কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰাৰ সময়তে পুনৰ কৰ্মী ছাঁটাইৰ সিদ্ধান্ত লৈছে আমাজনে। প্ৰতিবেদন অনুসৰি, বুধবাৰে সংস্থাটোৰ যন্ত্ৰ-সঁজুলি বিভাগৰ প্ৰায় ২৫০ গৰাকী কৰ্মীক চাকৰিৰ পৰা আঁতৰোৱা হৈছে। মূলতঃ ছফটৱেৰ নিৰ্মাণৰ কামত জড়িত কৰ্মীসকল এই সিদ্ধান্তৰ প্ৰভাৱত পৰিছে। আমাজনৰ কিণ্ডল ই-ৰিডাৰ আৰু ইকো স্মাৰ্ট স্পীকাৰৰ দৰে জনপ্ৰিয় সামগ্ৰীৰ দায়িত্ব এই বিভাগৰ হাতত আছে।
সংবাদ সংস্থাৰ প্ৰতিবেদন অনুসৰি, বুধবাৰে পুৱতি নিশাই ই-মেইল আৰু বাৰ্তাৰ জৰিয়তে কৰ্মীসকলক চাকৰি হেৰুওৱাৰ কথা জনোৱা হয়। আমাজনৰ উপ-সভাপতি শ্বেৰী ৰবিনছনে ই-মেইলযোগে জানিবলৈ দিয়ে যে সংস্থাটোৰ কৰ্মপদ্ধতি আৰু গাঁথনি পুনৰীক্ষণ কৰাৰ পাছতে এই সিদ্ধান্ত লোৱা হৈছে। অৱশ্যে, কিমানগৰাকী কৰ্মীৰ চাকৰি কৰ্তন কৰা হৈছে, সেই বিষয়ে আমাজনে আনুষ্ঠানিকভাৱে স্পষ্ট কৰা নাই।
সংস্থাটোৰ এগৰাকী মুখপাত্ৰই জানিবলৈ দিয়া মতে, কামৰ দক্ষতা বৃদ্ধি কৰা আৰু ভৱিষ্যতৰ সামগ্ৰী নিৰ্মাণৰ পৰিকল্পনাৰ সৈতে কৰ্মীসকলৰ দায়িত্বৰ সামঞ্জস্য ৰখাৰ বাবেই কিছুমান পদ উঠাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে।
উল্লেখযোগ্য যে কৰ্মী ছাঁটাইৰ মাত্ৰ এদিন পূৰ্বেই ছফটৱেৰ নিৰ্মাণৰ ক্ষেত্ৰত এআইৰ ভূমিকা সন্দৰ্ভত কৰ্মীসকললৈ এক বাৰ্তা প্ৰকাশ কৰিছিল আমাজনে। তাত প্ৰযুক্তিৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই লোৱাৰ লগতে এআই ব্যৱহাৰৰ দক্ষতা বৃদ্ধি কৰিবলৈ কৰ্মীসকলক পৰামৰ্শ দিয়া হৈছিল। অন্যথা ভৱিষ্যতে প্ৰতিযোগিতাত পিছ পৰি যোৱাৰ আশংকাও প্ৰকাশ কৰা হৈছিল।
এফালে এআইৰ ব্যৱহাৰ আৰু উন্নয়নৰ বাবে বৃহৎ বিনিয়োগ, আনফালে কৰ্মী ছাঁটাই। আমাজনৰ শেহতীয়া সিদ্ধান্তই প্ৰযুক্তি উদ্যোগত কৰ্মসংস্থাপনৰ ভৱিষ্যতক লৈ পুনৰ প্ৰশ্নৰ সৃষ্টি কৰিছে। এআইৰ প্ৰসাৰে কামৰ ধৰণ সলনি কৰাৰ সমান্তৰালকৈ কৰ্মীসকলৰ চাকৰিৰ সুৰক্ষাও যে চিন্তাৰ বিষয় হৈ পৰিছে, এই ঘটনাই তাকেই স্পষ্ট কৰিছে।
