ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ ক্ষেত্ৰত ভাৰতে নিজৰ স্থিতি পুনৰবাৰ স্পষ্ট কৰিছে। ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰাষ্ট্ৰদূত হৰিশ পাৰ্বতনেইনীয়ে সোমবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত কয় যে ভিটো ক্ষমতা অবিহনে নিৰাপত্তা পৰিষদত নতুন স্থায়ী সদস্যৰ শ্ৰেণী সৃষ্টি কৰিলে সেয়া ফলপ্ৰসূ নহ’ব। ইয়াৰ দ্বাৰা বৰ্তমানৰ ৫ খন স্থায়ী সদস্য ৰাষ্ট্ৰৰ হাততেই সকলো সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকি যাব আৰু নতুন সদস্যসকল কাৰ্যতঃ ‘দ্বিতীয় শ্ৰেণীৰ’ সদস্যত পৰিণত হ’ব।
বৰ্তমান ১৫ জনীয়া নিৰাপত্তা পৰিষদত চীন, ফ্ৰান্স, ৰাছিয়া, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ এই ৫ খন দেশ স্থায়ী সদস্য আৰু তেওঁলোকৰ হাতত বিশেষ ভেটো ক্ষমতা আছে। আনহাতে, বাকী ১০ খন দেশ দুবছৰৰ বাবে অস্থায়ী সদস্য হিচাপে নিৰ্বাচিত হয়। ভাৰতে দীর্ঘদিন ধৰি নিৰাপত্তা পৰিষদৰ স্থায়ী আৰু অস্থায়ী দুয়োটা শ্ৰেণীৰ সদস্য সংখ্যা বৃদ্ধিৰ দাবী জনাই আহিছে। ৰাষ্ট্ৰদূতগৰাকীয়ে স্পষ্ট কৰে যে যেতিয়ালৈকে পৰিষদত ভেটো ক্ষমতাৰ ব্যৱস্থা থাকিব, তেতিয়ালৈকে সকলো স্থায়ী সদস্যৰ হাততে এই ক্ষমতা সমানে থাকিব লাগিব। কেৱল অস্থায়ী সদস্যৰ সংখ্যা বৃদ্ধি কৰিলে সংস্কাৰ প্ৰক্ৰিয়াটো ব্যৰ্থ হ’ব বুলিও ভাৰতে সকীয়াই দিছে।
১৯৪৫ চনতে গঠিত হোৱা নিৰাপত্তা পৰিষদখনে একবিংশ শতিকাৰ ভূ-ৰাজনৈতিক বাস্তৱতাক প্ৰতিফলিত নকৰে বুলি ভাৰতে নিৰন্তৰ যুক্তি দৰ্শাই আহিছে। ইফালে, স্থায়ী সদস্যপদৰ দাবীৰ সমান্তৰালভাৱে ভাৰতে ২০২৮-২৯ বৰ্ষৰ বাবে নিৰাপত্তা পৰিষদৰ অস্থায়ী আসনৰ বাবেও প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০২৬ বৰ্ষৰ জুন মাহত অনুষ্ঠিত হ’বলগীয়া এই নিৰ্বাচনত এছিয়া-পেচিফিক গ্ৰুপৰ একমাত্ৰ আসনখনৰ বাবে ভাৰতে তাজিকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ভাৰতে ২০২১-২২ বৰ্ষত অষ্টমবাৰৰ বাবে নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।





