কৰ্ণাটকৰ গৃহ মন্ত্ৰী প্ৰিয়ংক খৰ্গেয়ে ভাৰতীয় জনতা পাৰ্টীৰ মাতৃ সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ পুঁজিৰ উৎসক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন কৰিছে। এশ বছৰ পুৰণি এই সংগঠনটোক দেশৰ গণতন্ত্ৰৰ বাবে আটাইতকৈ ডাঙৰ ভাবুকি বুলি আখ্যা দি মন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে আৰএছএছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এনে একাংশ মধ্যভোগীৰ সৈতে সম্পৰ্ক ৰাখিছে যিসকলে পাকিস্তানৰ হৈয়ো কাম কৰে। সংগঠনটোৱে দেশৰ দহ কোটি পৰিয়ালৰ কাষ চপা বুলি উল্লেখ কৰি খৰ্গেয়ে প্ৰশ্ন কৰে যে তেওঁলোকক কোনে পুঁজি যোগান ধৰিছে।
মন্ত্ৰীগৰাকীয়ে আৰএছএছক আনুষ্ঠানিকভাৱে পঞ্জীয়নভুক্ত হ’বলৈও পৰামৰ্শ আগবঢ়ায়। তেওঁ কয় যে আৰএছএছে নিজকে বিশ্বৰ সৰ্ববৃহৎ বেচৰকাৰী সংস্থা আৰু জাতীয়তাবাদী বুলি দাবী কৰে, গতিকে তেওঁলোকে সংবিধানৰ নিয়ম মানি পঞ্জীয়নভুক্ত হৈ এক আদৰ্শ দাঙি ধৰা উচিত। সামাজিক মাধ্যমত কৰা এক পোষ্টত তেওঁ কয় যে আনুষ্ঠানিক পঞ্জীয়নে আইনী পৰীক্ষা, বিত্তীয় প্ৰকাশ, স্বচ্ছতা আৰু উত্তৰদায়িত্বৰ সৃষ্টি কৰে বাবেই আৰএছএছে ইয়ালৈ ভয় কৰে। কৰ্ণাটকৰ মন্ত্ৰীগৰাকীৰ এই প্ৰতিক্ৰিয়া এনে এক সময়ত প্ৰকাশ পাইছে, যেতিয়া বিহাৰৰ পাটনাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বক্তব্যক লৈ তীব্ৰ ৰাজনৈতিক চাঞ্চল্যৰ সৃষ্টি হৈছে। অৱশ্যে, দৰ্শকৰ শাৰীৰ পৰা অহা এটা মন্তব্যৰ প্ৰতিক্ৰিয়া স্বৰূপেহে জ্যেষ্ঠ খৰ্গেয়ে প্ৰধানমন্ত্ৰীৰ ‘আদৰ্শগত পিতৃ’ অৰ্থাৎ আৰএছএছৰ নাম উল্লেখ কৰিছিল বুলি কংগ্ৰেছে ইতিমধ্যে স্পষ্টীকৰণ দিছে।
ইফালে দেওবাৰে আৰএছএছে শতবাৰ্ষিকী উদযাপন আৰু বিজয়া দশমী উপলক্ষে কৰ্ণাটকৰ বিভিন্ন স্থানত কটকটীয়া নিৰাপত্তাৰ মাজত পথ সমদল বাহিৰ কৰে। বিজেপি নেতাসকলে কংগ্ৰেছ চৰকাৰে সংগঠনটোক হাৰাশাস্তি কৰা বুলি অভিযোগ কৰাৰ বিপৰীতে প্ৰিয়ংক খৰ্গেয়ে কটাক্ষ কৰি কয় যে কোনো শীৰ্ষ নেতাৰ সন্তানে গণৱেশ পৰিধান কৰি এনে সমদলত অংশ লোৱা দেখা নাযায়। ইয়াৰ পূৰ্বে বুধবাৰে খৰ্গেয়ে আৰএছএছ প্ৰধান মোহন ভাগৱতক সংগঠনটো সাংস্কৃতিক নে ৰাজনৈতিক সেই বিষয়ে স্পষ্ট কৰিবলৈ আহ্বান জনাইছিল। আনহাতে, যোৱা সপ্তাহত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও সামাজিক মাধ্যমত আৰএছএছক এক পুৰুষতান্ত্ৰিক আৰু অসাংবিধানিক গোট বুলি আখ্যা দি সমালোচনা কৰিছিল।
ৰাহুল গান্ধীৰ এই মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা স্মৃতি ইৰাণীয়ে ইয়াক সংবাদ মাধ্যমত চৰ্চাত থাকিবলৈ কৰা স্তৰহীন মন্তব্য বুলি গৰিহণা দিয়ে। লগতে তেওঁ মহিলাৰ প্ৰসংগত গান্ধীৰ পূৰ্বৰ স্থিতি আৰু কাৰ্যকলাপক লৈও প্ৰশ্ন উত্থাপন কৰে। আৰএছএছৰ কাৰ্যকলাপ, পুঁজি আৰু ৰাজনৈতিক অৱস্থানক লৈ কংগ্ৰেছ আৰু বিজেপিৰ মাজত বৰ্তমান তীব্ৰ বাকযুদ্ধ অব্যাহত আছে।