আমাজনত এইবাৰৰ কৰ্মী ছাঁটাই কোনো বিচ্ছিন্ন ঘটনা নহয়। চলিত মাহৰ আৰম্ভণিতে সংস্থাটোৰ খুচুৰা ব্যৱসায় বিভাগৰ প্ৰায় ১,০০০টা পদ উঠাই দিয়াৰ খবৰ প্ৰকাশ পাইছিল। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ জানুৱাৰীত ১৬,০০০ কৰ্মী ছাঁটাইৰ কথা ঘোষণা কৰিছিল সংস্থাটোৱে। তাৰো আগতে ২০২৫ চনৰ অক্টোবৰত প্ৰায় ১৪,০০০ কৰ্মীয়ে চাকৰি হেৰুৱাইছিল।
কিন্তু কৰ্মী সংখ্যা হ্ৰাস কৰাৰ সমান্তৰালকৈ এআইৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰত বৃহৎ পৰিমাণৰ ধন ব্যয় কৰিছে আমাজনে। অনুমান অনুসৰি, ২০২৬ চনত এই ক্ষেত্ৰত সংস্থাটোৰ বিনিয়োগ ২২০ বিলিয়ন মাৰ্কিন ডলাৰ পৰ্যন্ত হ’ব পাৰে।
ইয়াৰ মাজতে বুধবাৰে এলেক্সা-চালিত পাঁচবিধ নতুন যন্ত্ৰ-সঁজুলিৰ কথা ঘোষণা কৰিছে আমাজনে। এইসমূহৰ ভিতৰত আছে নতুন ইকো শ্ব’ ১৬ স্মাৰ্ট ডিছপ্লে, এলেক্সা ফটো ফ্ৰেম আৰু ইকো টাইম নামৰ শোৱা কোঠাত ব্যৱহাৰ কৰিব পৰা ঘড়ী। এআই আৰু নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত সংস্থাটোৰ সম্প্ৰসাৰণৰ পৰিকল্পনা অব্যাহত থকাৰ সময়তে কৰ্মী ছাঁটাইৰ ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে।
কেৱল আমাজনেই নহয়, বিশ্বৰ বিভিন্ন প্ৰযুক্তি প্ৰতিষ্ঠানতো কৰ্মী ছাঁটাই অব্যাহত আছে। Layoffs.fyi-ৰ তথ্য অনুসৰি, ২০২৬ চনত এতিয়ালৈকে প্ৰযুক্তি উদ্যোগৰ ১ লাখ ৩৫ হাজাৰতকৈ অধিক কৰ্মীয়ে চাকৰি হেৰুৱাইছে।
ড্ৰপবক্সে নিজৰ বিশ্বজোৰা কৰ্মীবাহিনীৰ ৯ শতাংশ হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে। আনহাতে, মাইক্ৰ’ছফ্টে প্ৰায় ৬০ হাজাৰ কৰ্মীক স্বেচ্ছাই অৱসৰ গ্ৰহণৰ সুযোগ দিছে।
এআইৰ উন্নয়ন আৰু ব্যৱহাৰৰ বাবে প্ৰযুক্তি প্ৰতিষ্ঠানসমূহে বিনিয়োগ বৃদ্ধি কৰাৰ সময়তে কৰ্মী ছাঁটাইৰ এনে ধাৰাই উদ্যোগটোৰ ভৱিষ্যতক লৈ উদ্বেগ বঢ়াইছে। নতুন প্ৰযুক্তিয়ে কামৰ গতি আৰু দক্ষতা বৃদ্ধি কৰিলেও ইয়াৰ ফলত কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কেনে পৰিৱৰ্তন আহিব, সেয়া এতিয়া বিশ্বজুৰি চৰ্চাৰ বিষয় হৈ পৰিছে।





