, শিক্ষা নীতি, জীৱন-যাপনৰ বৰ্ধিত ব্যয় আৰু চৰকাৰী জবাবদিহিতাৰ দাবীত ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ছাত্ৰ আন্দোলন বিয়পি পৰিছে। সেই পৰিস্থিতিত ছাত্ৰ-নেতৃত্বাধীন আন্দোলনে ছাৰ্বিয়াৰ নিৰ্বাচনত ডাঙৰ জয়লাভ কৰিলে। বিশ্বজুৰি তেন্তে নতুন ধাৰা এটা গঢ় লৈ উঠিছে?
বাল্কন উপদ্বীপত অৱস্থিত স্থলপথেৰে আৱদ্ধ দেশ ছাৰ্বিয়াৰ জনসংখ্যা প্ৰায় ৬৬ লাখ। ২০০৬ চনত মণ্টেনেগ্ৰোৰ পৰা পৃথক হোৱাৰ পিছত ছাৰ্বিয়া স্বাধীন ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰে। তাৰ আগতে এই দেশখন ফেডাৰেল ৰিপাব্লিক অৱ যুগোস্লাভিয়াৰ অংশ আছিল। ২০০৩ চনত দেশখনৰ নাম সলনি কৰি ছাৰ্বিয়া আৰু মণ্টেনেগ্ৰো কৰা হয়।
দেওবাৰে প্ৰাথমিক ফলাফলত সংসদীয় নিৰ্বাচনত ষ্টুডেন্ট লিষ্টৰ জয় নিশ্চিত হোৱাৰ পিছত আলেকজেণ্ডাৰ ডুচিচে পৰাজয় স্বীকাৰ কৰে। ২০২৪ চনত নভি ছাদৰ এটা ৰে’ল ষ্টেচন ভাঙি ১৬ জন লোকৰ মৃত্যু হোৱাৰ পিছত প্ৰায় দুবছৰ ধৰি চলি আছে ছাত্ৰ আন্দোলন। আলেকজেণ্ডাৰ ডুচিচে কয় যে এই নিৰ্বাচনত আমি পৰাস্ত হোৱাটো স্পষ্ট, ছাত্ৰ আন্দোলনে জয়ী হৈছে।
তেওঁৰ ঘোষণাৰ পিছতে বেলগ্ৰেডত আৰম্ভ হ’ল উত্তেজনা। হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিল। ২৫০ আসনৰ সংসদত ছাত্ৰ সমৰ্থিত প্ৰাৰ্থীয়ে ১৩৫ৰ পৰা ১৪০খন আসন লাভ কৰিব পাৰে বুলিও তেওঁ কয়। আনহাতে, তেওঁৰ দল ছাৰ্বিয়ান প্ৰগ্ৰেছিভ পাৰ্টিয়ে ১০৫খন আসন লাভ কৰিব পাৰে। এই ফলাফল আলেকজেণ্ডাৰ ডুচিচৰ বাবে এক ডাঙৰ আঘাত। ২০১৪ চনৰ পৰাই তেওঁ ছাৰ্বিয়াৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰি আহিছিল।
নিৰ্বাচনৰ পূৰ্বে প্ৰতিবাদকাৰীসকলৰ মূল দাবী আছিল দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা আৰু দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন। যি সময়ত ইউৰোপৰ বিভিন্ন দেশত ছাত্ৰ আন্দোলনে শক্তিশালী ৰূপ ধাৰণ কৰিছে, সেই সময়তে এই ফলাফল পোৱা গৈছে। শিক্ষা ব্যৱস্থা, জীৱন-যাপনৰ খৰচ, চৰকাৰী খৰচ আৰু ৰাজনৈতিক সিদ্ধান্তৰ বিৰুদ্ধে কেইবাখনো দেশত প্ৰতিবাদ চলিছে।
ইউৰোপৰ বিভিন্ন দেশৰ ৰাজপথত শিক্ষাৰ্থী
২১ ছেপ্টেম্বৰৰ পৰা ফ্ৰান্সত শিক্ষাৰ্থীৰ আন্দোলন তীব্ৰতৰ হৈ পৰিছে। ক্ৰিটেইলৰ লাইচি চেণ্ট এক্সুপেৰীৰ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষকৰ সংকট, শ্ৰেণীকোঠাত অতিমাত্ৰা ভিৰ আৰু বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অৱনতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পিছলৈ ট্ৰেড ইউনিয়ন আৰু মুদ্ৰাস্ফীতিৰ ফলত ক্ষতিগ্ৰস্ত সাধাৰণ মানুহেও এই আন্দোলনত যোগদান কৰে।
