জনপ্ৰিয় ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ফেচবুক আৰু ইনষ্টাগ্ৰামৰ মূল প্ৰতিষ্ঠান মেটা বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত এক নতুন আইনী সংকটৰ সন্মুখীন হৈছে। কমবয়সীয়া ব্যৱহাৰকাৰীসকলক ছ’চিয়েল মিডিয়াৰ প্ৰতি আসক্ত কৰি তোলাৰ উদ্দেশ্যে প্লেটফৰ্মসমূহৰ আৰ্হি প্ৰস্তুত কৰাৰ গুৰুতৰ অভিযোগত মেটা আৰু স্নেপচাটৰ মূল প্ৰতিষ্ঠান স্নেপৰ বিৰুদ্ধে লছ এঞ্জেলছৰ আদালতত এক নতুন গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। অত্যধিক ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ফলত মানসিক স্বাস্থ্যৰ গুৰুতৰ অৱনতি ঘটা বুলি দাবী কৰা দুগৰাকী যুৱতীয়ে এই গোচৰ ৰুজু কৰিছে আৰু এই গোচৰৰ ৰায়ে ভৱিষ্যতে ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে থকা হাজাৰ হাজাৰ অনুৰূপ গোচৰৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।
সংবাদ সংস্থা ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি, আদালতৰ নথিত এছ.জে. নামৰ ইলিনয়ছৰ এগৰাকী ১৬ বছৰীয়া কিশোৰী আৰু কে.ডি.বি. নামৰ মিছিচিপিৰ এগৰাকী ১৮ বছৰীয়া যুৱতীক এই গোচৰৰ অভিযোগকাৰী হিচাপে চিনাক্ত কৰা হৈছে। মাত্ৰ ৩-৪ বছৰ বয়সৰ পৰাই ইউটিউব আৰু ৯ বছৰ বয়সৰ পৰা আন সামাজিক মাধ্যমসমূহ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা এই দুয়োগৰাকী অভিযোগকাৰীৰ দাবী অনুসৰি, প্লেটফৰ্মসমূহত উপলব্ধ ‘ইনডলেছ স্ক্ৰলিং’ (infinite scrolling), ‘অট’প্লে’ (autoplay) আৰু ‘স্নেপচাট ষ্ট্ৰীক’ৰ (Snapchat streaks) দৰে বিশেষত্বসমূহে ব্যৱহাৰকাৰীসকলক একপ্ৰকাৰে মোবাইলৰ স্ক্ৰীণত আৱদ্ধ হৈ থাকিবলৈ বাধ্য কৰায়। এনে আসক্তিৰ ফলশ্ৰুতিতেই তেওঁলোক বৰ্তমান হতাশা (depression), উৎকণ্ঠা (anxiety) আৰু খাদ্যাভ্যাসৰ বিকাৰৰ (eating disorders) দৰে গুৰুতৰ মানসিক স্বাস্থ্যজনিত সমস্যাৰ বলি হ’বলগীয়া হৈছে। উল্লেখযোগ্য যে প্ৰথম অৱস্থাত এই গোচৰত ইউটিউব আৰু টিকটকৰ নামো সাঙোৰ খাইছিল যদিও বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই প্ৰতিষ্ঠান দুয়োটাই অভিযোগকাৰীৰ সৈতে এক বুজাবুজিত উপনীত হয়। শেহতীয়া স্থিতি অনুসৰি, ইলিনয়ছৰ কিশোৰীগৰাকীয়ে মেটাৰ সৈতে ইতিমধ্যে আপোচ-মীমাংসা কৰিছে যদিও মিছিচিপিৰ যুৱতীগৰাকীয়ে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে নিজৰ আইনী যুঁজ অব্যাহত ৰাখিছে। ইয়াৰ সমান্তৰালভাৱে, দুয়োগৰাকী অভিযোগকাৰীয়ে স্নেপৰ বিৰুদ্ধেও আইনী প্ৰক্ৰিয়া চলাই নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি প্ৰতিষ্ঠানসমূহৰ পৰা উপযুক্ত আৰ্থিক ক্ষতিপূৰণ দাবী কৰিছে।
অৱশ্যে মেটা আৰু স্নেপ দুয়োটা প্ৰতিষ্ঠানে এই অভিযোগসমূহ খণ্ডন কৰিছে। মেটাৰ দাবী অনুসৰি, এগৰাকী কমবয়সীয়া লোকৰ মানসিক স্বাস্থ্য বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে আৰু বিগত এক দশকত তেওঁলোকে নিজৰ প্লেটফৰ্মসমূহত একাধিক নিৰাপত্তামূলক ব্যৱস্থা সংযোজন কৰিছে। অনুৰূপ ধৰণে স্নেপেও পৰম্পৰাগত ছ’চিয়েল মিডিয়াতকৈ স্নেপচাটৰ কাৰ্যপ্ৰণালী পৃথক বুলি যুক্তি দৰ্শাই ব্যৱহাৰকাৰীৰ বাবে সুৰক্ষা ব্যৱস্থা থকাৰ কথা উল্লেখ কৰিছে। অনাগত কেইবা সপ্তাহ ধৰি চলিবলগীয়া এই বিচাৰ প্ৰক্ৰিয়াত মেটাৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গ, ইনষ্টাগ্ৰামৰ মুৰব্বী আডাম মোছেৰী আৰু স্নেপৰ মুখ্য কাৰ্যবাহী বিষয়া ইভান স্পিগেল উপস্থিত থাকি সাক্ষ্য প্ৰদান কৰাৰ সম্ভাৱনা আছে।
ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানসমূহে ইচ্ছাকৃতভাৱে ব্যৱহাৰকাৰীক আসক্ত কৰিবলৈ প্লেটফৰ্মৰ আৰ্হি প্ৰস্তুত কৰা বুলি অভিযোগ তুলি ব্যক্তিগত অভিযোগকাৰীয়ে ৰুজু কৰা এইটো হৈছে দ্বিতীয়টো ডাঙৰ গোচৰ। ইয়াৰ পূৰ্বে যোৱা মাৰ্চ মাহত অনুৰূপ এক গোচৰত আদালতে মেটা আৰু ইউটিউবক দোষী সাব্যস্ত কৰি ৬ মিলিয়ন ডলাৰৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছিল। বৰ্তমান লছ এঞ্জেলছৰ আদালতত এনেধৰণৰ ৩,০০০ ৰো অধিক গোচৰ একত্ৰিত কৰা হৈছে। সেয়েহে, শিশু আৰু কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্যৰ ক্ষতিসাধন কৰাৰ অভিযোগত চলি থকা এই শেহতীয়া গোচৰটোৰ ৰায়ে ভৱিষ্যতে ছ’চিয়েল মিডিয়া প্ৰতিষ্ঠানসমূহৰ আইনী আৰু পৰিচালনাগত দিশত ব্যাপক প্ৰভাৱ পেলোৱাটো নিশ্চিত বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।





