ক্ৰিকেটৰ খেলপথাৰত বেট হাতত লৈ এটাৰ পিছত এটাকৈ অভিলেখ গঢ়িছিল তেওঁ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতো শৰীৰ সুস্থ আৰু সক্ৰিয় কৰি ৰখাৰ ক্ষেত্ৰত কোনো অৱহেলা কৰা নাই ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰে। ৫৩ বছৰ বয়সতো নিয়মীয়াকৈ ব্যায়াম কৰা, সুষম আহাৰ গ্ৰহণ কৰা আৰু ক্ৰিকেট খেলাৰ অভ্যাসৰ জৰিয়তে নিজকে ফিট কৰি ৰাখিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।
শচীনৰ সুস্থ জীৱনশৈলীৰ চৰ্চাত বিশেষভাৱে পোহৰলৈ আহিছে দুটা অভ্যাসৰ কথা। ক’বলৈ গ’লে, তেওঁ এই দুটা বদভ্যাস ত্যাগ কৰিছে। সেই দুটা হৈছে অত্যধিক চেনি খোৱা আৰু জাংক ফুড গ্ৰহণ কৰা। সচিনে নিজেই জনাইছে যে তেওঁ ঘৰুৱা আৰু সাধাৰণ খাদ্য খাবলৈ বেছি ভাল পায়। অত্যধিক চেনি থকা পানীয়, মিঠাই আৰু প্ৰক্ৰিয়াকৃত খাদ্য নিয়মীয়াকৈ খালে শৰীৰত প্ৰয়োজনতকৈ অধিক কেলৰি জমা হ’ব পাৰে। দীৰ্ঘদিন ধৰি এনে খাদ্যাভ্যাস চলি থাকিলে ওজন বৃদ্ধি পোৱাৰ লগতে বিপাকীয় সমস্যাৰ আশংকাও বাঢ়িব পাৰে।
অৱশ্যে, মাত্ৰ এটা বা দুটা খাদ্য বাদ দিলেই শৰীৰ সুস্থ হৈ থাকিব বুলি ভবা উচিত নহয়। শচীনৰ জীৱনশৈলীৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হৈছে নিয়মীয়া শাৰীৰিক ব্যায়াম। পেশীৰ শক্তি বৃদ্ধি কৰা ব্যায়াম, শৰীৰৰ নমনীয়তা বজাই ৰখাৰ অনুশীলন আৰু দৈনন্দিন জীৱনত সক্ৰিয় হৈ থকাৰ অভ্যাসে তেওঁক ফিট হৈ থকাত সহায় কৰে।
সচিনে ডাম্বেল স্কোৱাট, লেগ প্ৰেছ, কেবল ৰ’প পুলঅভাৰ, ষ্ট্ৰেচিং আৰু যোগাসনৰ দৰে ব্যায়াম কৰে। বয়স বঢ়াৰ লগে লগে শৰীৰৰ পেশীৰ শক্তি বজাই ৰখাটো অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। সেয়েহে কেৱল খোজ কঢ়া বা দৌৰাৰ পৰিৱৰ্তে শৰীৰৰ বিভিন্ন পেশী শক্তিশালী কৰি ৰখাৰ ব্যায়ামো দৈনন্দিন ৰুটিনত অন্তৰ্ভুক্ত কৰা উচিত।
কিন্তু শচীনৰ দৰে পেছাদাৰী ক্ৰীড়াবিদৰ ব্যায়ামৰ ৰুটিন সকলোৰে বাবে উপযুক্ত নহ’বও পাৰে। সেয়েহে নিজৰ বয়স, শাৰীৰিক সক্ষমতা আৰু স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ব্যায়াম বাছনি কৰাটোৱেই উত্তম। নিয়মীয়া ব্যায়াম, সুষম আহাৰ আৰু স্বাস্থ্যকৰ জীৱনশৈলীৰ সমন্বয়েই দীৰ্ঘদিন ধৰি সুস্থ আৰু সক্ৰিয় হৈ থকাৰ অন্যতম উপায়।





