বয়স ৫০ বছৰ অতিক্ৰম কৰাৰ লগে লগে একাংশ পুৰুষে ৰাতি ঘনাই প্ৰস্ৰাৱ কৰিবলগীয়া হোৱা আৰু প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল হোৱা আদি সমস্যাৰ সন্মুখীন হয়। বেছিভাগ ক্ষেত্ৰতে এই লক্ষণসমূহ ‘বিনাইন প্ৰষ্টেটিক হাইপাৰপ্লাছিয়া’ (বিপিএইচ) নামৰ এক সাধাৰণ সমস্যাৰ বাবে উদ্ভৱ হয়। বয়সৰ স্বাভাৱিক প্ৰভাৱ বুলি ভাবি বা লজ্জাবোধৰ কাৰণে বহু পুৰুষে এই সমস্যাটো গোপনে ৰাখে যদিও বিশেষজ্ঞসকলৰ মতে ইয়াক আওকাণ কৰিলে ভৱিষ্যতে গুৰুতৰ স্বাস্থ্যজনিত জটিলতাৰ সৃষ্টি হ’ব পাৰে।
প্ৰষ্টেট হৈছে মূত্ৰথলীৰ ঠিক তলতে প্ৰস্ৰাৱৰ নলীক আৱৰি থকা এটা সৰু গ্ৰন্থি। বয়স বৃদ্ধিৰ লগে লগে এই গ্ৰন্থিটোৰ আকাৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰে আৰু ই মূত্ৰনলীত হেঁচা প্ৰয়োগ কৰাৰ ফলত প্ৰস্ৰাৱ নিৰ্গত হোৱাত বাধাৰ সৃষ্টি হয়, যাক চিকিৎসা বিজ্ঞানৰ ভাষাত বিপিএইচ বুলি কোৱা হয়। এই ৰোগৰ প্ৰধান লক্ষণসমূহৰ ভিতৰত প্ৰস্ৰাৱৰ বেগ ধৰি ৰাখিব নোৱৰা অৱস্থা, প্ৰস্ৰাৱ আৰম্ভ হোৱাত পলম হোৱা, প্ৰস্ৰাৱৰ ধাৰা দুৰ্বল বা ৰৈ ৰৈ অহা আৰু ৰাতি ঘনাই প্ৰস্ৰাৱ কৰিবলৈ উঠিবলগীয়া হোৱা আদি উল্লেখযোগ্য। ইয়াৰ উপৰিও প্ৰস্ৰাৱ কৰাৰ পাছতো মূত্ৰথলী খালী নোহোৱা যেন লগা আৰু শেষৰ ফালে টোপাল টোপালকৈ প্ৰস্ৰাৱ নিৰ্গত হোৱাটোও এই সমস্যাৰ সাধাৰণ লক্ষণ।
প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হোৱা মানেই কেন্সাৰ বা কৰ্কট ৰোগ নহয়। কিন্তু প্ৰাথমিক পৰ্যায়ৰ প্ৰষ্টেট কেন্সাৰৰ লক্ষণসমূহো বিপিএইচৰ দৰেই হোৱা বাবে ৰোগীয়ে নিজে নিজে সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো বাঞ্ছনীয়। বিপিএইচৰ ফলত মূত্ৰথলীত প্ৰস্ৰাৱ জমা হৈ থকাৰ ফলত সঘনাই মূত্ৰনলীৰ সংক্ৰমণ, মূত্ৰথলীত পাথৰ হোৱা আৰু লাহে লাহে কিডনীৰো ব্যাপক ক্ষতিসাধন হ’ব পাৰে। ৰোগ নিৰ্ণয়ৰ বাবে চিকিৎসকে সাধাৰণতে পিএছএ নামৰ এবিধ তেজৰ পৰীক্ষা কৰায়। তেজত পিএছএৰ মাত্ৰা বৃদ্ধি পালেই সেয়া কেন্সাৰ বুলি ধাৰণা কৰাটো ভুল, কাৰণ প্ৰষ্টেটৰ আকাৰ বৃদ্ধি পালে বা ইয়াৰ সংক্ৰমণ হ’লেও এই মাত্ৰা বৃদ্ধি পাব পাৰে।
বৰ্তমান সময়ত বিপিএইচৰ ফলপ্ৰসূ চিকিৎসা উপলব্ধ আছে, যাৰ ভিতৰত ঔষধৰ পৰা আৰম্ভ কৰি প্ৰয়োজনসাপেক্ষে অত্যাধুনিক পদ্ধতি অন্তৰ্ভুক্ত কৰা হয়। এই লক্ষণসমূহ দেখা দিলে ৰোগীয়ে পলম নকৰি এগৰাকী ইউৰোলজীষ্টৰ কাষ চপা উচিত। আনহাতে, যদিহে প্ৰস্ৰাৱ একেবাৰে বন্ধ হৈ যায়, তলপেটত তীব্ৰ বিষ আৰু চাপ অনুভৱ হয়, প্ৰস্ৰাৱৰ সৈতে তেজ ওলায় বা জ্বৰ আৰু কঁপনিৰ লগতে প্ৰস্ৰাৱত জ্বলা-পোৰা কৰে, তেন্তে ইয়াক জৰুৰীকালীন অৱস্থা হিচাপে গণ্য কৰি তাৎক্ষণিকভাৱে চিকিৎসা গ্ৰহণ কৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে।