দেশখনৰ গৃহমন্ত্ৰী লৰেণ্ট নুনেজে জনোৱা মতে, ১৭ অক্টোবৰ আৰু তাৰ পিছৰ সপ্তাহৰ শেষৰ ফালে ফ্ৰান্সত ১১০টা প্ৰতিবাদত প্ৰায় ৫ লাখ ৫০ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল। যদিও প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণকাৰীৰ সংখ্যা ৮ লাখ বুলি দাবী কৰিছে। বেছিভাগ পদযাত্ৰা শান্তিপূৰ্ণ আছিল যদিও পেৰিছ, মাৰ্চেইল, লিমোজ আদি চহৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এছ’চিয়েটেড প্ৰেছৰ এক প্ৰতিবেদন অনুসৰি প্ৰায় ৪০০ লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
ইটালীতো ১৬ অক্টোবৰত আৰু পিছলৈ ২৪ অক্টোবৰত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। শিক্ষাৰ ব্যয়, সামৰিক ব্যয় আৰু বিভিন্ন চৰকাৰী নীতিৰ প্ৰতিবাদত ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহিছে। একাংশ শ্ৰেণীকোঠাত বিদেশী ছাত্ৰ-ছাত্ৰীৰ সংখ্যা সীমিত কৰাৰ প্ৰস্তাৱৰ তেওঁলোকে বিৰোধিতা কৰে। শিক্ষাৰ ক্ষেত্ৰতো অধিক বিনিয়োগৰ দাবী উত্থাপন কৰে। পিছদিনা মিলানৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিল। মুখা পিন্ধা প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰাৰ লগতে বেৰিকেডত জুই লগাই দিয়ে।
ইপিনে, যোৱা ১৭ অক্টোবৰত আলবেনিয়াৰ ৰাজধানী টিৰানাৰ শিক্ষা মন্ত্ৰালয়ৰ সন্মুখত হাজাৰ হাজাৰ যুৱ প্ৰতিবাদকাৰীয়ে সমবেত হৈ প্ৰধানমন্ত্ৰী এডি ৰামাৰ পদত্যাগৰ দাবী জনায়। দুৰ্নীতি, নিবনুৱা সমস্যা আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ জোঁৱাই জেৰেড কুছনাৰৰ সৈতে জড়িত এক বিতৰ্কিত উপকূলীয় উন্নয়ন প্ৰকল্পক লৈ কেইবামাহো ধৰি ক্ষোভ বাঢ়ি আহিছিল। ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি প্ৰতিবাদকাৰীয়ে কন্দুৱা গেছ, ষ্টন গ্ৰেনেড আৰু পানীৰ কামান ব্যৱহাৰ কৰা দাঙ্গা আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰে।
জাৰ্মানী, অষ্ট্ৰিয়া আৰু গ্ৰীচতো ছাত্ৰ আন্দোলন সংঘটিত হৈছে যদিও সেয়া সৰু পৰিসৰত। জাৰ্মানীত বাধ্যতামূলক সামৰিক সেৱাৰ প্ৰস্তুতিৰ বিৰোধিতা কৰিছে প্ৰতিবাদকাৰীয়ে। শিক্ষাৰ বাবেও ধন বৃদ্ধিৰ দাবী উত্থাপন কৰে। বিশ্ববিদ্যালয়ৰ বাজেট কৰ্তনৰ প্ৰস্তাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে অষ্ট্ৰিয়াৰ ছাত্ৰ-ছাত্ৰীসকলে। আনহাতে, গ্ৰীচত ছাত্ৰ-ছাত্ৰীসকলে ৰাজপথলৈ ওলাই আহি গৃহ নিৰ্মাণৰ খৰচ, গৃহ নিৰ্মাণৰ নাটনি আৰু শিক্ষা নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।
NEET বিতৰ্কক লৈ ভাৰততো যুৱ আন্দোলন
২০২৬ চনৰ NEET-UG মেডিকেল এণ্ট্ৰেন্স পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগক লৈ ভাৰততো এক বৃহৎ ছাত্ৰ আন্দোলন দেখা গৈছিল। দেশজুৰি ছাত্ৰ-ছাত্ৰীৰ মাজত ক্ষোভ বিয়পি পৰে। পৰীক্ষা বাতিল হোৱাৰ পিছত পৰিস্থিতি অধিক জটিল হৈ পৰে। প্ৰায় ২০ লাখ পৰীক্ষাৰ্থীয়ে অনিশ্চয়তাত থাকি পুনৰ পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া হয়। এই বিতৰ্কত পৰীক্ষাৰ নিৰাপত্তা, কাৰিকৰী সমস্যা আৰু সীমিত সংখ্যক কলেজৰ আসনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আদি বিষয়সমূহো উত্থাপন হয়।
