• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত ব্যাপক ধন বিনিয়োগ কৰি খৰচ কৰ্তনৰ দিশে অগ্ৰসৰ হোৱা প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰ'ছফ্টে ভাৰত, আমেৰিকা, ব্ৰিটেইন আৰু কানাডাত কৰ্মৰত প্ৰায় ৬০ হাজাৰ কৰ্মচাৰীক সামৰি এক স্বেচ্ছামূলক অৱসৰ আঁচনি বা 'ভলেন্টাৰী এক্সিট অফাৰ' ঘোষণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 28, 2026 1:05 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

খৰচ নিয়ন্ত্ৰণৰ লগতে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত বিনিয়োগ বৃদ্ধি কৰাৰ স্বাৰ্থত আমেৰিকান বহুজাতিক প্ৰযুক্তি প্ৰতিষ্ঠান মাইক্ৰ’ছফ্টে সমগ্ৰ বিশ্বৰ প্ৰায় ৬০ হাজাৰ কৰ্মচাৰীক সামৰি এক স্বেচ্ছামূলক অৱসৰ আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰিটেইন আৰু কানাডাত নিৰ্দিষ্ট বিভাগসমূহত কৰ্মৰত ৭০ আৰু তাতকৈ তলৰ পৰ্যায়ৰ কৰ্মচাৰীসকলক আৰ্থিক সাহায্য আৰু কেৰিয়াৰ পৰিকল্পনাৰ সুবিধাৰে প্ৰতিষ্ঠানটোৰ পৰা বিদায় লোৱাৰ সুযোগ প্ৰদান কৰা হৈছে। অৱশ্যে, ডাটা চেন্টাৰ, বিক্ৰী আৰু বিপণনৰ দৰে কেইটামান নিৰ্দিষ্ট বিভাগত কৰ্মৰত কৰ্মচাৰীসকলক এই আঁচনিৰ পৰা বাহিৰত ৰখা হৈছে।

 

Apply Now

মাইক্ৰ’ছফ্টৰ মানৱ সম্পদ বিভাগৰ মুখ্য বিষয়া এমি ক’লমেনে এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি, এই আঁচনিয়ে প্ৰতিষ্ঠানটোৰ বাহিৰত নিজৰ ভৱিষ্যত গঢ়িব বিচৰা কৰ্মচাৰীসকলক এক নতুন সুযোগ প্ৰদান কৰিব আৰু সমান্তৰালভাৱে অংশগ্ৰহণকাৰী বিভাগসমূহকো নিজৰ প্ৰয়োজনীয়তা অনুসৰি কৰ্মশক্তি সলনি কৰাত সহায় কৰিব। এই স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে চাকৰিৰ প্ৰতিটো সম্পূৰ্ণ বছৰৰ বাবে এমাহৰ মূল দৰমহাৰ লগতে স্বাস্থ্য বীমা আৰু কেৰিয়াৰ পৰিৱৰ্তনৰ সহায় লাভ কৰিব। উল্লেখযোগ্য যে চলিত বৰ্ষত মাইক্ৰ’ছফ্টে কৰ্মচাৰীসকলক আগবঢ়োৱা এইটো হৈছে দ্বিতীয়টো স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ। ইয়াৰ পূৰ্বে এপ্ৰিল মাহত আমেৰিকাত প্ৰতিষ্ঠানটোৰ প্ৰায় সাত শতাংশ কৰ্মচাৰীক আগতীয়া অৱসৰৰ বিকল্প দিয়া হৈছিল, যাৰ প্ৰায় ৩০ শতাংশই এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

 

