অসমৰ বন বিভাগত অব্যাহত আছে বদলিৰ প্ৰক্ৰিয়া। বিভাগটোৰ বিভিন্ন শ্ৰেণীৰ ২ হাজাৰতকৈ অধিক বিষয়া-কৰ্মচাৰীক অনলাইন প’ৰ্টেলৰ জৰিয়তে বদলি কৰাৰ দুদিনৰ পাছতে এইবাৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলৰ ক্ষেত্ৰতো ব্যাপক ৰদ-বদল কৰা হৈছে। শেহতীয়া চৰকাৰী নিৰ্দেশনা অনুসৰি, কেইবাগৰাকীও বন সংমণ্ডল বিষয়াক নতুন দায়িত্ব অৰ্পণ কৰাৰ লগতে বিভিন্ন স্থানলৈ বদলি কৰা হৈছে।
নিৰ্দেশনা অনুসৰি, গোৱালপাৰা বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া তেজছ মৰিস্বামীক যোৰহাটস্থিত পূব অসম বন চক্ৰৰ উপ-বন সংৰক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে, নগাঁও বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া কদম সুহাস তাৰাচন্দক মানস ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ উপ-সঞ্চালক হিচাপে দায়িত্ব দিয়া হৈছে। পূৰ্বে এই দায়িত্বত থকা টি. শেষাধৰ ৰেড্ডীক গোৱালপাৰা বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।
ইফালে, কামৰূপ পশ্চিম বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া সুবোধ তালুকদাৰক পি চি চি এফ আৰু এইচ অ’ এফ এফ, অসমৰ অধীনত পৰিকল্পনা বিষয়া–II হিচাপে বদলি কৰা হৈছে। কামৰূপ পূব বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া অশোক দেৱ চৌধুৰীক কামৰূপ পশ্চিম বন সংমণ্ডলৰ নতুন বন সংমণ্ডল বিষয়া হিচাপে দায়িত্ব দিয়া হৈছে।
একেদৰে, শোণিতপুৰ পশ্চিম বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়া বিশ্বজ্যোতি দাসক অস্থায়ীভাৱে নগাঁও বন সংমণ্ডলৰ বন সংমণ্ডল বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে।
বিভাগটোৰ বিভিন্ন স্তৰত ধাৰাবাহিকভাৱে চলি থকা এই বদলিৰ ফলত বন বিভাগৰ প্ৰশাসনিক দায়িত্ব আৰু কৰ্তব্যৰ ক্ষেত্ৰতো পৰিৱৰ্তন আহিব বুলি আশা কৰা হৈছে।