ককৰোচ জনতা পাৰ্টিৰ নেতৃত্বত এই আন্দোলন আৰম্ভ হয়। অনলাইনযোগে আৰম্ভ হোৱা যুৱ আন্দোলনটো পৰৱৰ্তী সময়ত শিক্ষা সংস্কাৰ আৰু জবাবদিহিতাৰ দাবীত ৰাষ্ট্ৰীয় অভিযানলৈ ৰূপান্তৰিত হয়। নতুন দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ সমাগম ঘটে। দেশৰ আন আন চহৰতো প্ৰতিবাদ সাব্যস্ত কৰা হয়।
যোৱা ২০ জুলাইত সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে সংসদ ভৱনৰ দিশে যাত্ৰা কৰাৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছ আৰু লাঠিচালনা কৰে। এই ঘটনাত কেইবাজনো লোক আহত হোৱাৰ লগতে বহুকেইজনক আটক কৰা হয়।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষাৰ জালিয়াতিৰ ঘটনা ৰোধ কৰিবলৈ ফাষ্ট ট্ৰেক আদালত গঠন আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আন্দোলন অব্যাহত থাকে। অৱশেষত ২৫ জুলাইত আন্দোলনকাৰীৰ ধাৰাবাহিক প্ৰতিবাদৰ মাজতে ধৰ্মেন্দ্ৰ প্ৰধানে শিক্ষামন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। এই পদত্যাগে দেখুৱাই দিয়ে দীৰ্ঘদিনীয়া ছাত্ৰ আন্দোলনে ৰাজনৈতিক সিদ্ধান্তক কেনেকৈ প্ৰত্যক্ষভাৱে প্ৰভাৱিত কৰিব পাৰে?
ছাৰ্বিয়াৰ নিৰ্বাচনৰ ফলাফলৰ তাৎপৰ্য কি?
ছাৰ্বিয়াৰ নিৰ্বাচন আন আন্দোলনতকৈ পৃথক। কাৰণ তাত ছাত্ৰ আন্দোলন কেৱল ৰাজপথৰ প্ৰতিবাদতে সীমাবদ্ধ হৈ থকা নাই। নিৰ্বাচনতো বিশাল জয় সাৱ্যস্ত কৰিছে। ছাত্ৰ-ছাত্ৰীয়ে ২৫০ জন প্ৰাৰ্থীক সমৰ্থন কৰিছে। তাৰ ভিতৰত শিক্ষাবিদ, অভিনেতা আৰু কৃষকো আছে। এই আন্দোলনৰ নেতৃত্বত আছে ইলিয়া চাৰ্ডানোভিচ।
অৱশ্যে পৰৱৰ্তী চৰকাৰখন কোনে নেতৃত্ব দিব আৰু আন্দোলনৰ প্ৰতিশ্ৰুতি কেনেদৰে কাৰ্যকৰী হ’ব সেই লৈ এতিয়াও প্ৰশ্ন আছে। নতুন নেতৃত্বই চীন, ৰাছিয়া আৰু ইউৰোপীয় সংঘৰ সৈতে ছাৰ্বিয়াৰ সম্পৰ্কও চম্ভালিব লাগিব।
কিন্তু নিৰ্বাচনৰ এই ফলাফলে বিভিন্ন দেশৰ ছাত্ৰ আন্দোলনৰ নেতৃত্ব বা ৰাজনৈতিক কাৰ্যসূচী একে হোৱাৰ কোনো প্ৰমাণ নিদিয়ে। দেশভেদে আন্দোলনসমূহৰ দাবীও বেলেগ বেলেগ। কোনো কোনো ঠাইত যুৱক-যুৱতীসকলে শিক্ষা ব্যৱস্থা আৰু গৃহ নিৰ্মাণক লৈ ক্ষোভ প্ৰকাশ কৰিছে, আন কোনো ঠাইত দুৰ্নীতি আৰু চৰকাৰী জবাবদিহিতাক লৈ ক্ষোভ প্ৰকাশ কৰিছে।
তথাপিও শেহতীয়া পৰিঘটনাই দেখুৱাইছে যে নতুন প্ৰজন্মই প্ৰতিষ্ঠিত ৰাজনৈতিক গাঁথনিক প্ৰত্যাহ্বান জনাবলৈ ক্ৰমান্বয়ে আগবাঢ়ি আহিছে। ছাৰ্বিয়াত অৱশেষত এই আন্দোলনে নিৰ্বাচনী জয় পাইছে। ৰাজপথত সৃষ্টি হোৱা আন্দোলনৰ শক্তিক ফলপ্ৰসূ প্ৰশাসনলৈ ৰূপান্তৰিত কৰিব পাৰে নে নাই সেয়া লক্ষণীয় হ’ব।




