মাধ্যাকৰ্ষণৰ অধ্যায়ত এইবাৰ আইজাক নিউটনৰ সৈতে স্থান লাভ কৰিছে প্ৰাচীন ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী ভাস্কৰাচাৰ্য দ্বিতীয়ই। কেৱল বিজ্ঞানেই নহয়, ইতিহাস আৰু ভূগোলৰ পাঠ্যপুথিতো প্ৰাচীন ভাৰতীয় জ্ঞান-পৰম্পৰা, বেদ, পুৰাণ আৰু উপনিষদৰ উল্লেখ সংযোজন কৰিছে মহাৰাষ্ট্ৰই। ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০ৰ আধাৰত ষষ্ঠ শ্ৰেণীৰ বাবে প্ৰস্তুত কৰা নতুন পাঠ্যপুথিসমূহৰ এই পৰিৱৰ্তনে দেশৰ শিক্ষা আৰু ইতিহাস চৰ্চাৰ ক্ষেত্ৰত নতুন বিতৰ্কৰ সূচনা কৰিছে।
মহাৰাষ্ট্ৰৰ ৰাজ্যিক পাঠ্যপুথি প্ৰস্তুতকাৰী সংস্থা বালভাৰতীয়ে চলিত শিক্ষাবৰ্ষৰ বাবে ইতিহাস, ভূগোল আৰু বিজ্ঞানৰ পাঠ্যপুথিত এই পৰিৱৰ্তনসমূহ কৰিছে। নতুন বিজ্ঞানৰ পাঠ্যপুথিত মাধ্যাকৰ্ষণৰ বিষয়ে আলোচনা কৰোঁতে আইজাক নিউটনৰ লগতে ভাস্কৰাচাৰ্য দ্বিতীয়ৰ অৱদানৰ কথাও উল্লেখ কৰা হৈছে। পাঠ্যপুথিখনত কোৱা হৈছে যে প্ৰায় ৯৫০ বছৰ পূৰ্বে ভাস্কৰাচাৰ্যই তেওঁৰ ‘সিদ্ধান্ত শিৰোমণি’ নামৰ গ্ৰন্থত পৃথিৱীয়ে বস্তু নিজৰ ফালে আকৰ্ষণ কৰে বুলি ব্যাখ্যা কৰিছিল।
উল্লেখযোগ্য যে ভাস্কৰাচাৰ্য দ্বিতীয় আছিল দ্বাদশ শতিকাৰ এগৰাকী প্ৰসিদ্ধ ভাৰতীয় গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁৰ ৰচনাত পৃথিৱীৰ আকৰ্ষণ শক্তি আৰু মহাকাশত পৃথিৱীৰ অৱস্থান সম্পৰ্কীয় ধাৰণাৰ উল্লেখ পোৱা যায়। অৱশ্যে, ভাস্কৰাচাৰ্যৰ আকৰ্ষণ সম্পৰ্কীয় ধাৰণা আৰু নিউটনে ১৬৮৭ চনত প্ৰকাশ কৰা সাৰ্বজনীন মাধ্যাকৰ্ষণৰ গাণিতিক সূত্ৰৰ মাজত আছে বৃহৎ পাৰ্থক্য। নিউটনৰ অৱদানৰ বিশেষত্ব আছিল মাধ্যাকৰ্ষণ শক্তিক গাণিতিকভাৱে ব্যাখ্যা কৰি পৃথিৱী আৰু মহাকাশৰ বস্তুৰ গতিৰ সৈতে সংযোগ স্থাপন কৰা।
নতুন ভূগোলৰ পাঠ্যপুথিতো প্ৰাচীন ভাৰতীয় জ্ঞান-পৰম্পৰাক বিশেষ স্থান দিয়া হৈছে। ভাৰতীয় ভূগোলৰ ইতিহাস আলোচনা কৰোঁতে বেদ, পুৰাণ, উপনিষদ আৰু ‘সূৰ্যসিদ্ধান্ত’ৰ উল্লেখ কৰা হৈছে। ইয়াৰ লগতে পৃথিৱীখনক সাতখন দ্বীপেৰে গঠিত বুলি বৰ্ণনা কৰা ‘সপ্তদ্বীপ’ ধাৰণাও পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা হৈছে। ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বিষয়ে বৈদিক ব্যাখ্যাৰ সৈতে আধুনিক বিজ্ঞানৰ বিগ বেং তত্ত্বকো একেলগে উপস্থাপন কৰা হৈছে।
ভূগোলৰ আন এটা উল্লেখযোগ্য পৰিৱৰ্তন হৈছে উজ্জয়িনীৰ স্থান। নতুন পাঠ্যপুথিত কোৱা হৈছে যে প্ৰাচীন ভাৰতীয় জ্যোতিৰ্বিজ্ঞানীসকলে উজ্জয়িনীক পৃথিৱীৰ কেন্দ্ৰীয় স্থান হিচাপে বিবেচনা কৰিছিল আৰু দেশীয় দ্ৰাঘিমাৰেখাৰ ধাৰণা আগবঢ়াইছিল। ইয়াৰ উপৰি সময় নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতত ব্যৱহৃত ঘটিকা আৰু মুহূৰ্তৰ দৰে এককসমূহৰ বিষয়েও শিক্ষাৰ্থীসকলক অৱগত কৰা হৈছে।
বিজ্ঞানৰ পাঠ্যপুথিত আৰ্যভট্টৰ অৱদানৰ কথাও সংযোজন কৰা হৈছে। পাঠ্যপুথিখনত আৰ্যভট্টই পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি ব্যাখ্যা কৰা প্ৰথমগৰাকী ব্যক্তি আছিল বুলি উল্লেখ কৰা হৈছে। একেদৰে আয়ুৰ্বেদৰ প্ৰতিষ্ঠাতা হিচাপে চৰকৰ পৰিচয় দিয়া হৈছে আৰু খাদ্যাভ্যাস তথা ঋতু অনুসৰি জীৱনশৈলীৰ বিষয়ে আলোচনা কৰোঁতে ঋগ্বেদৰ উল্লেখ কৰা হৈছে।
ইয়াৰ লগতে প্ৰাচীন ভাৰতীয় শল্য চিকিৎসক সুশ্ৰুতৰ অৱদান, তেওঁৰ নাক পুনৰ্গঠনৰ চিকিৎসা-পদ্ধতি আৰু চাণক্যৰ ‘অৰ্থশাস্ত্ৰ’ৰ বিষয়েও আগৰ তুলনাত অধিক বিস্তৃতভাৱে পাঠ্যপুথিত স্থান দিয়া হৈছে। আধুনিক ভাৰতৰ অৱদানৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বতৰ বিজ্ঞানী আন্না মণিৰ বিষয়েও নতুনকৈ পাঠ অন্তৰ্ভুক্ত কৰা হৈছে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত চন্দ্ৰযান-১, চন্দ্ৰযান-৩, মংগলযান, আদিত্য-এল১ আৰু নাছা-ইছৰোৰ যৌথ উপগ্ৰহ অভিযানৰ বিষয়েও শিক্ষাৰ্থীসকলক অৱগত কৰা হ’ব।
কিন্তু পাঠ্যপুথিৰ পৰিৱৰ্তন কেৱল প্ৰাচীন ভাৰতীয় জ্ঞানৰ সংযোজনতে সীমাবদ্ধ থকা নাই। ইতিহাসৰ কেইবাটাও বিষয়ৰ পূৰ্বৰ ব্যাখ্যা সলনি কৰা হৈছে। আগৰ পাঠ্যপুথিত বৰ্ণ ব্যৱস্থাৰ ফলত সমাজত বৈষম্য বৃদ্ধি পোৱাৰ কথা স্পষ্টকৈ উল্লেখ আছিল। নতুন পাঠ্যপুথিত সেই বিস্তৃত ব্যাখ্যাৰ ঠাইত বৈদিক সমাজৰ চাৰিটা বৰ্ণৰ কথা উল্লেখ কৰা হৈছে। পুৰোহিত শ্ৰেণীৰ হাতত ধৰ্মীয় জ্ঞানৰ নিয়ন্ত্ৰণ আৰু জাতিগত বৈষম্যৰ সৈতে বৌদ্ধ তথা জৈন ধৰ্মৰ উত্থানৰ সম্পৰ্কে থকা পূৰ্বৰ আলোচনাৰ কিছু অংশও বাদ দিয়া হৈছে।
একেদৰে হৰপ্পা সভ্যতাৰ পতনৰ সম্ভাৱ্য কাৰণ হিচাপে আগৰ পাঠ্যপুথিত বিদেশী জনগোষ্ঠীৰ আক্ৰমণৰ কথা উল্লেখ কৰা হৈছিল। নতুন পাঠ্যপুথিত নদীৰ গতিপথ সলনি হোৱা, প্ৰাকৃতিক দুৰ্যোগ আৰু ছুমেৰীয় সভ্যতাৰ সৈতে বাণিজ্য হ্ৰাস পোৱাৰ দৰে কাৰণসমূহক গুৰুত্ব দিয়া হৈছে; বিদেশী আক্ৰমণৰ উল্লেখ অৱশ্যে আঁতৰোৱা হৈছে।
বালভাৰতীৰ সঞ্চালক অনুৰাধা অকে এই পৰিৱৰ্তনসমূহৰ ব্যাখ্যা দি কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ পৰামৰ্শ অনুসৰি ভাৰতীয় জ্ঞান-পদ্ধতিক পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁৰ মতে, প্ৰাচীন ভাৰতীয় জ্ঞানৰ সৈতে শিক্ষাৰ্থীসকলক পৰিচয় কৰাই দিয়াটোৱেই এই সংযোজনৰ উদ্দেশ্য; প্ৰাচীন আৰু আধুনিক জ্ঞান-পদ্ধতিৰ মাজত শ্ৰেষ্ঠত্বৰ প্ৰতিযোগিতা সৃষ্টি কৰাটো নহয়।
প্ৰাচীন ভাৰতৰ বৈজ্ঞানিক অৱদানক শিক্ষাৰ্থীৰ মাজলৈ অনাৰ প্ৰচেষ্টাক একাংশই আদৰণি জনালেও, ইতিহাসৰ সামাজিক বৈষম্য আৰু অতীতৰ বিতৰ্কিত অধ্যায়সমূহৰ কিছু অংশ আঁতৰোৱা কাৰ্যই পাঠ্যক্ৰমৰ নিৰপেক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ভাৰতৰ প্ৰাচীন জ্ঞান-পৰম্পৰাক যথোচিত স্বীকৃতি দিয়াৰ লগতে আধুনিক বৈজ্ঞানিক তথ্য, ঐতিহাসিক প্ৰমাণ আৰু সমালোচনামূলক চিন্তাকো সমান গুৰুত্ব দিয়াটোৱেই এতিয়া দেশৰ শিক্ষা ব্যৱস্থাৰ বাবে ডাঙৰ প্ৰত্যাহ্বান।