ভাৰতত কৰ্মৰত মাইক্ৰ’ছফ্টৰ প্ৰায় ২৩ হাজাৰ কৰ্মচাৰীৰ মাজৰ কিমানগৰাকী কৰ্মচাৰী এই আঁচনিৰ বাবে যোগ্য বিবেচিত হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। যোগ্য বিবেচিত কৰ্মচাৰীসকলে এই প্ৰস্তাৱ গ্ৰহণ কৰাৰ সন্দৰ্ভত অহা ১ ডিচেম্বৰৰ ভিতৰত নিজৰ সিদ্ধান্ত জনাব লাগিব। অৱশ্যে, এই আঁচনিয়ে মাইক্ৰ’ছফ্টৰ ভাৰতীয় পৰিকল্পনাত কোনো প্ৰভাৱ পেলাব নোৱাৰে বুলি প্ৰতিষ্ঠানটোৱে স্পষ্ট কৰিছে। প্ৰতিষ্ঠানটোৰ মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ২০২৫-২০২৯ বৰ্ষৰ ভিতৰত ক্লাউড আৰু এআই আন্তঃগাঁথনিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ২০.৫ বিলিয়ন ডলাৰৰ বিনিয়োগ পূৰ্বৰ দৰেই অব্যাহত থাকিব আৰু ২০৩০ চনৰ ভিতৰত ২ কোটি ভাৰতীয়ক এআইৰ প্ৰশিক্ষণ দিয়াৰ লক্ষ্যত উপনীত হ’ব।

 

আমেৰিকাত বিদেশী শ্ৰমিক নিয়োগ আৰু ভিছা সম্পৰ্কীয় নীতি-নিয়মৰ তদাৰক বৃদ্ধি পোৱাৰ সময়তে মাইক্ৰ’ছফ্টৰ এই স্বেচ্ছামূলক অৱসৰ আঁচনিৰ ঘোষণাই বিশেষ তাৎপৰ্য বহন কৰিছে। অৱশ্যে প্ৰতিষ্ঠানটোৱে ইয়াৰ ভিছা নীতিক সমৰ্থন কৰি স্পষ্ট কৰি দিছে যে তেওঁলোকৰ বেছিভাগ কৰ্মচাৰীয়েই হৈছে আমেৰিকান নাগৰিক আৰু যোৱা বিত্তীয় বৰ্ষত দাখিল কৰা প্ৰায় ৬ হাজাৰ এইচ-১বি ভিছাৰ আবেদনৰ ৮০ শতাংশই বৰ্তমানৰ কৰ্মচাৰীৰ ভিছাৰ ম্যাদ বৃদ্ধিৰ সৈতেহে জড়িত। ইয়াৰ পূৰ্বে জুলাই মাহত বাৰ্ষিক পুনৰ্গঠনৰ অংশ হিচাপে প্ৰতিষ্ঠানটোৱে প্ৰায় ৪,৮০০ টা পদ বিলুপ্ত কৰাৰ লগতে যোৱা এবছৰত ৪ হাজাৰৰো অধিক কৰ্মচাৰীক নতুন পদত সংস্থাপিত কৰিছিল। মাইক্ৰ’ছফ্টৰ এই শেহতীয়া স্বেচ্ছামূলক অৱসৰ আঁচনিয়ে ভৱিষ্যতৰ কৰ্মসংস্কৃতি আৰু প্ৰযুক্তি খণ্ডৰ নিয়োগৰ স্থায়িত্বক লৈ নতুন প্ৰশ্নৰ অৱতাৰণা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm
ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’!  বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

অন্ধ্ৰৰ উপকূলত প্ৰচণ্ড ৰূপত ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’! বাতিল শতাধিক ৰে’ল, ব্যাহত বিমান সেৱা

October 28, 2026 9:25 am
জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

জলবায়ু পৰিৱৰ্তনৰ ভয়াবহ প্ৰভাৱ! গৰমৰ ফলত ৮ বছৰত বিশ্বজুৰি প্ৰায় ৩০ লাখ লোকৰ অকাল মৃত্যু

October 28, 2026 8:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

প্ৰযুক্তি খণ্ডত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ নেকি? বিশ্বজুৰি ৬০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰৰ প্ৰস্তাৱ মাইক্ৰ’ছফ্টৰ

October 28, 2026 1:05 pm
ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

ইণ্টাৰনেট জগতলৈ বৃহৎ ভাবুকি! পিএইচপিৰ সুৰক্ষা ত্ৰুটিৰ বাবে হেকিঙৰ আশংকাত বিশ্বৰ ৭০ শতাংশ ৱেবছাইট

October 28, 2026 11:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd